Wednesday, October 5, 2022
HomeNewsফেয়াৰৱেল টীম বনাম বিৰাট বাহিনী

ফেয়াৰৱেল টীম বনাম বিৰাট বাহিনী

তুষাৰ প্ৰতিম

এনেকুৱা এখন মেচৰ কল্পনা বাৰু কোনোবাই কৰিছেনে য’ত এফালে থাকিব বৰ্তমানৰ টীম বিৰাট কোহলি আৰু বিপক্ষত ধোনি, জাহিৰ খান, বীৰেন্দ্ৰ সেহৱাগ, গৌতম গম্ভীৰ, ৰাহুল দ্ৰাবিড় যুৱৰাজ সিং, সুৰেশ ৰাইনা। হয় সকলো ঠিকেই থাকিলে এনেকুৱা এখন মেচেই অনুষ্ঠিত হ’বলৈ আগবাঢ়িছে। এই মেচ হ’ব চেৰিটি কাম ফেয়াৰৱেল।

ভাৰতৰ প্ৰাক্তন তাৰকা বলাৰ ইৰফান পাঠানে নিজৰ ইনষ্টাগ্ৰামত এই বিষয়ে উল্লেখ কৰিছে।

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা বিদায় লোৱা মহেন্দ্ৰ সিং ধোনিয়ে কোনোধৰণৰ আন্তঃৰাষ্ট্ৰীয় মেচত অংশ নোলোৱাকৈ বিদায় ল’বলগীয়া হোৱাত বহুতেই ক্ষোভ আৰু দুখ প্ৰকাশ কৰাৰ বিপৰীতে ইৰফান পাঠানে আগবঢ়াইছে এক বিশেষ প্ৰস্তাৱ। তেওঁৰ মতে ধোনিৰ লগতে আন বহু এনে ক্ৰিকেটাৰ আছে যাৰ বিদায় মেচ অনুষ্ঠিত নহ’ল বা তেনেধৰণৰ সুযোগ লাভ নকৰিলে। তেওঁলোকৰ বাবে অনুষ্ঠিত হ‌ওক এখন চেৰিটি কাম ফেয়াৰৱেল মেচ। এই মেচৰ বাবে ইৰফান পাঠানে ইতিমধ্যে তেওঁৰ দল চূড়ান্ত কৰি প্ৰস্তাৱ আগবঢ়াইছে। ইৰফান পাঠানৰ এই দলত আছে সদ্য অৱসৰ গ্ৰহণ কৰা মহেন্দ্ৰ সিং ধোনি, সুৰেশ ৰাইনা, যুৱৰাজ সিং, গৌতম গম্ভীৰ, বীৰেন্দ্ৰ সেহৱাগ, ৰাহুল দ্ৰাবিড়, ভি ভি এছ লক্ষণ, অজিত আগাৰকাৰ আৰু প্ৰজ্ঞান ওজা আৰু জাহিৰ খান।

ইৰফান পাঠানৰ এই দলটোলৈ লক্ষ্য কৰিলে দেখা যায় যে সকলো ক্ৰিকেটাৰেই ফিটনেছ ৰক্ষা কৰি ৰাখিছে আৰু খেল পথাৰত পূৰ্বৰ পৰাক্ৰম অটুট ৰাখিবলৈ সক্ষম।

এতিয়া কেৱল এই মেচ চূড়ান্ত হোৱালৈ অপেক্ষা। বি চি চি আইলৈ এই প্ৰস্তাৱ আগবঢ়াই ইৰফান পাঠানে আকৌ কৈছে যে এই মেচ অনুষ্ঠিত হ’লে ষ্টেডিয়াম দৰ্শকেৰে ভৰি থকাৰ উপৰিও টেলিভিছনৰ সন্মুখৰ পৰা দৰ্শক আতৰি নাযাব, টি আৰ পি অস্বাভাৱিকভাৱে বৃদ্ধি পাব।

যদি ইৰফান পাঠানৰ এই প্ৰস্তাৱ বি চি চি আইয়ে গ্ৰহণ কৰে তেনে নিশ্চতভাৱে বিশ্বৰ ক্ৰিকেট অনুৰাগীসকলে এক স্মৰণীয় মুহূৰ্তৰ সন্মুখীন হ’ব।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

fifteen − 10 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments