অলিম্পিয়াৰ প্ৰতিবেদন
আকৰ্ষণীয় হৈ উঠিছে ফ্ৰেন্স অপেন । চাৰিটাকৈ গ্ৰেণ্ডশ্লেম জয় কৰা নাওমি ওচাকা আৰু ডিফেণ্ডিং চেম্পিয়ন বাৰবোৰা ক্ৰেজিকোভা প্ৰতিযোগিতাৰ প্ৰথম ৰাউণ্ডতে পৰাস্ত হৈ টুৰ্ণামেণ্টৰ পৰা বাহিৰ হৈছে । বছৰটোৰ দ্বিতীয় গ্ৰেণ্ডশ্লেম ফ্ৰে়ন্স অপেনত এয়া বৃহৎ অঘটন হিচাপে বিবেচিত হৈছে ।
আনহাতে, নভাক জকোভিচ, ৰাফেল নাদাল, এমা ৰাডুকানু, ইগা চুইটেক দ্বিতীয় ৰাউণ্ডত উপনীত হৈছে । নাওমি ওচাকা আৰু বাৰবোৰাৰ উপৰি ষ্টেন ৱাৰিংকাও প্ৰথম ৰাউণ্ডত পৰাজিত হৈছে।
নভাক জকোভিচ আৰু ৰাফেল নাদালে প্ৰতিযোগিতাখনত তেওঁলোকৰ নিজ নিজ মেচ জয় কৰি দ্বিতীয় ৰাউণ্ডলৈ আগবাঢ়িছে । জকোভিচে জাপানৰ ইয়োশিহিতো নিশিওকাক ৬-৩, ৬-১, ৬-০ পোনপটীয়া ছেটত পৰাস্ত কৰিছে ।
আনহাতে নাদালে জৰ্ডান থম্পুছক ৬-২, ৬-২, ৬-২ ব্যৱধানত পোনপটীয়া ছেটত পৰাস্ত কৰে । নাদাল আৰু জকোভিচ দুয়োগৰাকী তাৰকা খেলুৱৈ একেটা গোটতে আছে । কোৱাৰ্টাৰ ফাইনেলৰ পূৰ্বে জকোভিছ আৰু নাদাল ইজনে সিজনৰ বিৰুদ্ধে কৰ্টত নামিব ।
নভাক জকোভিচ ডিফেণ্ডিং চেম্পিয়ন । তেওঁ দুবাৰকৈ ফ্ৰেন্স অপেন জিকিছে । আনহাতে নাদালে মুঠ ১৩ বাৰ ফ্ৰেন্স অপেনৰ খিতাপ জয় কৰিছে । এক কথাত ফ্ৰেন্স অপেনৰ সম্ৰাট ৰাফেল নাদাল । নাদালৰ নামত আছে মুঠ ২১ টা গ্ৰেণ্ডশ্লেম । আনহাতে জকোভিচৰ নামত আছে ২০ টাকৈ গ্ৰেণ্ডশ্লেম ।
নাদালে এই পৰ্যন্ত গ্ৰেণ্ডশ্লেমত মুঠ ২৯৯ খন মেচ জয় কৰিছে । ৩০০ ৰ ঘৰ স্পৰ্শ কৰিবলৈ মাত্ৰ এখন মেচহে বাকী । তেওঁ ফ্ৰেন্স অপেনৰ প্ৰথম ৰাউণ্ডত জৰ্ডান থম্পুছক পৰাস্ত কৰি ২৯৯ তম বিজয় পঞ্জীয়ন কৰিছে । ইফালে গ্ৰেণ্ডশ্লেমত ৩০০ বিজয় সাব্যস্ত কৰাৰ তালিকাত ৰজাৰ ফেডাৰাৰ আৰু নভাক জকোভিচ নাডালতকৈ আগবাঢ়ি আছে ।
ফেডাৰেৰে সৰ্বাধিক ৩৬৯ খন মেচ জয় কৰি প্ৰথম স্থানত থকাৰ বিপৰীতে নোভাক জকোভিচ দ্বিতীয় নম্বৰত আছে । তেওঁ ৩২৩ খন মেচ জয় কৰিছে ।
ফ্ৰেন্স অপেনৰ প্ৰথম ৰাউণ্ডত চেক গণৰাজ্যৰ মহিলা ছিংগলছৰ ডিফেণ্ডিং চেম্পিয়ন বাৰবোৰা ক্ৰেজিকোভা প্ৰথম ৰাউণ্ডত ফ্ৰান্সৰ ডায়েন পেৰীৰ হাতত ১-৬, ৬-২, ৬-৩ ব্যৱধানত পৰাজিত হয় । বাৰবোৰাই আঘাতৰ পৰা মুক্ত হৈ আহি প্ৰথম ছেটটো ডায়েন পেৰীৰ বিৰুদ্ধে ৬-১ ছেটত জয়লাভ কৰে ।
বাৰবোৰা ফেব্ৰুৱাৰীত আঘাতপ্ৰাপ্ত হৈছিল। প্ৰথম ছেটত বিজয় সব্যস্ত কৰাৰ পিছত, বাৰবোৰা দ্বিতীয় আৰু তৃতীয় ছেটত পৰাজিত হয় । দ্বিতীয় ছেটত পেৰীয়ে প্ৰত্যাৱৰ্তন কৰি বাৰবোৰাক অনায়াসে পৰাস্ত কৰে । তাৰ পিছত, তৃতীয় ছেটত, পেৰীয়ে বাৰবোৰাক প্ৰত্যাৱৰ্তন কৰাৰ সুযোগ নিদিলে আৰু ৬-৩ ত জয় হৈ বাৰবোৰাক বাহিৰৰ পথ দেখুৱায় ।
ইফালে মহিলাৰ ছিংগলছত, আমেৰিকান আমাণ্ডা আনিচিমোভাই চাৰিবাৰৰ গ্ৰেণ্ড শ্লেম বিজয়ী নাওমি ওচাকাক পৰাস্ত কৰিছে । আমাণ্ডাই ওচাকাক ৭-৫, ৬-৪ ব্যৱধানত পৰাস্ত কৰি প্ৰতিযোগিতাৰ পৰা বাহিৰ হ’বলৈ বাধ্য কৰে ।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ২০ বছৰীয়া আমাণ্ডাই ২০১৯ চনত ফ্ৰেন্স অপেনৰ ছেমি ফাইনেলত উপনীত হৈছিল । তেওঁ জানুৱাৰীত অষ্ট্ৰেলিয়ান অপেনৰ তৃতীয় ৰাউণ্ডতো ওচাকাক পৰাস্ত কৰিছিল ।
যোৱা বছৰৰ ইউ এছ অপেন বিজয়ী এমা ৰাডুকানুৱে প্ৰথম খন খেলত চেক গণৰাজ্যৰ লিণ্ডা নস্কোভাক ৬-৭ (৪-৭) ৭-৫ ৬-১ ছেটত পৰাস্ত কৰি দ্বিতীয় ৰাউণ্ডলৈ অগ্ৰসৰ হয় । দ্বিতীয় ৰাউণ্ডত তেওঁ বেলাৰুছৰ আলিকচন্দ্ৰা চাচানোভিচৰ বিৰুদ্ধে খেলিব । সোমবাৰে প্ৰথম ৰাউণ্ডত লেচিয়া চুৰেঙ্কোক ৬-২, ৬-০ ব্যৱধানত পৰাস্ত কৰি বিশ্বৰ এক নম্বৰ ইগা চুইটেকে দ্বিতীয় ৰাউণ্ডলৈ অগ্ৰসৰ হয় ।