Thursday, July 7, 2022
HomeNewsবক্সাম বক্সিং টুৰ্ণামেণ্টত মেৰী কমে ব্ৰঞ্জৰ পদকতে সন্তুষ্ট

বক্সাম বক্সিং টুৰ্ণামেণ্টত মেৰী কমে ব্ৰঞ্জৰ পদকতে সন্তুষ্ট

কৰ’না ভাইৰাছৰ সংক্ৰমণ আৰু ইয়াৰ ফলত ঘোষণা কৰা লকডাউনৰ পিছত ৰিঙলৈ ঘূৰি অহা মেৰী কমৰ প্ৰথমখন টুৰ্ণামেণ্ট বৰ সুখৰ নহ’ল যদিও বিমুখ হ’বলগীয়া নহ’ল। স্পেইনত চলি থকা ৩৫ সংখ্যক বক্সাম বক্সিং টুৰ্ণামেণ্টত মেৰী কমে ব্ৰঞ্জৰ পদকতে সন্তুষ্ট থাকিবলগীয়া হ’ল। অলিম্পিকলৈ যোগ্যতাঅৰ্জনকৰা মেৰী কমে প্ৰতিযোগিতাখনৰ ছেমি ফাইনেলত আমেৰিকাৰ প্ৰতিপক্ষ বক্সাৰ গৰাকীৰ হাতত পৰাস্ত হোৱাৰ মূল কাৰণ ৰেফাৰীৰ পক্ষপাতমূলক আচৰণ বুলি চৰ্চা চলিছে। মেচখনৰ প্ৰথম ৰাউণ্ডত দুয়োগৰাকী বক্সাৰে আক্ৰমণ কৰাৰ পৰিৱৰ্তে প্ৰতিপক্ষ‌ই আক্ৰমণ কৰালৈ বাট চাই সময় পাৰ কৰে। দ্বিতীয় আৰু তৃতীয় ৰাউণ্ডত দুয়োগৰাকী বক্সাৰে আক্ৰমণাত্মক ৰূপ ধাৰণ কৰে। তৃতীয় ৰাউণ্ডৰ শেষত ৰেফাৰীৰ সিদ্ধান্ত মেৰী কমৰ বিপক্ষে যায় আৰু ছেমি ফাইনেলৰ পৰা বাহিৰ হয়।

আনহাতে প্ৰতিযোগিতাখনত বিশ্ব চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক বিজয়ী চিমৰনজিত কৌৰ(৬০ কেজি), জেচমিন (৫৭ কেজি), এছিয়ান চেম্পিয়ন পূজা ৰাণী (৭৫ কেজি) য়ে ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে।

ইফালে পুৰুষ শাখাটো তিনিটা পদক নিশ্চিত হৈছে বুলি জানিব পৰা গৈছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

three × 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments