Tuesday, July 5, 2022
HomeNewsবডোফা উপেন্দ্ৰ নাথ ব্ৰহ্ম স্বৰ্ণকাপ ফুটবল; দৈমালু এফ চিক ৭-৬ গ'লত হৰুৱাই...

বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্ম স্বৰ্ণকাপ ফুটবল; দৈমালু এফ চিক ৭-৬ গ’লত হৰুৱাই ছেমিত অসম পুলিচ

✍️ গৌতম জ্যোতি তালুকদাৰ

ওদালগুৰি জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত ওদালগুৰিৰ নলবাৰী খেলপথাৰত চলি থকা ২৭ সংখ্যক সৰ্বভাৰতীয় বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্ম স্বৰ্ণকাপ ফুটবল প্ৰতিযোগিতাৰ আজি অনুষ্ঠিত তৃতীয়খন কোৱাৰ্টাৰ ফাইনেল খেলত শস্ত্ৰপাৰা দৈমালু এফ চিক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰে। খেলৰ প্ৰথমাৰ্ধৰ পৰাই দুয়োটা দলৰ মাজত অনুষ্ঠিত তীব্ৰ উত্তেজনাপূৰ্ণ খেলখন নিৰ্ধাৰিত সময়ত ২-২ গলৰ ব্যৱধানত সমাপ্ত হোৱাত ৰেফাৰীয়ে ট্ৰাইবেকাৰৰ সহায় লয়।ফলত দৈমালু এফচিক ৭-৬ গ’লত পৰাজিত কৰি অসম পুলিছে ছেমিফাইনেলত প্ৰৱেশ কৰে।

খেলৰ প্ৰথমাৰ্দ্ধৰ ১৯ মিনিটত ষ্ট্ৰাইকাৰ উৎপল ৰাভাৰ এটা গলৰ সহায়ত দৈমালু এফচিয়ে কিছুসময়ৰ বাবে অগ্ৰগতি লাভ কৰিছিল যদিও খেলৰ ২৫ মিনিটত অসম পুলিচৰ হৈ সঞ্জীৱ বৰগোহাঞিয়ে সুন্দৰ কিকৰ সহায়ত স্কৰ কৰি সমতা স্থাপন কৰে। খেলৰ দ্বিতীয়াৰ্দ্ধৰো ৭১ মিনিটত দৈমালু এফচিৰ হৈ ইমালুৱেল খুমবঙে আন এটা গল কৰি ২-১ গল লৈ ব্যৱধান বৃদ্ধি কৰিছিল যদিও খেলৰ নিৰ্ধাৰিত সময়ত কিছু সময় পূৰ্বে অসম পুলিচৰ হৈ সঞ্জয় ৰাভাই আন এটা গল স্কৰ কৰি সমতা স্থাপন কৰে। ফলত ৰেফাৰীয়ে ট্ৰাইবেকাৰৰ সহায় লোৱাত অসম পুলিচে ৫টা গল স্কৰ কৰাৰ বিপৰীতে ট্ৰাইবেকাৰত দৈমালু এফচিৰ ইমানুৱেল খুমঙে গল স্কৰ কৰাত ব্যৰ্থ হয়। ফলত সামগ্ৰিকভাবে অসম পুলিছে ৭-৬ গলৰ ব্যৱধানত জয় সাব্যস্ত কৰে।

কাইলৈ প্ৰতিযোগিতাৰ চতুৰ্থখন ছেমি ফাইনেল খেলত বডদৌচা স্পষ্টচ্ ক্লাৱ তিনিচুকীয়াৰ বিৰুদ্ধে ওদালগুৰিৰ ইডেন এফচিয়ে প্ৰতিদ্বন্দিতাত অংশ লব।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

4 + twelve =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments