বনগাঁও ক্ৰীড়া সন্থাৰ খেলপথাৰত পৰিবেশ দিৱস উদযাপন
অলিম্পিয়া প্ৰতিবেদন: ৫ জুনত সমগ্ৰ বিশ্বই পালন কৰিলে বিশ্ব পৰিৱেশ দিৱস । পৰিবেশ সজাগতা সৃষ্টিৰ লক্ষ্যৰে প্ৰতি বছৰে বিশ্বই পালন কৰে এই পৰিবেশ দিবস ।
বাদ নপৰিল অসমৰ ক্ৰীড়া ক্ষেত্ৰ । বিভিন্ন জনে বৃক্ষ ৰোপনেৰে দিলে পৰিবেশ সৃষ্টিৰ বাৰ্তা । দেওবাৰে বনগাঁও ক্ৰীড়া সন্থাৰ খেলপথাৰত অনন্য পৰিবেশ । কামৰূপ বনগাঁও ফুটবল ক’চিং আৰু দক্ষিণ কামৰূপ বনগাঁও অল মাৰ্চিয়েল আৰ্টছ স্পৰ্টছ এণ্ড চেল্ফ ডিফেন্স একাডেমীৰ খেলুৱৈসকলৰ বিশ্ব পৰিৱেশ দিৱস পালনৰ বাবে পুৱাই ওলাই আহিল । তেওঁলোকে দৈনিক অনুশীলন কৰা খেলপথাৰখন ছাফা কৰাৰ লগতে বৃক্ষ ৰোপনৰ কাৰ্যসূচী ৰূপায়ণ কৰে ।
অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক
এই বিশ্ব পৰিৱেশ দিৱসৰ অনুষ্ঠানত উপস্থিত থাকিল আন্তঃৰাষ্ট্ৰীয় ফুটবলাৰ সঞ্জয় বড়ো, আন্তঃৰাষ্ট্ৰীয় সমৰকলা খেলুৱৈ মনোজ কুমাৰ দাসৰ লগতে একাডেমীৰ একাংশ খেলুৱৈ ।
গছ থাকিলেহে মানুহ থাকিব, এই কথা সকলো প্ৰজন্মৰ লোকে বুজি পোৱাটো নিশ্চিত ভাৱে জৰুৰী হৈ পৰিছে । এক সুস্থ পৰিবেশতহে এজন ক্ৰীড়াবিদৰ সৰ্বাংগীন উন্নতি সম্ভৱ । গতিকে, বনগাঁও ক্ৰীড়া সন্থাৰ খেলপথাৰত দেওবাৰে যি পৰিবেশৰ সৃষ্টি কৰা হ’ল সেয়া নিশ্চয় প্ৰশংসনীয় ।