বন্ধ দুৱাৰৰ মাজত অনুষ্ঠিত হ’ব অলিম্পিক : নাথাকিব দৰ্শক

অলিম্পিকৰ ইতিহাসত পোন প্ৰথমবাৰৰ বাবে মহামাৰীৰ সংক্ৰমণৰ বাবে অলিম্পিক এবছৰ পিছুৱাই দিয়াৰ পিছত এইবাৰ পুনৰ আন এক ঐতিহাসিক ঘটনা সংঘটি হ’বলৈ আগবাঢ়িছে অলিম্পিকত। মহামাৰীৰ বাবেই ইতিহাসত পোন প্ৰথমবাৰৰ বাবে দৰ্শক শূন্য অবিহনে অনুষ্ঠিত হ’ব অলিম্পিক! টকিঅ’ অলিম্পিক কমিটিৰ অধ্যক্ষ ছেইকো হাচিম’টোৱে কয় যে, এইবাৰ অলিম্পিক সম্ভৱতঃ বন্ধ দুৱাৰৰ ভিতৰত অনুষ্ঠিত হ’ব। কৰ’না সংক্ৰমণৰ বাবে বিভিন্ন ধৰণৰ জটিলতা সৃষ্টি হোৱাত বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে আয়োজক সকল। ইফালে কৰ’নাৰ বাবেই বিদেশী দৰ্শকৰ উপস্থিতিত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। কোৱা হৈছিল জাপানৰ লোকসকলেহে ষ্টেডিয়ামত উপস্থিত হৈ অলিম্পিক উপভোগ ৰিব পৰিব। কিন্তু কৰ’নাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য কৰি এতিয়া দেনৰ নাগৰিকৰ বাবেও জাপানৰ অলিম্পিক আয়োজক কমিটিয়ে দুৱাৰ বন্ধ কৰিবলৈ আগবাঢ়িছে। অৱশ্যে এই ক্ষেত্ৰত জুন মাহৰ শেষৰ ভাগতহে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব আয়োজকসকলে।

Leave a Reply

Your email address will not be published. Required fields are marked *