অলিম্পিয়াৰ প্ৰতিবেদন
বগা পোছাকধাৰী ক্ৰিকেটাৰৰ অভিজাত্য তথা দক্ষতাৰ নিৰ্মোহ প্ৰদৰ্শনী হৈছে টেষ্ট ক্ৰিকেট। ক্ৰিকেটৰ প্ৰকৃত সোৱাদ এই টেষ্টতেই লাভ কৰা যায়, বহুজনে ভাৱে এনেদৰে। ক্ৰিকেটাৰ এগৰাকীৰ শক্তি, সামৰ্থ্য তথা দক্ষতাৰ পৰিচয় টেষ্টৰ জৰিয়তেই লাভ কৰা যায়। ক্ৰিকেট বিশ্বৰ প্ৰথমখন টেষ্ট মেচ অনুষ্ঠিত হৈছিল ১৮৭৭ চনৰ ১৫ মাৰ্চত। ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হৈছিল এই মেচ। অষ্ট্ৰেলিয়া জয়ী হৈছিল ৪৫ ৰানত।সময় অতিবাহিত হোৱাৰ লগে লগে আই চি চিয়ে ক্ৰিকেটলৈ বহু পৰিৱৰ্তন কঢ়িয়াই আনিছে। টেষ্ট ক্ৰিকেটলৈও আহিছে এনে পৰিৱৰ্তন। এদিনীয়া আৰু টি টুৱেন্টি ক্ৰিকেটৰ সুপষ্ট প্ৰভাৱ টেষ্ট ক্ৰিকেটত পৰা দেখিবলৈ পোৱা গৈছে। সেয়ে টেষ্ট ক্ৰিকেট কিছু আশ্বৰ্যকৰ ঘটনাৰ সাক্ষী হৈ পৰিছে। তেনে ঘটনা হিচাবে চিহ্নিত কৰিব পাৰি বলাৰে দ্বি শতক অর্জন কৰা ঘটনাক। আজি এই লেখাত তেনে পাঁচজন বলাৰৰ বিষয়ে উল্লেখ কৰিম যি অর্জন কৰিবলৈ সক্ষম হৈছে দ্বি শতক। ১) জেমছ হল্ডাৰ: তালিকাৰ শীৰ্ষত আহে ৱেষ্ট ইণ্ডিজৰ অলৰাউণ্ডাৰ জেমছ হল্ডাৰ। ব্ৰায়ান লাৰা, ভিভ ৰিচাৰ্ডছৰ উত্তৰসুৰী হোৱাৰ দক্ষতা ৰখা এইগৰাকী ৱেষ্ট ইণ্ডিজৰ ক্ৰিকেটাৰে ২০১৯ বৰ্ষত ইংলেণ্ডৰ বিপক্ষে ২০২ ৰানৰ এটা আকৰ্ষণীয় ইনিংছ খেলে। ২০২ ৰান কৰিবলৈ তেওঁক প্ৰয়োজন হৈছিল ২২৯ টা বলৰ। প্ৰায় এদিনীয়া ক্ৰিকেটৰ শৈলীয়ে দেখিবলৈ পোৱা গৈছিল তেওঁৰ বেটিঙত। ক্ৰিকেটৰ ব্যাকৰণৰ যেন নতুন বাখ্যা আগবঢ়াইছিল হল্ডাৰে। ২) জেচন গিলেষ্পী: অষ্ট্ৰেলিয়ান ক্ৰিকেটৰ এটা এসময়ৰ গুৰুত্বপূৰ্ণ চৰিত্ৰ আছিল জেচন গিলেষ্পী। অষ্ট্ৰেলিয়াৰ বলিং লাইন আপৰ এক অন্যতম শক্তিশালী অংশ আছিল গিলেষ্পী। এইগৰাকী ত্ৰাস সৃষ্টিকাৰী বলাৰেও ক্ৰিকেট কেৰিয়াৰত দ্বি শতক অৰ্জন কৰিবলৈ সক্ষম হৈছিল। ২০০৬ চনত বাংলাদেশৰ বিৰুদ্ধে তেওঁ ২০১ ৰানৰ এটা বিস্ফোৰক ইনিংছ খেলিছিল। ইনিংছটোত আছিল ২৬ টা চাৰি আৰু তিনিটা ছয়। ৩)ৱাচিম আক্ৰাম: এসময়ৰ পাকিস্তান দলৰ কিম্বদন্তী খেলুৱৈ ৱাচিম আক্ৰাম এই তালিকাৰ তৃতীয় স্থানত আছে। অধিনায়ক ইমৰান খানৰ প্ৰধান অস্ত্ৰ আছিল ৱাচিম আক্ৰাম। টেষ্টত ৪১৪ টাকৈ উইকেট দখল কৰিবলৈ সক্ষম হোৱা আক্ৰামক চুলতান অৱ চুইং নামেৰে জনা গৈছিল। সেইগৰাকী বিধ্বংসী বলাৰেই ১৯৯৬ চনত জিম্বাব’ৱেৰ বিপক্ষে এটা অবিস্মৰণীয় ইনিংছ উপহাৰ দিছিল। ২৫৭ ৰান কৰিছিল সেই মেচখনত। ১২ টা ছয় আৰু ২৪ টা চাৰিৰে এই ইনিংছ সজাইছিল আক্ৰামে। ৪)বেন ষ্ট’কছ: ইংলেণ্ডৰ অলৰাউণ্ডাৰ বেন ষ্টকছ আছে এই তালিকাৰ চতুৰ্থ স্থানত। টেষ্ট ক্ৰিকেটকো টি টুৱেন্টিৰ শাৰীলৈ লৈ যোৱা এইগৰাকী ক্ৰিকেটাৰে ২০১৬ চনত দক্ষিণ আফ্ৰিকাৰ বিৰূদ্ধে ১৯৮ টা বলত ২৫৮ ৰান কৰি চমক সৃষ্টি কৰিছিল। ১১ টা ছয় আৰু ৩০ টাকৈ চাৰিৰ সমাহাৰ ঘটিছিল সেই ইনিংছটোত। এই পৰ্যন্ত টেষ্ট ক্ৰিকেটত ১০০ টা উইকেট আৰু ৪০০০ ৰো অধিক ৰান সংগ্ৰহ কৰিছে বেন ষ্টকছে। ৫)চাকিব উল হাছান:ক্ৰিকেট বিশ্বৰ এগৰাকী অন্যতম সফল অল ৰাউণ্ডাৰ হৈছে চাকিব উল হাছান। চাকিব উল হাছানেও টেষ্ট ক্ৰিকেটত দ্বি শতক অর্জন কৰি নজিৰ প্ৰদৰ্শন কৰি থৈছে। নিউজিলেণ্ডৰ বিপক্ষে ২৫৭ ৰানৰ এটা ইনিংছ কৰি নিজৰ বেটিং পৰাক্ৰমৰো পৰিচয় দিছিল চাকিবে।