Tuesday, October 4, 2022
HomeNewsবল্টক প্ৰত্যাহ্বান নজনাই গৌড়াই; কাম্বালাৰ বাবেহে দৌৰিবলৈ সাজু তেওঁ

বল্টক প্ৰত্যাহ্বান নজনাই গৌড়াই; কাম্বালাৰ বাবেহে দৌৰিবলৈ সাজু তেওঁ

শ্রীনিৱাস গৌড়া। নামটো হয়টো বহুতৰেই চিনাকী। মাত্ৰ কেইদিনমান আগতে সংবাদ শিৰোনাম দখল কৰিছিল শ্রীনিৱাস গৌড়াই। দেশৰ লগতে আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰাৰ আৰৰ কাৰণ আছিল কর্ণাটকৰ কাম্বালা উৎসৱত খেতিপথাৰত ১৪২ মিটাৰ ম’হৰ সৈতে দৌৰি অভিলেখ সৃষ্টি ৷ হয়, বিশ্বৰ দ্রুতবেগী মানৱ হিচাপে পৰিচিত দৌৰবিদ উছেইন বল্টৰ অভিলেখ ভংগ কৰিছিল শ্রীনিৱাস গৌড়াই৷ এই দূৰত্ব অতিক্রম কৰিবলৈ গৌড়াক প্রয়োজন হৈছিল মাত্র ১৩.৪২ ছেকেণ্ড৷ ইফালে বিশ্বৰ দ্রুতবেগী মানৱ উছেইন বল্টে ৯.৫৮ ছেকেণ্ডত ১০০ মিটাৰ দূৰত্ব অতিক্রম কৰি অলিম্পিকত গঢ়ি থৈছে অভিলেখ৷ কর্ণাটকৰ কাম্বালা উৎসৱত খেতিপথাৰত ১৪২ মিটাৰ ম’হৰ সৈতে দৌৰি অভিলেখ সৃষ্টি কৰা ভাৰতীয় বাফেল’ ৰেচাৰ শ্রীনিৱাস গৌড়াৰ কোনোধৰণৰ ৰাষ্ট্রীয় প্রতিযোগিতাত অংশগ্রহণ কৰাৰ হাবিয়াস নাই৷ যোৱা সপ্তাহত শ্রীনিৱাস গৌড়াই কাম্বালাত অভিলেখ সৃষ্টি কৰাৰ পিছত বাফেল’ ৰেচাৰগৰাকীৰ ভিডি’ই ছ’চিয়েল মিডিয়াত ধুনুহাৰ সৃষ্টি কৰে। ইয়াৰ পিছতে কর্ণাটকৰ কেইবাগৰাকীও বিশিষ্ট ক্রীড়াবিদ আৰু ৰাজনৈতিক নেতাসকলে গৌড়াক দেশৰ হৈ দৌৰ প্রতিযোগিতাৰ বাবে নিজকে সাজু কৰিব লাগে বুলি মন্তব্য আগবঢ়াইছে৷বহুতৰ মতে তেওঁক উন্নত প্ৰশিক্ষণ প্ৰদান কৰি অলিম্পিকৰ বাবে সাজু ৰি তুলিব লাগে। কিন্তু শ্রীনিৱাস গৌড়াই উল্লেখ কৰিছে যে তেওঁ খেতিপথাৰত কাম্বালাৰ বাবেহে দৌৰিবলৈ সাজু৷ কোনো ধৰণৰ ৰাষ্ট্রীয় বা আন্তঃৰাষ্ট্রীয় প্রতিযোগিতাত অংশগ্রহণ কৰাৰ বাবে তেওঁ সাজু নহয়। লগতে তেওঁ কয় যে তেওঁ কোনো পেছাদাৰী খেলুৱৈ নহয়।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

nineteen + 7 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments