Wednesday, July 6, 2022
HomeNewsবহিঃৰাজ্যৰ প্ৰতিষ্ঠানৰ বাছনি শিবিৰত অংশগ্ৰহণত বাধা অসম ফুটবল সন্থাৰ

বহিঃৰাজ্যৰ প্ৰতিষ্ঠানৰ বাছনি শিবিৰত অংশগ্ৰহণত বাধা অসম ফুটবল সন্থাৰ

ৰাজ্যত শেহতীয়াকৈ বহিঃৰাজ্যৰ বিভিন্ন প্ৰতিষ্ঠানে ফুটবল বাছনি শিবিৰ অনুষ্ঠিত কৰি আহিছে। এনে ফুটবল বাছনি শিবিৰ বোৰত খেলুৱৈ সকলক অংশগ্ৰহণ কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে অসম ফুটবল সন্থাই। সন্থাৰ সম্পাদক হেমেন্দ্ৰ ব্ৰহ্মই এই বিষয়ত এক বিজ্ঞাপ্তি প্ৰকাশ কৰিছে। বিজ্ঞপ্তি অনুসৰি এনে প্ৰতিষ্ঠান সমূহে মধ্যভোগীৰ জড়িয়তে আমাৰ সহজ-সৰল চহা অঞ্চলৰ প্ৰতিভাৱান খেলুৱৈসকলক বিপথে পৰিচালিত কৰিছে। সেয়ে সন্থাই সমূহ জিলা ক্ৰীড়া সন্থ, খেলুৱৈ তথা অভিভাৱকসকলক এনে প্ৰতিষ্ঠানৰ বাছনি শিবিৰত অংশগ্ৰহণৰ পৰা বিৰত থাকিবলৈ অনুৰোধ জনাইছে।

লগতে তেওঁ জনাইছে যে এই ক্ষেত্ৰত অসম ফুটবল সন্থা অথবা জিলা ক্ৰীড়া সন্থাৰ অনুমতি অবিহনে কোনো ৰাজ্যৰ বাহিৰৰ পৰা অহা প্ৰতিষ্ঠানে এনেধৰণৰ বাছনি শিবিৰ অনুষ্ঠিত কৰিব নোৱাৰিব। ইয়াৰ ব্যতিক্ৰম হ’লে আইনগতভাৱে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ দৰে কাৰ্যৰ পৰা অসম ফুটবল সন্থা পিছপৰি নাথাকিব বুলিও উল্লেখ কৰিছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

14 + 15 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments