Wednesday, July 6, 2022
HomeNewsবাঁহৰ লাঠিৰে হকী খেলা অমিত আজি দেশৰ ৰাষ্ট্ৰীয় দলৰ শক্তিশালী ডিফেণ্ডাৰ

বাঁহৰ লাঠিৰে হকী খেলা অমিত আজি দেশৰ ৰাষ্ট্ৰীয় দলৰ শক্তিশালী ডিফেণ্ডাৰ

দেশৰ হকীৰ ক্ষেত্ৰখনত ওড়িষ্যাক পাৱাৰ হাউচ বুলি কোৱা হয়। ৰাজ্যখনৰ পৰা সুন্দৰগড় জিলাৰ পৰাই বৰ্তমানলৈকে ৬০ গৰাকী আন্তঃৰাষ্ট্ৰীয় হকী খেলুৱৈৰ সৃষ্টি হৈছে। প্ৰতিনিধিত্ব কৰিছে দেশক আন্তঃৰাষ্ট্ৰীয় মঞ্চত। এই জিলাখনৰ ছামবাৰা গাঁৱৰ পৰা আকৌ দেশে লাভ কৰিছে দিলীপ টিৰ্কিৰ দৰে হকী খেলুৱৈ। দিলীপ টিৰ্কিৰ উপৰিও এই গাওঁখনৰ পৰা আহিছে আন এগৰাকী ভাৰতীয় হকী খেলুৱৈ। যিয়ে এসময়ত বাঁহৰ লাঠিৰে হকী খেলি আজি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতক প্ৰতিনিধিত্ব কৰি আহিছে। এই বিশেষ হকী খেলুৱৈজনক লৈয়ে আমাৰ এই বিশেষ প্ৰতিবেদন।

অমিত ৰহিদাস। ভাৰতৰ হকী দলৰ এজন গুৰুত্বপূৰ্ণ খেলুৱৈ। নিজৰ প্ৰতিভাৰ বলত এঢাপ-এঢাপকৈ আগুৱাই যোৱা অমিতে পোনতে অনূৰ্ধ্ব ১৮ এছিয়ান কাপক ভাৰতক প্ৰতিনিধিত্ব কৰি ৭টা গ’ল কৰি ষ্টাৰ পাৰ্ফমাৰ হ’বলৈ সক্ষম হৈছিল। ইয়াৰ ৪ বছৰ পিছত তেওঁ দিল্লীত অনুষ্ঠিত হোৱা জুনিয়ৰ হকী বিশ্বকাপত দেশক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিছিল। সেই সময়তে ভাৰতীয় চিনিয়ৰ হকী দলটোৰ প্ৰশিক্ষকগৰাকীৰ চকুত পৰে অমিত। তেওঁৰ প্ৰতিভাৰ উমান পাই স্থান দিলে ৱৰ্ল্ড লীগ ফাইনেলত তেওঁক দলত স্থান দিলে। অৱশ্যে ভাৰতীয় দলটোত বহু কেইজন শক্তিশালী ডিফেণ্ডাৰ থকাৰ বাবে ২০১৫ চনলৈকে মূল দলটোত স্থান লাভ কৰিব পৰা নাছিল। অৱশেষত তেওঁ ২০১৭ চনত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতীয় দলৰ হৈ আত্মপ্ৰকাশ কৰাৰ সুযোগ লাভ কৰে। তেতিয়াৰ পৰা তেওঁ আৰু পিছলৈ ঘূৰি চাবলগীয়া হোৱা নাই। ২০১৭ চনৰ পৰা বৰ্তমানলৈকে তেওঁ মুঠ ৯৫ খন মেচ খেলিছে আৰু ১৫ টা গ’ল কৰিবলৈ সক্ষম হৈছে।

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত লাভ কৰা এনে সফলতাৰ পূৰ্বে অমিতে নিজৰ গাঁৱত বাঁহৰ লাঠিৰে হকী খেলিবলৈ আৰম্ভ কৰিছিল। পিতৃ এগৰাকী শ্ৰমিক হোৱাৰ বাবেই পৰ্যাপ্ত সুবিধাও লাভ কৰা নাছিল খেলুৱৈগৰাকীয়ে। অৱশ্যে প্ৰথমে তেওঁ নিজকে এগৰাকী ফুটবলাৰ হিচাপে হে গঢ়ি তোলাৰ মন মেলিছিল। ৰ’নাল্ডিনহোক তেওঁ আদৰ্শ হিচাপে লৈছিল। কিন্তু তেওঁ হকীৰ পৰা আঁতৰি থাকিব নোৱাৰিলে। কিয়নো তেওঁৰ গাওঁখনত, অঞ্চলটোত কেৱল হকীৰ পৰিৱেশ হে গঢ়ি উঠিছিল। কাৰণ সুন্দৰগড় জিলাখনৰ পৰাই দেশে লাভ কৰিছে দেশক প্ৰতিনিধিত্ব কৰা ৬০ জনকৈ খেলুৱৈ।

যিসময়ত অমিতে হকী খেলিবলৈ আৰম্ভ কৰিছিল সেই সময়ত অমিতৰ গাঁৱত হকী প্ৰতিযোগিতা বহুলভাৱে অনুষ্ঠিত হৈছিল। য’ত পুৰস্কাৰ হিচাপে ছাগলী আগবঢ়োৱা হৈছিল। অমিতৰ ধাৰণা হৈছিল তেওঁলোকৰ দৰে মানুহৰ বাবে হকী কেৱল এক খেল নাছিল, হকী তেওঁলোকৰ বাবে আছিল আৰ্থিক স্থিতি সলনি কৰাৰ এক পথ।

প্ৰথম অৱস্থাত গ’ল ৰক্ষক হিচাপে অমিতে হকী খেলিবলৈ আৰম্ভ কৰিছিল যদিও তেওঁ আনুষ্ঠানিক প্ৰশিক্ষণ গ্ৰহণ কৰাৰ পিছৰে পৰা নিজকে এগৰাকী ডিফেণ্ডাৰ হিচাপেহে গঢ়ি তুলিলে। কিয়নো অমিতৰ দেহৰ উচ্চতা কম হোৱাৰ বাবে তেওঁক প্ৰশিক্ষকে গ’লৰক্ষকৰ পৰিৱৰ্তে ৰাইট-আউট পজিশ্বনত খেলাৰ পৰামৰ্শ আগবঢ়ালে। ইয়াৰ পিছতেই অমিতক ডিফেণ্ডাৰ হিচাপে গঢ়ি তোলা হ’ল। ইয়াৰ পিছতেই ২০০৯ চনৰ ৰাষ্ট্ৰীয় জুনিয়ৰ দলৰ পৰাই অমিতৰ কেৰিয়াৰে এক গতি লাভ কৰি বৰ্তমান আকাশ চুবলৈ সক্ষম হৈছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

fourteen − 4 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments