Sunday, October 2, 2022
HomeNewsবাছনি শিবিৰ অবিহনেই ৰাজ্যিক দল গঠন অসম ফুটবল সন্থাৰ

বাছনি শিবিৰ অবিহনেই ৰাজ্যিক দল গঠন অসম ফুটবল সন্থাৰ

অলিম্পিয়া প্রতিবেদন

ৰাজ্যিক ফুটবল দল গঠন কৰিবলৈ অদ্ভুত উপায় অৱলম্বন কৰিলে অসম ফুটবল সন্থাই । অহা ২৮ এপ্ৰিলৰ পৰা ৪ মে’ লৈ ইম্ফলত অনুষ্ঠিত হ’ব উত্তৰ-পূৱৰ ভিত্তিত এক ফুটবল টুৰ্ণামেণ্ট । ‘আজাদী কা অমৃত মহোৎসৱ’ উদযাপনৰ বাবে মণিপুৰৰ ৰাজধানী চহৰত আয়োজন কৰা হৈছে ‘নৰ্থ ইষ্ট ৰিজনেল স্পোৰ্টছ উইক’। ইয়াতে থাকিব ফুটবল টুৰ্ণামেণ্ট । কিন্তু কোনোধৰণৰ বাছনি শিবিৰ আয়োজন নকৰাকৈ গঠন কৰা হ’ল এটা ৰাজ্যিক ফুটবল দল । অসম দলৰ খেলুৱৈৰ তালিকা ইতিমধ্যে জানিব পৰা গৈছে । অসম দল আৰু তেওঁলোকৰ ঠিকনা হ’ল গোসাঁইগাঁৱৰ মনেশ্বৰ মোছাহাৰী , কোকৰাঝাৰৰ দিদুম হাজৱাৰী , দানছৰাং বসুমতাৰী , ফাংখা বসুমতাৰী , চুডেম বসুমতাৰী , চিটু বসুমতাৰী , ৰাকেব বসুমতাৰী ,বাক্সাৰ চনম বসুমতাৰী , চিৰাঙৰ পুলুং দৈমাৰী ,অনচুলা ব্ৰহ্ম , কোকৰাঝাৰৰ মিথিঙ্গা দৈমাৰী ,বিশ্বজিৎ বসুমতাৰী ,চিৰাঙৰ কিমদিন ব্ৰহ্ম , লিথুমা বসুমতাৰী , শিৱসাগৰৰ যোগেন মেচ ,শিমলুগুৰিৰ ৰাণা কোঁৱৰ , যোৰহাটৰ লানু টচি লনচাৰ আৰু কোকৰাঝাৰৰ দৈমালু বসুমতাৰী । যি বুজা গৈছে, অসম ফুটবল সন্থাৰ সম্পাদক আৰু কোষাধ্যক্ষই তেওঁলোকৰ নিজৰ অঞ্চলৰ খেলুৱৈক লৈ টেবুলত বহি এই ৰাজ্যিক দলটো গঠন কৰিছে । খেলুৱৈৰ তালিকা দেখি ৰাজ্যখনৰ ফুটবলৰ সৈতে জড়িত সকলো লোকৰ লগতে ফুটবলপ্ৰেমী স্তম্ভিত হৈছে । অসমৰ আন বহু ঠাইত দক্ষ ফুটবল খেলুৱৈ আছে যদিও তেওঁলোকক উপেক্ষা কৰা হ’ল । ৰাষ্ট্ৰীয় পৰ্যায়ৰ তুলনাত অসমৰ ফুটবলৰ মান দিনক দিনে তলৰ ফালে গতি কৰিছে । এইবাৰৰ সন্তোষ ট্ৰফীত ফুটবলত অসমে এখনো মেচত জিকিব নোৱাৰিলে । দুলীয়াজানত অনুষ্ঠিত ৰাজ্যিক বাচনি শিবিৰৰ পৰা সন্তোষ ট্ৰফীৰ বাবে অসম দলে ডিব্ৰুগড়ৰ পৰা বিমান যোগে ৰাওনা হৈছিল শিলঙলৈ । কিন্তু লীগৰ প্ৰথম মেচত মেঘালয়ৰ বিৰুদ্ধে ৬- ০ গ’লত পৰাস্ত হোৱাৰ পাছত অসমে অৰুণাচলৰ বিৰুদ্ধে গ’লশূন্য ড্ৰ খেলি সন্তোষ ট্ৰফীত অভিযান সামৰে । এয়া হ’ল অসম ফুটবলৰ জিয়া কাহিনী । এনে অৱস্থাত মিজোৰাম, মণিপুৰ, মেঘালয়ৰ দৰে শক্তিশালী দলৰ বিৰুদ্ধে খেলিব লাগিলে এটা সুদক্ষ ৰাজ্যিক দল লাগিব । অন্যথা অসমৰ সন্মান পুনৰবাৰ ম্লান পৰাৰ সম্ভাবনাই অধিক ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

4 × four =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments