Tuesday, October 4, 2022
HomeNewsবাজেট ২০২০-২১ কি পালে ক্ৰীড়া ক্ষেত্ৰই?

বাজেট ২০২০-২১ কি পালে ক্ৰীড়া ক্ষেত্ৰই?

https://olympiasports.in/

তুষাৰ প্ৰতিম

কি পালে ক্ৰীড়া ক্ষেত্ৰই বাজেট ২০২০-২১

১০০০ গৰাকী কৃতী ক্ৰীড়াবিদলৈ ৫০ হাজাৰকৈ এককালীন সাহায্য, হিমা দাসলৈ প্ৰথম শ্ৰেণীৰ বিষয়াৰ চাকৰি, CMSGUY আঁচনিৰ অধিনত ৫০০ খন খেল পথাৰ উন্নয়ন, প্ৰতিখন জিলা আৰু মহকুমাৰ মুখ্য কাৰ্যালয়ত ছুইমিং পুল আৰু মিনি জীমনেছিয়াম, প্ৰশিক্ষক নিযুক্তি, উত্তৰণ আঁচনিৰ অধিনত ৩৩ বিধানসভা সমষ্টিত ষ্টেডিয়াম নিৰ্মাণৰ বাবে ৩০০ কোটি টকা নিৰ্দ্ধাৰণ। ২০২০-২১ বৰ্যৰ মুঠ আবণ্টন ১৭৪ কোটি টকা।

আজি বিধানসভাত বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২০২০-২১ বৰ্ষৰ বাজেট উত্থাপন কৰে। বিত্ত মন্ত্ৰী হিচাপে হিমন্ত  বিশ্ব শৰ্মাই এই অন্তিমখন বাজেটত ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰৰ বাবে সৰ্বমুঠ ১৭৪ কোটি টকা নিৰ্ধাৰণ কৰিছে। ইয়াৰ উপৰিও মন্ত্ৰী গৰাকীয়ে ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰৰ উন্নয়নৰ বাবে আঁচনিও ঘোষণা কৰিছে।

সৰ্বানন্দ সোণোৱাল চৰকাৰৰ অন্তিমখন বাজেট পাঠ কৰি আজি বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে য যিসকল খেলুৱৈয়ে অলিম্পিক, এছিয়ান গেমছ আৰু কমনৱেলথ গেমছত সোণৰ পদক অৰ্জন কৰিছে তেওঁলোকক ৰাজ্য চৰকাৰৰ প্ৰথমশ্ৰেণীৰ বিষয়া হিচাপে নিযুক্তি দিয়াৰ প্ৰস্তাৱ দাঙি ধৰা হৈছে। এই নীতিৰ অধিনত অসম গৌৰৱ 'ধিং এক্সপ্ৰেছ' হিচাপে খ্যাত হিমা দাস প্ৰথম হিতাধিকাৰী হিচাপে চিহ্নীত কৰিছে। এথলিট গৰাকীক ৰাজ্য চৰকাৰৰ উপ আৰক্ষী অধীক্ষকৰ পদ আগবঢ়োৱা হ'ব বুলি উল্লেখ কৰিছে। 

আনহাতে আজিৰ বাজেটত ৰাজ্যখনৰ ১০০০ গৰাকী কৃতী ক্ৰীড়াবিদলৈ এককালীন বিত্তীয় সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। বাজেটত উল্লেখ কৰা অনুসৰি ৰাজ্যখনৰ ১০০০ গৰাকী ক্ৰীড়াবিদলৈ ৫০,০০০ টকাকৈ একালীন সাহায্য আগবঢ়োৱা হ’ব।

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিধান সভাত পাঠ কৰা বাজেটত উল্লেখ কৰা অনুসৰি এক স্বাস্থ্যৱাম তথা সুখী নাগৰিক সমাজ গঢ়ি তোলাৰ ক্ষেত্ৰত ক্ৰীড়াৰ ভূমিকা চৰকাৰে সম্পূৰ্ণৰূপে অনুধাৱন কৰিছে। এই ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা আন আন পদক্ষেপসমূহৰ অতিৰিক্তভাৱে চৰকাৰে ক্ৰীড়া খণ্ডৰ সৰ্বাত্মক বিকাশ সাধনৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে। ইয়াৰ জৰিয়তে ক্ৰীড়াক ৰাজ্যখনৰ জনতাৰ জীৱন শৈলীৰ অন্তৰ্ভূক্ত কৰিবৰ বাবে লক্ষ্য নিৰ্দ্ধাৰণ কৰিছে।

বাজেটত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰৰ বাবে এক নতুন আঁচনি গ্ৰহণ কৰিছে। “সকলো বয়সৰ লোকৰ বাবে বুনিয়াদী অলিম্পিক” শীৰ্ষক নামেৰে তৈয়াৰ কৰা এই আঁচনিৰ অধিনত ১০ বৰ্ছৰ পৰা ৬০ বছৰ পৰ্যন্ত সকলো বয়সৰ লোকৰ বাবে পঞ্চায়ত, ব্লক, জিলা আৰু ৰাজ্যিক পৰ্যায়ত অলিম্পিকৰ অন্তৰ্গত খেলসমূহ অন্তৰ্ভূক্ত কৰা হ’ব।

প্ৰধানত দুটা মূল উদ্দেশ্য আগত লৈ তৈয়াৰ কৰা এই আঁচনিৰ জৰিয়তে অসমৰ চুকে-কোণে লুকাই থকা প্ৰতিভাসম্পন্ন খেলুৱৈসকলক চিনাক্ত কৰি উদগণি যোগোৱাত সহায় কৰাৰ লগতে সকলো বয়সৰ নাগৰিকক শাৰীৰিক তথা মানসিকবাৱে সুস্থ সৱল কৰি তুলিব বুলি মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছে।

ভাৰতবৰ্ষৰ ক্ৰীড়াক্ষেত্ৰৰ কেন্দ্ৰস্থল হিচাপে গঢ়ি তুলি গুৱাহাটীক দেশৰ ক্ৰীড়া ৰাজধানী হিচাপে প্ৰতিষ্ঠা কৰিবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সপোনক সাকাৰ ৰূপ দিয়াৰ বাবে চৰকাৰে বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতা সফলতাৰে অনুষ্ঠিত কৰিছে বুলি উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে খেল’ ইণ্ডিয়া যুৱ ক্ৰীড়া সমাৰোহ ২০২০ ৰ কথা উল্লেখ কৰে।

বাজেটত ঘোষণা কৰা অনুসৰি অসমৰ বিভিন্ন প্ৰান্তত ৫০০ খন খেলপথাৰ (প্ৰতিটো ব্লকত দুখনকৈ)উন্নয়নৰ কাম হাতত লৈছে। মেগা মিছন ছ’চাইটী ‘মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা (CMSGUY) আঁচনিৰ অধিনত এই উন্নয়নৰ কাম আৰম্ভ কৰা হৈছে। লগতে পূৰ্বৰ বাজেটত ঘোষণা কৰা ডিব্ৰুগড়, উত্তৰ লখিমপুৰ আৰু শুৱালকুছিত ষ্টেডিয়াম নিৰ্মাণৰ কাম আৰম্ভ হৈছে বুলি বাজেট ভাষণত জানিবলৈ দিয়ে।

বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজিৰ বাজেটত অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ব বিদ্যালয়ৰ পাঠ্যক্ৰমৰ বিষয়ে উল্লেখ কৰে। ডিব্ৰুগড় জিলাৰ চাবুৱাত নিৰ্মাণ কৰা ৰাজ্যৰ প্ৰথমখন ক্ৰীড়া বিশ্ব বিদ্যালয়ৰ পাঠ্যক্ৰমত ক্ৰীড়া বিজ্ঞান, ক্ৰীড়া প্ৰযুক্তি, ক্ৰীড়া ঔষধ, ক্ৰীড়া পৰিচালনা আদিক সামৰি লোৱাৰ কথা ঘোষণা কৰিছে।

আজিৰ বাজেটৰ উ্লেখনীয় এটা দিশ আছিল তৃণমূল পৰ্যায়ত ক্ৰীড়াক অধিক গুৰুত্ব প্ৰদান। ৰাজ্যৰ বিভিন্ন জিলাত ৫০০ খন খেলপথাৰ উন্নয়নৰ কাম হাত লোৱাৰ উপৰিও সকলো জিলা আৰু মহকুমাত ছুইমিং পুলৰ সৈতে মিনি জীমনেছিয়াম নিৰ্মাণৰ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ বাৰ্তাই তৃণমূল পৰ্যায়ত ক্ৰীড়াক অধিক গুৰুত্ব প্ৰদানৰ বাৰ্তা বহন কৰিছে। জিলা আৰু মহকুমাৰ মুখ্য কাৰ্যালয়ত ছুইমিং পুল আৰু মিনি জীমনেছিয়াম নিৰ্মাণৰ জৰিয়তে তৃণমূল পৰ্যায়ত ক্ৰীড়া প্ৰতিভাক উতসাহিত কৰিব বুলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে। ইয়াৰ উপৰিও অলিম্পিক ক্ৰীড়া শিতানত আমাৰ যুৱ এথলীটসকলক প্ৰশিক্ষণ প্ৰদান কৰিবলৈ বিভিন্ন ক্ৰীড়া শিতানত প্ৰশিক্ষকৰ পদ সৃষ্টি কৰাৰ বাবে প্ৰযোজনীয় পদক্ষেপ গ্ৰহণ কৰিব বুলি উল্লেখ কৰিছে। মন্ত্ৰী গৰাকীৰ এই ঘোষণাই ৰাজ্যৰ ক্ৰীড়াবি সকললৈ নিশ্চয়কৈ আশাৰ বতৰা কঢ়িয়াই আনিছে। বিগত সময়ছোৱাত অসমৰ খেলুৱৈ সকলে ভূগি অহা বিভিন্ন সমস্যাৰ ভিতৰত প্ৰশিক্ষকৰ সমস্যা আছিল এক উল্লেখনীয় সমস্যা।

বিধানসভাত উত্তৰণ আঁচনিৰ অধিনত ৩৩ গৰাকী বিধায়কে নিজ সমষ্টিত ষ্টেডিয়াম নিৰ্মামৰ বাবে পৰামৰ্শ আগবঢ়োৱাৰ কথা জানিবলৈ দি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয যে গঢ়কাপ্তানি বিভাগে ৩০০ কোটি টকা ব্যয় সাপেক্ষে এই ষ্টেডিয়ামসমূহ নিৰ্মাণৰ কাম হাতত লোৱাৰ কথা জানিবলৈ দিছে।

এইবাৰৰ বাজেটত বিত্ত মন্ত্ৰীগৰাকীয়ে পূৰ্বৰ বাজেটত ঘোষণা কৰা বিশষ্ট ক্ৰীড়া বিদলৈ এককালীন সাহায্যৰ প্ৰক্ৰিয়া ২০২০-২১ বৰ্ষত সম্পূৰ্ণ কৰা হ’ব বুলি উল্লেখ কৰিছে। পূৰ্বৰ বাজেটত মন্ত্ৰী গৰাকীয়ে ৰাজ্যৰ বিশিষ্ট ক্ৰীড়াবিদলৈ ৫০,০০০ টকাৰ এককালীন অনুদান আগবঢ়োৱাৰ কথা উল্লেখ কৰিছিল।

মন্ত্ৰী গৰাকীয়ে ঘোষণা কৰা এই আঁচনি খনৰ প্ৰধান উদ্দেশ্য দুটা বুলিআঁচনিখনৰ

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

four × four =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments