বাতিল কৰা হৈছে অল-এৰাউণ্ড বিশ্বকাপ প্ৰতিযোগিতা। টকিঅ’ত অনুষ্ঠিত হ’বলগীয়া আৰ্টিষ্টিক অল-এৰাউণ্ড বিশ্বকাপ প্ৰতিযোগিতা বাতিল কৰা হৈছে বুলি প্ৰকাশ কৰিছে আন্তঃৰাষ্ট্ৰীয় জিমনাষ্টিকছ ফেডাৰেচনে। মঙ্গলবাৰে এফ আই জিৰ তৰফৰ পৰা কোৱা হৈছে ক’ভিড-১৯ য়ে সৃষ্টি কৰা পৰিবেশৰ বাবেই এনে এক সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
উল্লেখ্য যে টকিঅ’ অলিম্পিকৰ টেষ্ট ইভেণ্ট আছিল এই বিশ্বকাপ প্ৰতিযোগিতাখন। আগন্তুক ৪ মে’ৰ পৰা অনুষ্ঠিত হোৱাৰ কথা আছিল প্ৰতিযোগিতাখন।