Tuesday, July 5, 2022
HomeNewsবাতিল কৰা হৈছে শ্বুটিং বিশ্বকাপ

বাতিল কৰা হৈছে শ্বুটিং বিশ্বকাপ

আগন্তুক জুনৰ ২১ তাৰিখৰ পৰা ২ জুলাইলৈ অনুষ্ঠিত হ’বলগীয়া আই এছ এছ এফ বিশ্বকাপ প্ৰতিযোগিতাখন কৰ’না ভাইৰাছৰ বাবে বাতিল কৰা হৈছে। যাৰ বাবে অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা শ্বুটাৰ সকলে এতিয়া চিধাই টকিঅ’ অলিম্পিকত হে অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিব।

পূব ইউৰোপৰ Azerbaijan ৰ ৰাজধানী Baku ত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখন দেশখনৰ প্ৰশাসনে অনুষ্ঠিত কৰিব পৰা নাযাব বুলি ঘোষণা কৰিছে। তেওঁলোকে কৰ’না ভাইৰাছৰ সংক্ৰমণৰ এই সময়ছোৱাত প্ৰতিযোগিতাখন অনুষ্ঠিত কৰাটো অনুচিত আৰু অসুৰক্ষিত বুলি অনুভৱ কৰিছে। দেশখনৰ শ্বুটিং এচ’ছিয়েশ্বনে কৈছে যে, উপৰোক্ত সকলো দিশৰ প্ৰতি লক্ষ্য কৰি জনাবলগীয়া হৈছে যে আই এছ এছ এফ বিশ্ব কাপ বাকু ২০২১ অনুষ্ঠিত নহ’ব। তেওঁলোকে আকৌ কৈছে, আমি ইয়াৰ বাবে দুঃখিত কিন্তু ইয়াৰ কোনো বেলেগ সমাধান নাই। প্ৰতিযোগীসকলৰ স্বাস্থ্য আমাৰ সকলোৰে বাবে মুখ্য কাৰক।

উল্লেখ্য যে এই প্ৰতিযোগিতাখন বাতিল হোৱাৰ লগে লগে এতিয়া অলিম্পিকৰ পূৰ্বে শ্বুটাৰসকলৰ বাবে আৰু বেলেগ প্ৰতিযোগিতা নাই। যাৰ বাবে তেওঁলোকে চিধাই অলিম্পিকৰ মঞ্চত হে প্ৰতিদ্বন্দিতাত নামিব। ইফালে ভাৰতৰো ১৫ গৰাকী কৈ শ্বুটাৰে অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিছে‌। আশা কৰা হৈছে টকিঅ’ অলিম্পিকত ভাৰতীয় শ্বুটাৰে অধিক পদক লাভ কৰিব পাৰিব। ভাৰতীয় শ্বুটাৰসকলে বিশ্বকাপৰ পৰা আৰম্ভ কৰি বিভিন্ন আন্তঃৰাষ্ট্ৰীয় ইভেণ্টত সুন্দৰ প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

20 + three =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments