Monday, July 4, 2022
HomeNewsবাতিল হ'ব পাৰে মহিলা টি-২০ চেলেঞ্জৰ ২০২১ সংস্কৰণ

বাতিল হ’ব পাৰে মহিলা টি-২০ চেলেঞ্জৰ ২০২১ সংস্কৰণ

বাতিল হ’ব পাৰে মহিলা টি-২০ চেলেঞ্জৰ ২০২১ সংস্কৰণ। তিনিটা দলৰ মাজত অনুষ্ঠিত হোৱা এই টুৰ্ণামেণ্ট আই পি এলৰ প্লে’ অফৰ মেচসমূহ অনুষ্ঠিত হোৱাৰ সময়ছোৱাত অনুষ্ঠিত হোৱাৰ কথা আছিল। কিন্তু কৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে বি চি চি আইয়ে চলিত বৰ্ষৰ এই প্ৰতিযোগিতাখন বাতিল কৰিবলৈ মন মেলিছে।

এ এন আইৰ সৈতে হোৱা এক বাৰ্তালাপত বি চি চি আইৰ অধিকাৰীৰ ফালৰ পৰা কোৱা হৈছে, বৰ্তমান কৰ’না পৰিস্থিতিৰ প্ৰতি লক্ষ্য কৰি মহিলা টুৰ্ণামেণ্টৰ ব্যৱস্থা কৰাটো অতি কঠিন হ’ব।

ইফালে কৰ’নাৰ সংক্ৰমণৰ বাবেই ভ্ৰমণত থকা প্ৰতিবন্ধকতা, বৈমানিক যাত্ৰাৰ প্ৰতিবন্ধকতা আদিৰ মাজত বিদেশী খেলুৱৈৰ সৈতে প্ৰতিযোগিতা অনুষ্ঠিত কৰাটো সহজ নহ’ব বুলি ধাৰণা কৰা হৈছে। ইয়াৰ লগতে এই প্ৰতিযোগিতাখনৰ লগত জড়িত খেলুৱৈৰ স্বাস্থ্যৰ দিশটোৱেও অতি গুৰুত্বপূৰ্ণ। সেয়ে সময়ত প্ৰতিযোগিতাখন বাতিল কৰাটো প্ৰায় নিশ্চিত বুলি ধাৰণা কৰা হৈছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

six + eleven =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments