বাদ ক্ৰিকেট ক্লাবৰ দখলত তৃতীয় অসম প্ৰীমিয়াৰ ক্লাব চেম্পিয়নশ্বিপৰ খিতাপ

সফলতাৰে সামৰণি পৰিল তৃতীয় অসম প্ৰীমিয়াৰ ক্লাব চেম্পিয়নশ্বিপ। অসম ক্ৰিকেট সন্থাৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিখনৰ আজিৰ চূড়ান্ত খেলখনত গুৱাহাটীৰ বাদ ক্ৰিকেট ক্লাবে বৰপেটাৰ ক্লাব ত্ৰিৰংগক ১০ ৰানত পৰাস্ত কৰি চেম্পিয়নৰ খিতাপ দখল কৰিবলৈ সক্ষম হয়।

প্ৰতিযোগিতাৰ আজিৰ চূড়ান্ত খেলখনত বাদ ক্ৰিকেট ক্লাবে প্ৰথমে বেটিং কৰিবলৈ আহি ৩৫ অভাৰত স্বৰূপম পুৰকায়স্থৰ ৫৭ ৰান, পৰাগ দাসৰ অপৰাজিত ৩৮ ৰান আৰি পাৰভিজ আজিজৰ ২৩ ৰানৰ সহায়ত ৫ উইকেটৰ বিনিময়ত ১৬২ৰান কৰিবলৈ সক্ষম হয়। ইয়াৰ পিছত ক্লাব ত্ৰিৰংগ‌ই নিৰ্দিষ্ট লক্ষ্য আগত লৈ খেল পথাৰত নামি নিৰ্ধাৰিত অভাৰত ৬ উইকেট হেৰুৱাই ১৫২ ৰান সংগ্ৰহ কৰে। ফলস্বৰূপে দলটো ১০ৰানত পৰাস্ত হ’বলগীয়া হয়। ক্লাব ত্ৰিৰংগৰ হৈ মানস গগৈয়ে সৰ্বাধিক ৪৮ ৰান কৰিবলৈ সক্ষম হয়।

ইয়াৰ পিছতে চেম্পিয়ন দলটোক ট্ৰফীসহ ১৫ লাখ টকাৰ পুৰস্কাৰ প্ৰদান কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। আনহাতে বিজিত দলটোক প্ৰদান কৰা হয় ট্ৰফীসহ ৭.৫লাখ টকা।

ইয়াৰ উপৰিও প্ৰতিযোগিতাখনৰ চেমি ফাইনেলিষ্ট তিনিচুকীয়াৰ সপ্তৰ্ষী ক্লাব আৰু ক্ৰিকেট ক্লাব অফ ডিব্ৰুগড়ক ৫ লাখকৈ টকা প্ৰদান কৰা হয়।

প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈৰ লগতে চূড়ান্ত খেল খনৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিবেচিত হয় বাদ ক্ৰিকেট ক্লাবৰ স্বৰূপম পুৰকায়স্থ। শ্ৰেষ্ঠ বেটছমেন হিচাপে পৰিগণিত হয় হোজাইৰ টিপ টপ ক্লাবৰ সৌম্যদীপ দাস। আনহাতে শ্ৰেষ্ঠ বলাৰ, শ্ৰেষ্ঠ উইকেট কীপাৰ, শ্ৰেষ্ঠ ফিল্ডাৰৰ খিতাপ দখল ক্ৰমে ক্ৰমে লখিপুৰ এভাৰেষ্ট ক্লাবৰ নীহাৰ পাল, ক্ৰিকেট ক্লাব অফ ডিব্ৰুগড়ৰ অংকুশ মজুমদাৰ, বৰপেটাৰ ত্ৰিৰংগ ক্লাবৰ দেনিশ দাসে।

উল্লেখ্য যে তৃতীয় অসম প্ৰীমিয়াৰ ক্লাব চেম্পিয়নশ্বিপখনৰ চূড়ান্ত খেলখন আজি ডিব্ৰুগড়ৰ জালান আউটড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত হয়। চূড়ান্ত খেল খেনৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। ইয়াৰ উপৰিও বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন গগৈ, লাহোৱাল সমষ্টিৰ বিধায়ক ঋতুপৰ্ণ বৰুৱা, ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, হোজাইৰ বিধায়ক শিলাদিত্য দেৱ, মৰাণৰ বিধায়ক চক্ৰধৰ গগৈ, অসম ক্ৰিকেট সন্থাৰ সভাপতি ৰমেন দত্ত, উপসভাপতি পৰীক্ষিত দত্ত, সম্পাদক দেৱজিৎ শ‌ইকীয়া, ট্ৰজাৰাৰ ত্ৰিদীপ দুৱৰা, যুতীয়া সম্পাদক কামাখ্যা শ‌ইকীয়া, অসম অলিম্পিক সন্থাৰ সহকাৰী সম্পাদক অৰুণ জ্যোতি মৰাণকে ধৰি বিভিন্ন অনুষ্ঠানৰ লগত জড়িত বহু কেইজন বিশিষ্ট ব্যক্তি।

Leave a Reply

Your email address will not be published. Required fields are marked *