বানত ভলীবল খেলুৱৈৰ সলিল সমাধি
অলিম্পিয়াৰ হৈ দীপক কুমাৰ দাসৰ প্ৰতিবেদন: দৰং জিলাৰ হাজৰিকাপাৰা আঞ্চলিক ক্রীড়া সন্থাৰ সদস্য আৰু হাজৰিকাপাৰা ভলীবল প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰাক্তন খেলুৱৈ, দৰং জিলাৰ বৰথেকেৰাবাৰী নিৱাসী গোৱিন্দ্ৰ বৰাই
২০ জুনৰ পুৱা ৪.৩০ বজাত বানত ডুব যোৱা আপোন ঘৰখনৰপৰা প্ৰয়োজনীয় সামগ্ৰী লৈ
নিৰাপদ ঠাইলৈ কলৰ ভুৰেৰে যাত্ৰা কৰা মুহূৰ্ততে পানীত ডুবি অকাল মৃত্যু ঘটে ।
মৃতদেহটো এছ ডি আৰ এফে সন্ধিয়া ৬ বজা মানত উদ্ধাৰ কৰিবলৈ সক্ষম হয় । ২৭ বছৰীয়া বৰাই মৃত্যুৰ
সময়ত ৩ বছৰীয়া একমাত্ৰ ল’ৰাটো আৰু পত্নীৰ লগতে অসংখ্য গুণমুগ্ধক এৰি থৈ যায় । তেওঁৰ মৃত্যুত অসম ভলীবল সন্থাৰ সভাপতি সুশান্ত বিশ্ব শৰ্মা, ভাৰতীয় ভলীবল দলৰ প্রাক্তন অধিনায়ক অভিজিৎ ভট্টাচার্য, অসম ভলীবল মিছন ১০০ৰ সভাপতি ড° স্বাক্ষৰ সৌৰভ তালুকদাৰ, সম্পাদক সঞ্জীৱ শৰ্মা, কোষাধ্যক্ষ জয়ন্ত শর্মা, হাজৰিকাপাৰা আঞ্চলিক ক্রীড়া সংঘৰ সম্পাদক চন্দ্ৰ কুমাৰ শৰ্মা, ৰাষ্ট্ৰীয় ভলীবল ৰেফাৰী জয়ন্ত শর্মাকে
আদি কৰি বিশিষ্ট ব্যক্তিসকলে গভীৰ শোক প্রকাশ কৰে ।
উল্লেখ্য যে ২০০৩ বৰ্ষত হাজোত অনুষ্ঠিত আন্তঃজিলা মিনি ভলীবল প্রতিযোগিতাৰ চূড়ান্ত খেলত কোকৰাঝাৰ দলৰ বিৰুদ্ধে পৰাস্ত হোৱা মঙলদৈ জিলা দলৰ খেলুৱৈ আছিল গোৱিন্দ বৰা ।