Friday, September 30, 2022
HomeNewsবাবৰ- ৰিজুৱানৰ বিশ্ব ৰেকৰ্ডৰে পাকিস্তানৰ জয়

বাবৰ- ৰিজুৱানৰ বিশ্ব ৰেকৰ্ডৰে পাকিস্তানৰ জয়

অলিম্পিয়া প্ৰতিবেদন

বাবৰ আজম আৰু মহম্মদ ৰিজুৱানৰ বিশ্ব ৰেকৰ্ডৰ সহায়ত ইংলেণ্ড দলক ১০ উইকেটত পৰাস্ত কৰিলে পাকিস্তান ক্ৰিকেট দলে ৷ কৰাচিত বৃহস্পতিবাৰে এই জয়েৰে পাকিস্তানে ভ্ৰমণকাৰী দল ইংলেণ্ডৰ বিৰুদ্ধে টি – ২০ শৃংখলাত ১-১ ত সমতা স্থাপন কৰে ৷ ইংলেণ্ডে নিৰ্ধাৰিত অভাৰত ৫ উইকেটত সংগ্ৰহ কৰে ১৯৯ ৰাণ ৷ দলটোৰ হৈ মঈন আলীয়ে ৫৫, বেন ডাকেটে ৪৩ আৰু অপেনাৰ ফিলিপ ছল্টে ৩০ ৰাণৰ বৰঙণি যোগায় ৷ বলিঙত পাকিস্তানৰ হৈ শ্বাহনাবাজ দাহানি আৰু হাৰিছ ৰৌফে ২ টাকৈ উইকেট দখল কৰে ৷ জয়ৰ বাবে ২০০ ৰাণৰ লক্ষ্য আগত ৰাখি পাকিস্তানে ১৯.৩ অভাৰত কোনো উইকেট নেহেৰুৱাকৈ ২০৩ ৰাণ সংগ্ৰহ কৰি বিজয়ী হয় ৷ অধিনায়ক বাবৰ আজমে ১১০ আৰু মহম্মদ ৰিজুৱানে ৮৮ ৰাণত অপৰাজিত হৈ ৰয় । বাবৰে ৬৬ টা বলত ১১ টা চাৰি, ৫ টা ছয় আৰু ৰিজুৱানে ৫১ টা বলত ৫ টা চাৰি আৰু ৪ টা ছয়েৰে এই বিশাল ৰাণৰ পাহাৰ গঢ়ে । টি- ২০ ক্ৰিকেটত প্ৰতিপক্ষৰ ৰাণ অনুসৰণ কৰাৰ বেলিকা এই যুটিৰ এয়া হ’ল বিশ্ব অভিলেখ । ইয়াৰ আগৰ অভিলেখো আছিল তেওঁলোক দুজনৰ নামত । দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে তেওঁলোকে ১৯৭ ৰাণৰ যুটি গঢ়িছিল ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

fourteen + 14 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments