Monday, October 3, 2022
HomeNewsবাৰ্চিলোনা এৰিব মেচিয়ে! ২-৮ ত পৰাজয়ৰ বেদনা

বাৰ্চিলোনা এৰিব মেচিয়ে! ২-৮ ত পৰাজয়ৰ বেদনা

অলিম্পিয়াৰ প্ৰতিবেদন

চেম্পিয়নছ লীগত ২-৮ ত পৰাজয় হোৱাৰ পিছতেই বাৰ্চিলোনালৈ আহিছে এটাৰ পিছত এটা বেয়া খবৰ। ক্লাৱটোৰ প্ৰশিক্ষকগৰাকীক তৎকালীনভাৱে বৰ্খাস্ত কৰাৰ পিছতে এতিয়া ক্লাৱটোৰ প্ৰাণ সদৃশ লিয়নেল মেচিও বাৰ্চিলোনা এৰি যোৱাৰ মন মেলিছে। যদি সেয়াই হয় তেনে বাৰ্চিলোনা আৰু মেচিৰ মাজৰ যি আত্মিক সম্পৰ্ক সেয়া ধ্বংস হোৱাটো নিশ্চিত।

এজন ৰোগাক্ৰান্ত ব্যক্তিৰ ফুটবল ভালপোৱা কণমানি ল’ৰাটো এসময়ত হৈ পৰিছিল উপাৰ্জনৰ একমাত্ৰ উৎস। ফুকবল খেলিয়েই চলাইছিল ঘৰ। মাত্ৰ ১৩ বছৰ বয়সতে ফুটবলৰ নানান কৌশল আয়ত্ব কৰি খেলপথাৰত অদমনীয় হৈ পৰা লিয়নেল মেচি বাৰ্চিলোনালৈ আহিছিল ১৩ বছৰ বয়সতে। চুক্তি হৈছিল এখন নেপকিন পেপাৰত। যি চুক্তিৰ বাবে মেচি হৈ পৰিছিল বাৰ্চিলোনাৰ, বাৰ্চিলোনা হৈ পৰিছিল লিয়নেল মেচি।

বৰ্তমানলৈকে মেচিয়ে বাৰ্চিলোনাক ৪ বাৰ চেম্পিয়নছ লীগৰ খিতাপ স্পৰ্শ কৰিবলৈ সুযোগ দিছে। দিছে ১০ বাৰ লা লীগৰ খিতাপ। সকলো মিলাই সুদীৰ্ঘ ২০টা বছৰত মেচিৰ সহায়ত বাৰ্চিলোনাই সংগ্ৰহ কৰিছে ৩৪টা খিতাপ। বাৰ্চিলোনাৰ হৈ মেচিয়ে দিছে ৬৩০ গ’ল।

শেহতীয়াকৈ খবৰ ওলাইছে বাৰ্চিলোনা ত্যাগ কৰিব মেচিয়ে। তেনে ক’লৈ যাব মেচি? প্ৰকাশিত খবৰ অনুসৰি মেচিক চুক্তিবদ্ধ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে চাৰিটা বিশেষ ক্লাবে। প্ৰথমেই নাম ওলাইছে মানচেষ্টাৰ চিটিৰ। ক্লাবটোৱে বিফলতাৰ মাজেৰে চলিচ চিজনত আগবাঢ়িছে। ইতিমধ্যে বাহিৰ হৈছে চেম্পিয়নছ লীগৰ পৰা। জয় কৰিবলৈ সক্ষম হোৱা নাই ঘৰুৱা লীগ। গতিকে যিকোনো মূল্যৰ বিনিময়ত মেচিক চুক্তিবদ্ধ কৰি তেওঁৰ সহায়ত ঘৰুৱা আৰু ইউৰোপীয় লীগ জয় কৰাৰ সপোন দেখিছে ক্লাবটোৱে।

মেচিক চুক্তিবদ্ধ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰা ক্লাবৰ তালিকাত দ্বিতীয় স্থানতে আছে ইণ্টাৰ মিলান। তৃতীয় স্থানত আছে Newell’s old Boys আৰু চতুৰ্থ স্থানত আছে অল চাদ। ইয়াৰে অ’ল্ড বয়জৰ হৈ মেচিয়ে ৬ বছৰ বয়সৰ পৰাই ফুটবল খেলিবলৈ আৰম্ভ কৰিছিল‌। ক্লাবটোৰ হৈ ৫০০ গল কৰিছিল মেচিয়ে। আনহাতে অল চাদ কাটাৰৰ ক্লাব। যিহেতু কাটাৰতেই বিশ্বকাপ অনুষ্ঠিত হ’ব গতিকে ক্লাবটোৰ লগত মেচিক জড়িত কৰি এটা পৰিবেশ তৈয়াৰ কৰাৰ চিন্তা কৰিছে ক্লাবটোৱে।

এইসকলোবোৰৰ উপৰিও একাংশ‌ই ক’ব বিচাৰে যে মেচিক বাৰ্চিলোনা‌ই এৰি নিদিব। কিন্তু মেচিক বাৰ্চিলোনাত ৰাখিবলৈ ক্লাবটোৰ হাতত এতিয়া আৰু অধিক ধন নাই। এই খবৰ ইতিমধ্যে প্ৰকাশ পাইছে। বিগত বৰ্ষত ক্লাবটোৱে তিনি গৰাকী ফুটবলাৰৰ নামত ব্যয় কৰিছিল ৩৫৪০ কোটি টকা। ইয়াৰ উপৰিও কৰ’না কালত হোৱা লোকচানৰ ফলত ক্লাবটোৰ হাতত জমা ধনৰ পৰিমাণ কমি আহিছে। খবৰ ওলাইছে বাৰ্চিলোনাই ইচ্ছা কৰিলেও মেচিক ক্লাবত ৰাখিব নোৱাৰে। মেচিয়ে বিচৰা ধনৰাশী পৰিশোধ কৰিবলৈ বাৰ্চিলোনা অসমৰ্থ।

উল্লেখ্য যে মেচিয়েই হৈছে পৃথিৱীৰ আটাইতকৈ ধনী ফুটবলাৰ। বিগত বৰ্ষত তেওঁ প্ৰতিদ্বন্দী ৰনাল্ড’তকৈ ১০৮কোটি অধিক ইনকাম কৰিবলৈ সক্ষম হৈছিল। বৰ্তমান মেচিৰ ইনকাম হৈছে ১১৮০ কোটি টকা।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

four × four =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments