১৯ মে’, গুৱাহাটী: তাৰকা ফুটবলাৰ লিয়োনেল মেছিৰ বাৰ্চিলোনা স্পেনিছ ফুটবল লীগ লা লিগাৰ খিতাপ দৌৰৰ পৰা বাহিৰ হৈছে। লীগত বাৰ্চিলোনাৰ প্ৰদৰ্শন আছিল যথেষ্ট হতাশাজনক। অৱশ্যে লীগত বাৰ্চিলোনাৰ এই পৰাজয়ৰ পিছতো মেছিৰ মূল্য কোনো গুণে হ্ৰাস পোৱা নাই। বৰঞ্চ তেওঁৰ চাহিদা বৃদ্ধিহে পাইছে।
দৰাচলতে, বাৰ্চিলোনাৰ সৈতে ষ্ট্ৰাইকাৰ মেছিৰ চুক্তি সমাপ্ত হোৱাৰ পথত। তেওঁ পুনৰ বাৰ্চিলোনাৰ লগত চুক্তিত আৱদ্ধ হ’ব নে আন কোনো নতুন ক্লাবৰ সৈতে চুক্তি স্বাক্ষৰ কৰাৰ পৰিকল্পনা কৰিছে সেই বিষয়ত এতিয়ালৈকে কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই।
সকলোৰে জ্ঞাত মেচি এনে এজন খেলুৱৈ যাৰ সৈতে স্বাক্ষৰ কৰাটো সহজ নহয়। তথাপিও ইংলিছ ক্লাব ম্যানচেষ্টাৰ চিটি, ম্যানচেষ্টাৰ ইউনাইটেড আৰু পেৰিছ ছেইণ্ট জাৰ্মেইনৰ মাজত মেচিক নিজ ক্লাবত অন্তৰ্ভুক্ত কৰাৰ এক খেলা চলি আছে।
সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, এই ক্লাবসমূহৰ মাজত মেচিক অন্তৰ্ভুক্ত কৰাৰ খেলাখনত আগবাঢ়ি আছে মানচেষ্টাৰ চিটি।ক্লাবটোৱে মেছিৰ সৈতে এবছৰীয়া চুক্তি কৰিবলৈ ইচ্ছুক। ইয়াৰ বাবে, ক্লাবটোৱে আৰ্জেণ্টিনাৰ খেলুৱৈজনক ২৫ নিযুত পাউণ্ড অৰ্থাৎ ৩ বিলিয়ন টকালৈকে দিবলৈ সাজু হৈছে।
যদি মেছিয়ে ম্যানচেষ্টাৰ চিটিৰ সৈতে চুক্তিত স্বাক্ষৰ কৰে তেন্তে মেছি প্ৰিমিয়াৰ লীগৰ ইতিহাসত সৰ্বাধিক উপাৰ্জন কৰা খেলুৱৈলৈ পৰিগণিত হ’ব। খবৰ অনুসৰি মেছিয়ে ম্যানচেষ্টাৰ চিটিৰ মেনেজাৰ পেপ গৰ্ডিওলাৰ সৈতেও কথা পাতিছিল। ইফালে বাৰ্চিলোনাৰ মেনেজাৰ ৰোনাল্ড কোমানে দাবী কৰিছে মেছিয়ে বাৰ্চিলোনা এৰি নাযাব। অৱশ্যে ৰোনাল্ডোৱে এই বিষয়ত চূড়ান্ত সিদ্ধান্ত মেছিয়ে নিজেই ল’ব লাগিব বুলিও উল্লেখ কৰিছে।