Friday, September 30, 2022
HomeNewsবিগ ব্ৰেকিং; অলিম্পকলৈ যাব নোৱাৰিব হিমা!

বিগ ব্ৰেকিং; অলিম্পকলৈ যাব নোৱাৰিব হিমা!

অলিম্পিকৰ পূৰ্বে অসম তথা ভাৰতবাসীৰ আশাত যেন চেঁচাপানী পৰিল। ৪০০ মিটাৰৰ বিশ্ব জুনিয়ৰ চেম্পিয়ন আৰু এছিয়ান গেম্ছত ৰূপৰ পদক লাভ কৰা ধিং এক্সপ্ৰেছ হিমা দাসে এই বছৰ আঁতৰি থাকিব নিজৰ পছন্দৰ ইভেণ্ট (৪০০ মিটাৰ)ৰ পৰা। ইয়াৰ বিপৰীতে মনযোগ দিব ২০০ মিটাৰত। হিমাৰ এই সিদ্ধান্তৰ লগে লগে ব্যক্তিগত ইভেণ্টত হিমাৰ অলিম্পিকৰ টিকট লাভ কৰাৰ সম্ভাৱনা প্ৰায় শেষ হ’ল। দেশৰ আগশাৰীৰ সংবাদ পত্ৰ ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশ পোৱা বাতৰি অনুসৰি হিমাই ৪০০ মিটাৰ ইভেণ্টলৈ অহা বছৰহে প্ৰত্যাৱৰ্তন কৰিব। মূলতঃ আঘাতৰ সমস্যা আৰু জ্বৰৰ বাবে এই সিদ্ধান্ত ল’বলগীয়া হৈছে ‘ধিং এক্সপ্ৰেছ’ হিমা দাসে।

” হিমা দাস ৪০০ মিটাৰৰ বাবে এতিয়া একেবাৰে প্ৰস্তুত নহয়। প্ৰয়োজন অনুসৰি এতিয়া হিমা ফিট নহয় আৰু ৪০০ মিটাৰৰ বাবে ভাল প্ৰশিক্ষণ আৰু শক্তিৰ প্ৰয়োজন আছে। বিগত ছিজনৰ দৰে কোনো ভুল কৰিব নিবিচাৰো আমি। লগতে আমি হিমাক বাধ্য কৰাব নিবিচাৰো যদি হিমাক ৪০০ মিটাৰৰ প্ৰতিযোগিতাৰ বাবে কেওঁ তাইৰ ওপৰত হেঁচা আহি পৰিব। হিমা এতিয়া যুৱ খেলুৱৈ আৰু আমি কোনো ধৰণৰ খৰখেদা কৰিব বিচৰা নাই। সেয়েহে পুৰণি ছন্দ ঘূৰাই অনাৰ বাবে ২০০ মিটাৰত মনোযোগ দিবলৈ কোৱা হৈছে।” ___ এইদৰে কয় ভাৰতীয় এথলেটিকছ ফেডাৰেচনৰ হাই পাৰফৰ্মেন্স ডাইৰেক্টৰ ভোলকাৰ হেৰমেনে। উল্লেখ্য যে ভাৰতীয় এথলেটিকছ ফেডাৰেচনে ফেডাৰেচনে মে’ মাহত ভাৰতীয় দল বাছনি কৰিব ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

four × 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments