Friday, September 30, 2022
HomeNewsবিচিচিআইয়ে মুকলি কৰিলে টীম ইণ্ডিয়াৰ নতুন জাৰ্ছি

বিচিচিআইয়ে মুকলি কৰিলে টীম ইণ্ডিয়াৰ নতুন জাৰ্ছি

অলিম্পিয়া প্ৰতিবেদন

টি -২০ বিশ্বকাপৰ পূৰ্বে নতুন ৰূপত টীম ইণ্ডিয়া । বিচিচিআইয়ে মুকলি কৰিলে টীম ইণ্ডিয়াৰ নতুন জাৰ্ছি । এই নতুন জাৰ্ছিৰ ৰং কেনেকুৱা চাওক —- অলিম্পিয়া স্পৰ্টছৰ বিশেষ প্ৰতিবেদন ।

সমাগত ক্ৰিকেটৰ মহাৰণ টি- ২০ বিশ্বকাপ । ১৬ অক্টোবৰৰ পৰা অষ্ট্ৰেলিয়াত ক্ৰিকেট জ্বৰত আক্ৰান্ত হ’ব সমগ্ৰ বিশ্ব । এনে উৎসাহ উদ্দীপনাৰ মাজতে টীম ইণ্ডিয়াৰ নতুন আন্তঃৰাষ্ট্ৰীয় টি – ২০ কিটটো দেওবাৰে মুকলি কৰিলে বৰ্ড অৱ কন্ট্ৰল ফৰ ক্ৰিকেট ইন ইণ্ডিয়া চমুকৈ বি চি চি আয়ে । কিট পৃষ্ঠপোষক এম পি এল স্পৰ্টছৰ উদ্যোগত মুম্বাইৰ এক অনুষ্ঠানত টীম ইণ্ডিয়াৰ নতুন জাৰ্ছি মুকলি কৰা হয় ।

আপোনাৰ জানিবলৈ হয়তো মন যাব —- কেনেকুৱা হ’ব টীম ইণ্ডিয়াৰ এই নতুন জাৰ্ছি ? টীম ইণ্ডিয়াৰ নতুন জাৰ্ছিটোত আকাশী নীলাৰ শ্বেড’ আছে । লগতে কিছু অংশত গভীৰ নীলা ৰঙৰ শ্বেডো আছে । “হৰ ফেন কী জাৰ্ছি” বুলি কোৱা হৈছে টীম ইণ্ডিয়াৰ জাৰ্ছিক । জাৰ্ছি মুকলি কাৰ্যসূচীত উপস্থিত থাকিল ভাৰতীয় ক্ৰিকেট অনুৰাগী ।

বিচিচিআই আৰু এম পি এল স্পৰ্টছে ছচিয়েল মিডিয়া যোগে শ্বেয়াৰ কৰিছে টি – ২০ বিশ্বকাপৰ ভাৰতীয় দলৰ কীট আৰু জাৰ্ছি । নতুন জাৰ্ছিত দেখা পোৱা গৈছে ৰোহিত শৰ্মা, হৰমনপ্ৰীত কৌৰ, হাৰ্ডিক পাণ্ডিয়া, শেফালী বাৰ্মা, সূৰ্য্যকুমাৰ যাদৱ, ৰেণুকা সিঙৰ দৰে তাৰকা খেলুৱৈক । “হৰ ফেন কি জাৰ্ছি” বুলি বিচিচিআইয়ে টুইট কৰিলে নিজৰ অফিচিয়েল ছচিয়েল মিডিয়াত ।

ইফালে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টি – ২০ আই শৃংখলাৰ পূৰ্বে আৰম্ভ হৈছে টি – ২০ আন্তঃৰাষ্ট্ৰীয় ছিৰিজ । মোহালিত অধিনায়ক ৰোহিত শৰ্মাই কিং কোহলিৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে । ৰোহিত শৰ্মাই কোহলিক তৃতীয় অপেনাৰ হিচাপে নিশ্চিত কৰিছে । ৰোহিতৰ মতে কিছুমান মেচত বিৰাট কোহলিক অপেনিং কৰিবলৈ দিয়া হ’ব ।

ক্ৰীড়া অনুৰাগীৰ আশা — নতুন জাৰ্ছিত দুৰ্দান্ত হৈ উঠক ভাৰতীয় দল । টি -২০ বিশ্বকাপত চেম্পিয়নৰ খিতাপ অৰ্জন কৰক ৰোহিত বাহিনীয়ে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

six + twenty =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments