অলিম্পিয়াৰ প্ৰতিবেদন
শ্ৰীলংকাৰ প্ৰাক্তন ক্ৰিকেটাৰ মুৰুলীধৰণৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰিবলৈ আগবাঢ়িছে এখন বোলছবি। ‘৮০০’ নামেৰে নামাকৰণ কৰা এই বায়পিকখনক লৈ এতিয়া সৃষ্টি হৈছে বিতৰ্ক। সৃষ্টি হোৱা বিতৰ্কৰ অৱসান পেলাবলৈ মুৰুলীধৰণে স্পষ্টিকৰণ প্ৰদান কৰিবলগীয়া হৈছে।
মুৰুলীধৰণৰ বায়পিকখনত অভিনয় কৰিবলৈ চুক্তিবদ্ধ কৰা হৈছিল জনপ্ৰিয় তামিল অভিনেতা বিজয় সেতুপতিক। বায়পিকখনত সেতুপতিয়ে কাম কৰিব বুলি খবৰ প্ৰকাশ পোৱাৰ পিছতে তামিল সমাজৰ মাজত বিষয়টোৱে চৰ্চা লখভ কৰে আৰু তেওঁক বায়পিকখন নকৰিবলৈ দাবী কৰে। পৰিস্থিতি এনে পৰ্যায় পালেগৈ যে বিজয় সেতুপতিয়ে বায়পিকখন নকৰাৰ সিদ্ধান্ত লয়।
দৰাচলতে মুৰুলীধৰণৰ ওপৰত শ্ৰীলংকাৰ চিভিল ৱাৰৰ সময়ত LTTE ৰ বিৰুদ্ধে আৰু চৰকাৰৰ সমৰ্থনত ভাষ্য প্ৰদান কৰাৰ অভিযোগ আছে। সেয়ে তামিলসকলে মুৰুলীধৰণৰ বিৰোধিতা কৰি আহিছে।
শেহতীয়াকৈ সৃষ্টি হোৱা ‘৮০০’ ৰ বিতৰ্কৰ বাবে মুৰুলীধৰণে স্পষ্টিকৰণ দিছে। তেওঁ কৈছে, মই কেতিয়াও শ্ৰীলংকান চিভিল ৱাৰত মৃত্যু হোৱা হাজাৰ নিৰীহক লৈ কোনো কথা কোৱা নাই। ময়ো মূলতঃ এজন তামিলেই।
উল্লেখ্য যে মুৰুলীধৰণৰ জীৱনৰ ওপৰত নিৰ্মিত হ’বলগীয়া ‘৮০০’ ত তেওঁ কিদৰে সংঘৰ্ষৰ মাজেৰে এগৰাকী সফল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ হিচাপে পৰিগণিত হৈছিল তাক দেখুওৱা হ’ব। ইয়াৰ উপৰিও শ্ৰীলংকাৰ গৃহ যুদ্ধৰ সময়ছোৱাত তামিলসকলৰ যি দুৰৱস্থাৰ সৃষ্টি হৈছিল তাকো দাঙি ধৰা হ’ব।