Thursday, July 7, 2022
HomeNewsবিদেশী দৰ্শক আবিহনেই টকিঅ' অলিম্পিক

বিদেশী দৰ্শক আবিহনেই টকিঅ’ অলিম্পিক

টকিঅ অলিম্পিকত নাথাকিব বিদেশৰ দৰ্শক। বিদেশী দৰ্শক অবিহনেই অনুষ্ঠিত হ’ব টকিঅ’ অলিম্পিক। ইতিমধ্যে জাপান চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। দেশখনত কৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিব নোৱাৰাৰ বাবেই এনে এক সিদ্ধান্ত গ্ৰহণ কৰিছে জাপান চৰকাৰে।

২৩ জুলাইৰ পৰা ৮ আগষ্টলৈ অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখনক লৈ বিভিন্নধৰণে চৰ্চা চলি আহিছে। জাপানৰ গৰিষ্ঠসংখ্যক লোকে টকিঅ’ অলিম্পিক বাতিল হোৱাটো বিচৰাৰ বিপৰীতে আন্তৰ্জাতিক অলিম্পিক কমিটি আৰু আয়োজক কমিটিয়ে প্ৰতিযোগিতাখন যিকোনো প্ৰকাৰে অনুষ্ঠিত কৰাৰ পোষকতা কৰি আহিছে। প্ৰতিযোগিতাখন সুকলমে অনুষ্ঠিত কৰিবলৈকে তেওঁলোকে খেলুৱৈৰ বাবে কঠোৰ ক’ভিড সংক্ৰান্তীয় নীত নিয়ম নিৰ্ধাৰণ কৰিছে।

সংবাদ মাধ্যমত ইয়াৰ পূৰ্বে প্ৰতিযোগিতাখনত বিদেশৰ দৰ্শকেও উপস্থিত হৈ উপভোগ কৰিব পাৰিব বুলি বাতৰি প্ৰকাশ হৈছিল যদিও অৱশেষত জাপান চৰকাৰে নিশ্চিত কৰিলে বিদেশী দৰ্শক উপস্থিত নথকাৰ কথা।

আনহাতে প্ৰতিযোগিতাখনত বিদেশী দৰ্শক উপস্থিত নাথাকিলেও স্থানীয় দৰ্শক উপস্থিত থকাৰ সম্ভাৱনা আছে। বৰ্তমানলৈকে স্থানীয় দৰ্শক উপস্থিতিৰ ক্ষেত্ৰত কোনো বাধা আৰোপ কৰা নাই জাপান চৰকাৰে। ইয়াৰ বিপৰীতে পৰীক্ষামূলকভাৱে দৰ্শকৰ উপস্থিতিত অনুষ্ঠিত কৰিছে কেইবাখনো প্ৰতিযোগিতা।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

eleven + 10 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments