Thursday, July 7, 2022
HomeNewsবিদেশী প্ৰশিক্ষকে নিষিদ্ধ দ্ৰব্য খোৱাই ধ্বংস কৰিছে ভাৰতীয় খেলুৱৈৰ কেৰিয়াৰ

বিদেশী প্ৰশিক্ষকে নিষিদ্ধ দ্ৰব্য খোৱাই ধ্বংস কৰিছে ভাৰতীয় খেলুৱৈৰ কেৰিয়াৰ

অলিম্পিয়াৰ প্ৰতিবেদন

বিদেশী প্ৰশিক্ষকে ভাৰতীয় খেলুৱৈক নিষিদ্ধ দ্ৰব্য খেলুৱৈক ধ্বংস কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে। এই গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে সংসদৰ স্থায়ী কমিটিৰ বৈঠকত। অভিযোগ উত্থাপন কৰিছে দেশৰ এক বিশেষ ক্ৰীড়া সংস্থাই।

সংসদৰ স্থায়ী কমিটিয়ে টকিঅ’ অলিম্পিকৰ প্ৰস্তুতি সম্পৰ্কে বুজলবলৈ মঙ্গলবাৰে ক্ৰীড়া মন্ত্ৰালয়, ছাই আৰু হকী, ভাৰত্তোলন, শ্বুটি‌ং,মল্লযুঁজ, বক্সিং এই পাঁচটা ৰাষ্ট্ৰীয় ক্ৰীড়া সংস্থাক আমন্ত্ৰণ জনাইছিল। ৰাজ্যসভাৰ সাংসদ বিনয় সহশ্ৰবুদ্ধেৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই ৩০ জনীয়া সংসদৰ স্থায়ী কমিটিৰ বৈঠকত ক্ৰীড়া মন্ত্ৰালয়ৰ ফালৰ পৰা কোৱা হৈছে যে প্ৰতিযোগিতাখনত দুটা অংকৰ পদক দেশে লাভ কৰিব।

ইফালে মঙ্গলবাৰৰ এই বৈঠকতে এক গুৰত্বৰ অভিযোগৰ উত্থাপন হোৱাৰ খবৰ প্ৰকাশ পাইছে এক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত। সংবাদ প্ৰতিষ্ঠানটোৱে উল্লেখ কৰিছে যে মঙ্গলবাৰৰ এই বৈঠকতে এটা ক্ৰীড়া সংস্থাই দাবী কৰিছে যে বিদেশী প্ৰশিক্ষকে ভাৰতীয় খেলুৱৈক নিষিদ্ধ দ্ৰব্য খোৱাই খেলুৱৈৰ কেৰিয়াৰ ধ্বংস কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে। বাতৰিটোত কোৱা হৈছে, অলিম্পিকত পদক দখলৰ পূৰ্ণ সম্ভাৱনা থকা এটা সংস্থাৰ খেলুৱৈক কিয় বিদেশী প্ৰশিক্ষকৰ তত্বাৱধানত প্ৰশিক্ষণ প্ৰদান কৰা হোৱা নাই বুলি সংসদৰ স্থায়ী কমিটিৰ পৰা প্ৰশ্ন কৰা হৈছিল। এই প্ৰশ্নৰ উত্তৰ দিবলৈ গৈয়ে সেই বিশেষ সংস্থাই এই গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

two × 3 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments