বিধানসভাৰ গেলেৰীৰ পৰা…

চলিত বিধানসভাৰ অধিৱেশনত বিধায়ক অশোক কুমাৰ সিংহীৰ এক প্ৰশ্নৰ উত্তৰত ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰালয়ৰ পৰা জনায় যে ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ আঁচনি ‘খেলো ইণ্ডিয়া’ৰ অধীনত ষ্টেডিয়াম নিৰ্মাণৰ বাবে ৰাজ্যখনৰ বিভিন্ন ঠাইৰ পৰা বহু প্ৰস্তাৱ লাভ কৰিছিল। ৰাজ্যখনৰ ক্ৰীড়া জগতখনৰ বাবে স্বাভাৱিকতে ই এক সুখৰ বতৰা। ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ পৰা বৰ্তমানলৈকে বহুকেইখন ষ্টেডিয়াম, বহুমুখী ক্ৰীড়া ভৱন তথা বহুমুখী ক্ৰীড়া প্ৰকল্প নিৰ্মাণৰ বাবে যাৱতীয় প্ৰস্তাৱ আৰু প্ৰাক্‌কলন লাভ কৰিছে। অৱশ্যে এতিয়ালৈকে ভাৰত চৰকাৰে কোনো প্ৰস্তাৱতে অনুমোদন জনোৱা নাই। প্ৰস্তাৱিত ক্ৰীড়া ষ্টেডিয়াম আৰু বহুমুখী ক্ৰীড়া প্ৰকল্পসমূহৰ প্ৰস্তাৱ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত চৰকাৰৰ ভূমিকা লক্ষণীয় হ’ব। মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ এক প্ৰশ্নৰ উত্তৰত ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰালয়ৰ পৰা জনায় যে ডিব্ৰুগড়ৰ চাবুৱাৰ বালিজান পানীয়েৰা গাঁৱত স্থাপন কৰা হ’ব শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়। প্ৰস্তাৱিত ক্ৰীড়া বিশ্ববিদ্যালয়খনৰ বাবে ইতিমধ্যে ভূমি অধিগ্ৰহণ কৰাৰ উপৰি ‘অসম ভূমি অধিগ্ৰহণ আইন ১৯৬৪’  অনুসৰি ক্ষতিপূৰণ প্ৰদান কৰিবলৈ চৰকাৰে উপায়ুক্তৰ নিধিত ১৩,৭৪,৬২,৩৯৬.০০  টকা জমা দিছে। নিশ্চিতভৱে এই খবৰে ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰলৈ কঢ়িয়াই আনিছে সুখৰ বতৰা। উল্লেখ্য যে মণিপুৰৰ পিছত উত্তৰ পূৰ্বাঞ্চলত স্থাপন হোৱা  দ্বিতীয়খন ক্ৰীড়া বিশ্ববিদ্যালয় ৰূপে পৰিগণিত হৈছে শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়।

Leave a Reply

Your email address will not be published. Required fields are marked *