Wednesday, May 18, 2022
HomeNewsবিপদত CSK : এগৰাকী বলাৰ আৰু কেইবাজনো social media সদস্য কৰ'নাত আক্ৰান্ত

বিপদত CSK : এগৰাকী বলাৰ আৰু কেইবাজনো social media সদস্য কৰ’নাত আক্ৰান্ত

অলিম্পিয়াৰ প্ৰতিবেদন

বিপদত CSK । আই পি এল আৰম্ভ হোৱাৰ পূৰ্বেই কৰ’নাত আক্ৰান্ত হৈছে দলটোৰ লগত জড়িত বহুকেইজন ষ্টাফ। জানিব পৰা মতে CSK ৰ এজন বেগী বলাৰ, কেইবাজনো social media ষ্টাফ কৰ’নাত আক্ৰান্ত হৈছে। অৱশ্যে আটাইকেইগৰাকী কৰ’নাত আক্ৰান্ত ষ্টাফ বৰ্তমান সুস্থ হৈ আছে আৰু তেওঁলোকৰ দেহত কৰ’নাৰ কোনোধৰণৰ লক্ষণ দেখিবলৈ পোৱা নাই।

আই পি এলৰ নিয়ম অনুসৰি ডুবাইত পদাৰ্পণ কৰাৰ পিছতে CSK দলটোৰ সকলো খেলুৱৈ, ষ্টাফসহ সকলো খেলুৱৈৰে কৰ’না পৰীক্ষা কৰা হয়। এই পৰীক্ষাৰ ৰিপ’ৰ্ট অহাৰ পিছতে পোহৰলৈ আহিছে খেলুৱৈ আৰু ষ্টাফ কৰ’নাত আক্ৰান্ত হোৱাৰ খবৰ। অৱশ্যে এতিয়ালৈকে আক্ৰান্ত হোৱাসকলৰ নাম ৰাজহুৱা হোৱা নাই।

CSK ৰ যিকেইগৰাকী খেলুৱৈ আৰু social media ষ্টাফ লক্ষণবিহীন কৰ’নাত আক্ৰান্ত হৈছে তেওঁলোকক এতিয়া আইছলেচনত ৰখা হৈছে।

আই পি এলৰ ত্ৰয়োদশ সংস্কৰণৰ বাবে ডুবাইত উপস্থিত হোৱঝ প্ৰতিটো দলেই ৬ দিনৰ কোৱাৰেণ্টাইন পিৰিয়ড অতিক্ৰম কৰাৰ পিছতে অনুশীলন আৰম্ভ কৰাৰ কথা আছিল। CSK ৰ কেইবাজনো ষ্টাফ কৰ’নাত আক্ৰান্ত হোৱাৰ বাবেই এতিয়া দলটো অনুশীলনৰ পৰা বিৰত আছে।

মনকৰিবলগীয়া যে বি চি চি আইৰ নিয়ম অনুসৰি আই পি এল অনুষ্ঠিত হোৱাৰ পূৰ্বে খেলুৱৈসকলক তিনিবাৰ কৰ’না পৰীক্ষা কৰা হ’ব। খেল চলি থকাৰ সময়তো খেলুৱৈ আৰু ষ্টাফৰ এই পৰীক্ষা কৰা হ’ব। কিন্তু দুৰ্ভাগ্যজনকভাৱে CSK ৰ প্ৰথম পৰীক্ষাতে কেইবাজনো ষ্টাফ আৰু এজন বেগী বলাৰ কৰ’নাত আক্ৰান্ত হোৱাটো নিশ্চিত হয়। ইয়াৰ লগে লগে বহুতেই টুৰ্ণামেণ্টখন অনুষ্ঠিত কৰা নকৰাকলৈয়ো প্ৰশ্ন উত্থাপন কৰাৰ লগতে বিতৰ্ক আৰম্ভ হৈছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

one × 3 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments