Thursday, July 7, 2022
HomeNewsবিফলতা আৰু হতাশাৰ মাজেৰে টকিঅ'লৈ স্বপ্নৰ যাত্ৰা

বিফলতা আৰু হতাশাৰ মাজেৰে টকিঅ’লৈ স্বপ্নৰ যাত্ৰা

১৩ মে’ গুৱাহাটী : অংশগ্ৰহণ কৰাটো তেওঁৰ চিন্তাৰ পৰিধিৰ বাহিৰত আছিল, তেওঁ বিচাৰিছিল এটা চাকৰি, যাৰ জৰিয়তে তেওঁ নিজকে ক্ৰীড়া ক্ষেত্ৰত আগুৱাই নিব পাৰে। অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰাটো তেওঁৰ বাবে আছিল এক অকল্পনীয় সপোন। তেওঁ বিচাৰিছিল এনে এগৰাকী প্ৰশিক্ষক যিয়ে আনতকৈ তেওঁৰ প্ৰতিভাক অধিক বিশ্বাস কৰক। এনে এগৰাকী প্ৰশিক্ষক লাভ নকৰালৈকে তেওঁ ৰাষ্ট্ৰীয় খিতাপ জয় কৰাৰ কথাও ভবা নাছিল। ক্ৰীড়া ক্ষেত্ৰত লাভ কৰা  বিফলতা আৰু প্ৰশিক্ষকৰ সমৰ্থনৰ অভাৱত হতাশ হৈয়ে তেওঁ অৱশেষত বিচাৰিছিল মাত্ৰ এটা সংস্থাপন। আৰু এনেকৈয়ে বাৰে বাৰে বিফলতাৰ মুখ দেখি দেখি অৱশেষত এইগৰাকী বিশেষ খেলুৱৈয়ে লাভ কৰিলে ক্ৰীড়া জীৱনৰ চৰম প্ৰাপ্তি। অলিম্পিকত প্ৰতিনিধিত্ব কৰিব দেশক। বিফলতা আৰু হতাশাৰ মাজেৰে আহি চৰম প্ৰাপ্তি লাভ কৰা এইগৰাকী খেলুৱৈ হৈছে মহিলা মল্লযুদ্ধা সীমা বিচলা।

সংগ্ৰামৰ মাজেৰে আগবাঢ়িছিল সীমাৰ জীৱন। কৰ্কট ৰোগত আক্ৰান্ত কৃষক পিতৃৰ জীয়ৰী সীমাই নিজকে পৰিয়ালটোৰ ওচৰত বোজা হিচাপে থিয় হ’ব বিচৰা নাছিল। সেয়ে সীমাই তেওঁৰ প্ৰশিক্ষক পৰমজিৎ যাদৱৰ সহায়ত  ভাৰতীয় ৰে’লত এটা ক্ৰীড়া বিভাগৰৰ খালী পদৰ বাবে ট্ৰেইলত অংশগ্ৰহণ কৰি ২০১৭ চনত ৰে’লৱেৰ এগৰাকী কেৰাণী হিচাপে চাকৰিত যোগদান কৰিছিল। সেই সময়ত সীমাই ভবাই নাছিল যে পৰমজিতৰ পৰা লোৱা এই সাধাৰণ সহায়ে তাইৰ জীৱন আৰু জীৱনৰ  লক্ষ্য চিৰদিনৰ বাবে সলনি কৰিব। সীমাই চাকৰিত যোগদান কৰাৰ পিছতেই পৰমজিতৰ অধীনত প্ৰশিক্ষণ লোৱাৰ ইচ্ছা প্ৰকাশ কৰি তেওঁৰ একাডেমীলৈ স্থানান্তৰিত হৈছিল।

এইদৰেই ক্ৰীড়া ক্ষেত্ৰত আগবাঢ়ি যোৱা সীমা এতিয়া  চতুৰ্থ গৰাকী ভাৰতীয় মহিলা মল্লযুদ্ধা হিচাপে পৰিগণিত হৈছে যিয়ে,  টকিঅ’ ২০২০ (২০২১) লৈ বাবে মুকলি কৰিছে। সীমাই যোৱা সপ্তাহত চফিয়াত অনুষ্ঠিত বিশ্ব কোৱালিফায়াৰত ৫০ কিলোগ্ৰাম শাখাত অলিম্পিক কোটা লাভ কৰিছিল।

যি গৰাকী খেলুৱৈয়ে ২০১৭ চনলৈকে এটা ৰাষ্ট্ৰীয় খিতাপো  জয় কৰিব পৰা নাছিল, তেওঁ এইদৰে বিশ্বৰ আটাইতকৈ বৃহৎ ক্ৰীড়া প্ৰতিযোগিতালৈ যোগ্যতা অৰ্জন কৰাটো  সপোনৰো আগোচৰ আছিল। সীমাৰ প্ৰশিক্ষক পৰমজিৎ, যি নিজে এগৰাকী প্ৰাক্তন মল্লযোদ্ধা, তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে,  তেওঁৰ (সীমাৰ) পেটত জুই লাগিলেও, নিখুঁত কৌশল আৰু যুঁজাৰু মানসিকতা থকাৰ স্বত্বেও, সীমাৰ শৰীৰত পৰ্যাপ্ত শক্তি নাছিল। আপোনাৰ মনটোৱে কেৱল ৰণনীতি প্ৰস্তুত কৰে কিন্তু কাৰ্যকৰীকৰণ শৰীৰেহে কৰিব লাগিব। তেওঁৰ সকলো আছিল কিন্তু শক্তি নাছিল। সঠিক আহাৰৰ অভাৱেই ইয়াৰ আঁৰৰ কাৰণ আছিল।” তেওঁ পুনৰ কয় যে,  “তাই (সীমাই) কেৱল গাখীৰ আৰু ঘৰত বনোৱা খাদ্য গ্ৰহণ কৰিছিল। তাই কিদৰে শক্তিশালী প্ৰতিদ্বন্দীৰ সৈতে প্ৰতিদ্বন্দিতা কৰিব। তাই এটা সাধাৰণ পৰিয়ালৰ পৰা আহিছিল, যিয়ে এই খেলৰ বাবে প্ৰয়োজনীয় ব্যয়বহুল আহাৰৰ খৰচ বহন কৰিব নোৱাৰে। যেতিয়া তাই এটা চাকৰি পালে, মই তাইৰ আহাৰত পৰিপূৰক, শুকান ফল আৰু মাল্টি-ভিটামিন যোগ দিয়াৰ পৰামৰ্শ দিছিলো আৰু তাইৰ খেল সলনি হ’বলৈ আৰম্ভ কৰিছিল।”

ইফালে ২৭ বছৰীয়া সীমাই কৈছে,  তেওঁৰ কেৰিয়াৰত প্ৰথমৰ পৰাই কোনোৱেই তেওঁৰ খেলত প্ৰতি আগ্ৰহ দেখুওৱা নাছিল। তেওঁ ৰোহতকৰ ছোটু ৰাম ষ্টেডিয়ামত প্ৰশিক্ষকৰ কিছু মনোযোগ আৰু নিৰ্দেশনা পাবলৈ  হাঁহাকাৰ কৰিছিল কিন্তু তেওঁ একো পোৱা নাছিল। সীমাই কয়,  “মই বিচাৰিছিলো যে প্ৰশিক্ষকসকলে মোক আন ছোৱালীৰ দৰে কঠোৰ প্ৰশিক্ষণ দিয়ক কিন্তু মোৰ প্ৰশিক্ষণ কেইমিনিটমানতকৈ অধিক নাছিল। মোৰ বেছিভাগ প্ৰশিক্ষণেই মেটৰ বাহিৰত আছিল। মই বিৰক্তি হৈছিলোঁ, সহজে মনোযোগ হেৰুৱাইছিলো কিন্তু কোনেও মোৰ প্ৰতি মনোযোগ নিদিলে। মই নাজানো এনেকুৱা কিয় কৰিলে। যদি আপোনাৰ এজন সক্ষম ‘গুৰু’ (প্ৰশিক্ষক)ৰ সমৰ্থন নাথাকে তেন্তে আপুনি একো কৰিব নোৱাৰে। আৰু মই পৰমজিৎ চাৰক বিচাৰি পাইছিলো।”

ইয়াৰ উপৰিও সীমাই কয়,  ডায়েট হৈছে এনে এক বস্তু যিটো মৌলিক কিন্তু কোনেও মোক কোৱা নাছিল যে মই কি কৰিব লাগিব। “যিদিনা মই চফিয়াত অলিম্পিকৰ অৰ্হতাৰ বাবে মেটত নামিবলগীয়া হৈছিল, চাৰে সেইদিনা ৰাতিপুৱা মোক ফোন কৰিছিল আৰু কৈছিল যে মই অনুশীলনত যি কৰোঁ তাকে কাৰ্যকৰী কৰিব লাগিব আৰু তেনে কৰিলে কোটাটো মোৰ। মোৰ সামৰ্থ্যৰ ওপৰত তেওঁৰ ইমান আত্মবিশ্বাস আছে যে ই মোক আচৰিত কৰে। প্ৰতিবাৰেই তেওঁ শুদ্ধ প্ৰমাণিত হৈছে”।

সীমাৰ কেৰিয়াৰৰ টাৰ্ণিং পইণ্টটো আহিছিল ২০১৭ চনৰ এক দংগল। সীমাই ২০১৭ ত  এক মেট-দংগলত দিব্যা কাক্ৰনৰ সৈতে যুজঁ কৰিছিল আৰু দিব্যা কাক্ৰনতকৈ কম ওজন (সীমাৰ ওজন 55 কিগ্ৰা আৰু দিব্যা 70 কিলোগ্ৰাম) আৰু কম দক্ষ হোৱা স্বত্বেও, সীমাই অভিজ্ঞ প্ৰতিদ্বন্দী দিব্যাৰ বিৰুদ্ধে জয়ী হ’বলৈ সক্ষম হৈছিল।

এইদৰেই কেৰিয়াৰত প্ৰথমৰে পৰা বহুত বেছি সফলতা অৰ্জন নকৰাকৈ, ক্ৰীড়া ক্ষেত্ৰত বৈষম্যৰ বলী হৈ, প্ৰশিক্ষকৰ এলাগী হৈ,  সংবাদ মাধ্যমত কোনো হুলস্থুল নোহোৱাকৈ সীমাই নীৰৱেই যোগ্যতা অৰ্জন কৰিলে টকিঅ’লৈ। ক্ৰীড়া ক্ষেত্ৰত অকলেই বিফলতা আৰু হতাশাক বুকুত সাৱটি লৈ এঢাপ এঢাপকৈ আগুৱাই যোৱা সীমা এতিয়া আৰু অকলশৰীয়া নহয়। সীমাৰ সপোনৰো অগোচৰ এই অলিম্পিক যাত্ৰাত এতিয়া সীমা অকলশৰীয়া নহয়। সীমাৰ লগত আছে ভাৰতবাসীৰ মৰম আৰু আশীৰ্বাদ। ইমান দিনে সীমাই আনৰ পৰা বিচাৰিছিল মনোযোগ আৰু নিৰ্দেশনা, এতিয়া ভাৰতবাসীয়ে সীমাৰ পৰা বিচাৰিছে এটা পদক। অলিম্পিক স্বৰ্ণ জয় কৰক সীমাই। সকলোৰে এয়াই আশা।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

twenty − sixteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments