বিলাসীপাৰাত আন্তঃজিলা ছিনিয়ৰ হেণ্ডবল প্রতিযোগিতা
অলিম্পিয়া প্ৰতিবেদন: অসম হেণ্ডবল সন্থাৰ উদ্যোগত আৰু ধুবুৰী জিলা হেণ্ডবল সন্থাৰ সহযোগত ধুবুৰী
জিলাৰ বিলাসীপাৰাত ১৮ সংখ্যক অচ্যুত বৰুৱা সোঁৱৰণী আন্তঃজিলা ছিনিয়ৰ হেণ্ডবল প্রতিযোগিতা ১৩ মে’ৰ পৰা ১৫ মে’লৈ অনুষ্ঠিত হৈছে। ১৩ মে’ত এই প্রতিযোগিতা উদ্বোধন কৰে অসম ৰাজ্যিক বিপণন নিগমৰ অধ্যক্ষ অশোক কুমাৰ সিংহীয়ে ।
অসম হেণ্ডবল সন্থাৰ সভাপতি অমল নাৰায়ণ পাটোৱাৰীৰ সভাপতিত্বত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত ধুবুৰী জিলাৰ উপায়ুক্ত অন্বামুন এম. পি., আৰক্ষী অধীক্ষক গৌৰৱ অভিজিৎ দিলীপ, অসম হেণ্ডবল সন্থাৰ জ্যেষ্ঠ উপ-সভাপতি, শম্ভু কৰ্মকাৰ, প্ৰফুল্ল তালুকদাৰ, উপ-সভাপতি কুশল দত্ত, বিলাসীপাৰাৰ মহকুমাধিপতি জয় শিৱানী, বিলাসীপাৰা পৌৰসভাৰ পৌৰপতি মনালিছা দাস, বি.জে.পি. দলৰ ধুবুৰী পূব জিলাৰ সভাপতি প্রফুল্ল কলিতাকে ধৰি বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে ।
অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক
ৰাজ্যখনৰ ২১টা ল’ৰা আৰু ১৮ টা ছোৱালী দলে অংশগ্রহণ কৰা এই প্রতিযোগিতাত সহস্রাধিক দৰ্শকৰ উপস্থিতিয়ে খেলসমূহ উত্তেজনাপূর্ণ কৰি তোলে । অহা ১৫ মে’ত এই প্রতিযোগিতাৰ অন্ত পৰিব । সামৰণি অনুষ্ঠানত ৰাজ্যৰ ক্রীড়ামন্ত্রী বিমল বৰা, অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰ ক্ৰমে মুখ্য অতিথি আৰু বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব । এই বাতৰি প্ৰেৰণ কৰিছে অসম হেণ্ডবল সন্থাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক পিকলু ৰয়ে ।