Friday, September 30, 2022
HomeNewsবিশ্বকাপত আজি ভাৰত-বাংলাদেশ

বিশ্বকাপত আজি ভাৰত-বাংলাদেশ

আই চি চি মহিলা টি–২০ বিশ্বকাপত ভাৰত আজি বাংলাদেশৰ মুখামুখি হ’ব৷ ডিফেণ্ডিং চেম্পিয়ন অষ্ট্রেলিয়াক হৰুৱাই আই চি চি মহিলা টি–২০ বিশ্বকাপত অভিযান আৰম্ভ কৰা ভাৰতে আজিৰ মেচখনক অত্যন্ত গুৰুত্বসহকাৰে গ্রহণ কৰিছে৷ কিয়নো, বাংলাদেশে ইয়াৰ পূর্বে কেইবাবাৰো অঘটন ঘটাই ভাৰতক হৰুৱাবলৈ সক্ষম হৈছিল। আকৌ সেই ভুলৰ পুনৰাবৃত্তি নহ’বলৈ আজি স্মৃতি মান্ধানা বাহিনীয়ে বেটিঙত সুন্দৰ প্রদর্শন দাঙি ধৰাটো জৰুৰী। ৷ইতিমধ্যে ভাৰতীয় দলটোৱে অষ্ট্রেলিয়াক পৰাস্ত কৰিলেও অৱশ্যে বেটিঙত বিশেষ আশাপ্রদ প্রদর্শন দাঙি ধৰিবলৈ সক্ষ্যম হোৱা নাছিল।

উল্লেখ্য যে ইয়াৰ পূৰ্বে ২০১৮ চনৰ ফাইনেলত এছিয়া কাপত ভাৰত বাংলাদেশৰ মুখামুখি হৈছিল আৰু অপ্ৰত্যাশিতভাৱে পৰাস্ত হৈছিল। প্ৰতিযোগিতাখনৰ ফাইনেলত ভাৰত বাংলাদেশৰ হাতত তিনি উইকেটত পৰাস্ত হৈছিল৷

আজিৰ মেচখনৰ এক আকৰ্ষণীয় দিশ হ’ব ভাৰতৰ তাৰকা বেটছমেন স্মৃতি মান্ধানা আৰু বাংলাদেশৰ লেগস্পিনাৰ ফাহিমা খাতুনৰ মুখামুখি।কাৰণ ২০১৬চনৰ টি–২০ বিশ্বকাপৰ মেচত বাংলাদেশৰ ফাহিমাই স্মৃতি মান্ধানাক প্ৰথমটো বলতে আউট কৰি পেভিলিয়নমুখী কৰি তুলছিল। আজি আবেলি ৪ঃ৩০ মিনিটৰ পৰা পার্থৰ ৱাকা গ্রাউণ্ডত অনুষ্ঠিত হ’বলগীয়া মেচখনত ভাৰতে কিদৰে পূৰ্বৰ প্ৰতিশোধ পূৰণ কৰে সেয়া লক্ষ্যণীয় হ’ব।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

three × 3 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments