Tuesday, October 4, 2022
HomeNewsবিশ্বকাপত ভাৰত পৰাজয়ৰ সন্মুখীন হোৱাৰ কাৰণ কি জানেনে? গাভাস্কাৰে ব্যাখ্যা কৰিলে এই...

বিশ্বকাপত ভাৰত পৰাজয়ৰ সন্মুখীন হোৱাৰ কাৰণ কি জানেনে? গাভাস্কাৰে ব্যাখ্যা কৰিলে এই পৰাজয়ৰ মূল কাৰণ

অলিম্পিয়াৰ প্ৰতিবেদন

২০১৯ ক্ৰিকেট বিশ্বকাপৰ বাবে ঘোষিত দল বাচনি কৰাত যে নিৰ্বাচকে ভুল কৰিছিল সেয়া এতিয়া বাৰুকৈয়ে অনুভৱ কৰিছে। প্ৰতিযোগিতাখনৰ ছেমি ফাইনেলৰ পৰা ভাৰত বাহিৰ হোৱাৰ পিছতে বিভিন্নজনে এই পৰাজয়ক বিভিন্ন ধৰণেৰে পৰ্যালোচনা কৰিছে। এই পৰ্যালোচনাত এটা কথা স্পষ্ট হৈছে যে নিৰ্বাচকে চাৰি নং স্থানৰ বেটছমেন নিৰ্বাচনত ভুল কৰিছিল।

শেহতীয়াকৈ ভাৰতৰ একালৰ তাৰকা বেটছমেন তথা সৰ্বকালৰ শ্ৰেষ্ঠ ভাৰতীয় ক্ৰিকেটাৰৰ মাজৰ অন্যতম এজন সুনীল গাভাস্কাৰেও এই কথা স্বীকাৰ কৰিছে। তেওঁ স্পষ্টকৈ কৈছে যে চাৰি নং স্থানৰ বাবে উপযুক্ত এজন বেটছমেন নিৰ্বাচন কৰিব নোৱাৰাটো আছিল ২০১৯বিশ্বকাপত ভাৰতে পৰাজয় বৰণ কৰাৰ মূল কাৰণ। তেওঁ কৈছে, আমি বিশ্বকাপ জয় কৰাৰ সুবিধা হেৰুৱালো। ছেমি ফাইনেলত এটা সময়ত ৰবীন্দ্ৰ জাদেজা আৰু ধোনিয়ে জয়ৰ আশা বৃদ্ধি কৰি তুলিছিল। কিন্তু অৱশেষত ভাৰতে পৰাজয় স্বীকাৰ কৰাৰ উপৰিও টুৰ্ণামেণ্টৰ পৰা বাহিৰ হ’বলগীয়া হয়।

তেওঁ আকৌ কয়, ভাৰতৰ আটাইতকৈ বৃহৎ ভুল আছিল চাৰি নং স্থানৰ বাবে এজন উচিত খেলুৱৈ নিৰ্বাচন কৰিব নোৱাৰাটো। যি কথাত আমি ধ্যান দিব লাগিছিল সেই কথাটো হৈছে ৪,৫ আৰু ৬ নং স্থানৰ বাবে বহুত ভাল খেলুৱৈ নিৰ্বাচন কৰা। যোৱা বছৰ বিশ্বকাপত আমি ভুল কৰিলোঁ কাৰণ আমি ৪নং স্থানৰ বাবে এজন ভাল খেলুৱৈ নিৰ্বাচন কৰিব নোৱাৰিলোঁ। যদি আমাৰ হাতত এই স্থানৰ বাবে এজন ভাল বেটছমেন থাকিল হয়, তেনে বিশ্বকাপৰ অন্য এক কাহিনী হ’ল হয়।

মন কৰিবলগীয়া যে ১৫আগষ্টত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা বিদায় লোৱা সুৰেশ ৰাইনায়ো একেই কথাকেই কৈছিল। তেওঁ চাৰি নং স্থানৰ বাবেই ভাৰত পৰাজয় হোৱা বুলি কোৱাৰ লগতে এই স্থানৰ বাবে আম্বাতি ৰায়ডু উপযুক্ত আছিল বুলি উল্লেখ কৰিছিল। তেওঁ কৈছিল ৰায়ডুৱে CSK দলত চাৰি নং স্থানত সুন্দৰ প্ৰদৰ্শন আগবঢ়াই আহিছে।

উল্লেখ্য যে ২০১৯বিশ্বকাপ দল ঘোষণা কৰাৰ সময়ত প্ৰথম পৰ্যায়ত চাৰি নং স্থানৰ বাবে বিজয় শংকৰক নিৰ্বাচন কৰাক লৈ বিতৰ্কৰ সৃষ্টি হৈছিল। দলত স্থান নোপোৱাৰ বাবেই আম্বাতি ৰায়ডুৱে সকলোধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। বিশ্বকাপৰ সময়ছোৱাত অপেনাৰ শিখৰ ধাৱান আৰু বিজয় শংকৰ দুয়ো আঘাতৰ সমস্যাত ভুগিছিল আৰু বহুতেই আশা কৰিছিল ৰায়ডুক অন্ততঃ এতিয়া দলত স্থান দিয়া হ’ব কিন্তু সেইবাৰো নিৰ্বাচকে ৰায়ডুৰ পৰিবৰ্তে ঋষভ পণ্টক হে দলত স্থান দিছিল।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

four − two =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments