Tuesday, October 4, 2022
HomeNewsবিশ্বকাপৰ পূৰ্বে নিজকে পৰীক্ষা কৰাৰ সুযোগ ঃ দুই শক্তিশালী দলৰ বিৰুদ্ধে প্ৰস্তুতি...

বিশ্বকাপৰ পূৰ্বে নিজকে পৰীক্ষা কৰাৰ সুযোগ ঃ দুই শক্তিশালী দলৰ বিৰুদ্ধে প্ৰস্তুতি মেচ ভাৰতৰ

অলিম্পিয়া প্ৰতিবেদন

এছিয়া কাপত ভাৰতৰ ব্যৰ্থতাৰ বাবে অব্যাহত আছে বিভিন্ন সমালোচনা ৷ ইয়াৰ মাজতে সমাগত বিশ্বকাপৰ প্ৰস্তুতি পৰ্বৰ সূচী ঘোষণা কৰিলে আই চি চিয়ে ৷ বিশ্বকাপৰ মূল পৰ্বত খেলাৰ আগতে ভাৰতে দুটা কঠিন দলৰ বিৰুদ্ধে প্ৰস্তুতি মেচ খেলাৰ সুযোগ লাভ কৰিছে ৷ টিম ইণ্ডিয়াই প্ৰথম প্ৰস্তুতি মেচ ১৭ অক্টোবৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিব ৷ ইয়াৰ পাছতে ১৯ অক্টোবৰত নিউজিলেণ্ডৰ বিৰুদ্ধে হ’ব দ্বিতীয়খন প্ৰস্তুতি মেচ ৷ দুয়োখন মেচ হ’ব ব্ৰিছবেন গাব্বাত৷
অৱশ্যে বিশ্বকাপৰ পূৰ্বে দুটা কঠিন প্ৰতিপক্ষৰ বিৰুদ্ধে ভাৰতে টি-২০ শৃংখলা খেলাৰ সুযোগ লাভ কৰিছে ৷ ঘৰুৱা মাটিত দক্ষিণ আফ্ৰিকা আৰু অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তিনিখনকৈ মুঠ ছখন মেচ খেলিব ৰোহিত বাহিনীয়ে ৷ এছিয়া কাপৰ ব্যৰ্থতা পাহৰি বিশ্বকাপৰ বাবে প্ৰস্তুত হোৱাৰ যথেষ্ট সুযোগ লাভ কৰিছে টিম ইণ্ডিয়াই ৷ ইয়াৰ লগতে অষ্ট্ৰেলিয়াৰ পৰিৱেশত দুটাকৈ কঠিন প্ৰতিন্দ্বন্দ্বীৰ বিৰুদ্ধে লাভ কৰা খেলাৰ সুযোগে ভাৰতীয় দলৰ প্ৰস্তুতিত নিশ্চয়কৈ সহায় কৰিব ৷ উল্লেখযোগ্য যে টি-২০ বিশ্বকাপ আৰম্ভ হ’ব ১৮ অক্টোবৰৰ পৰা আৰু শেষ হ’ব ১৫ নৱেম্বৰত ৷ এইবাৰৰ বিশ্বকাপক দুটা পৰ্যায়ত ভাগ কৰা হৈছে ৷ প্ৰাথমিক পৰ্যায় ১৮ অক্টোবৰৰ পৰা ২৩ অক্টোবৰলৈ চলিব ৷ ইয়াৰ পিছত ১২ টা দলক লৈ আৰম্ভ হ’ব টি-২০ বিশ্বকাপৰ মুল পৰ্যায়ৰ মেচসমূহ ৷ ইয়াত অংশ ল’ব ভাৰত, পাকিস্তান, ৱেষ্ট ইণ্ডিজ, ইংলেণ্ড, অষ্ট্ৰেলিয়াৰ দৰে দলবোৰে ৷ প্ৰাথমিক ৰাউণ্ডৰ গ্ৰুপ ‘এ’ত শ্ৰীলংকাই যোগ্যতা অৰ্জনকাৰী আন তিনিটা দলৰ বিৰুদ্ধে খেলিব ৷ ‘বি’ গ্ৰুপত বাংলাদেশৰ লগত আছে আন তিনিটা দল ৷ মুল পৰ্যায়ত কোন চাৰিটা দলে অংশ ল’ব সেয়া নিৰ্ণয় হ’ব ২৩ অক্টোবৰৰ ভিতৰত ৷ বিশ্বকাপত ভাৰতে ২৪ অক্টোবৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে পাৰ্থত প্ৰথমখন মেচ খেলিব ৷ দুয়োখন ছেমিফাইনেল ১১ আৰু ১২ নৱেম্বৰত ক্ৰমে ছিডনি আৰু এডিলেইডত অনুষ্ঠিত হ’ব ৷ ফাইনেলখন হ’ব মেলবৰ্ণত ১৫ নৱেম্বৰত ৷ ২৪ অক্টোবৰত আয়োজক অষ্ট্ৰেলিয়া আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ’ব উদ্ধোধনী মেচ ৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

two × 3 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments