Thursday, July 7, 2022
HomeNewsবিশ্বকাপ ফুটবলৰ টিকট বিক্ৰীৰ পৰিমাণ বৃদ্ধিৰ লগে লগে চিন্তিত আয়োজক

বিশ্বকাপ ফুটবলৰ টিকট বিক্ৰীৰ পৰিমাণ বৃদ্ধিৰ লগে লগে চিন্তিত আয়োজক

বিশ্বকাপ ফুটবলৰ টিকট বিক্ৰীৰ পৰিমাণ বৃদ্ধিৰ লগে লগে চিন্তিত আয়োজক

অলিম্পিয়া প্ৰতিবেদন: ফিফা বিশ্বকাপ ফুটবলৰ টিকট বিক্ৰীৰ পৰিমাণ বৃদ্ধি পোৱাৰ সময়তে চিন্তিত হৈছে আয়োজকসকল ৷ কাটাৰ বিশ্বকাপৰ টিকটৰ চাহিদা তুংগত উঠিছে ৷ অহা ২১ নবেম্বৰৰ পৰা ১৮ ডিচেম্বৰলৈ অনুষ্ঠিত হ’ব ২২ সংখ্যক বিশ্বকাপ ফুটবল টুৰ্ণামেণ্ট ৷

আৰু অধিক পঢ়ক

বিশ্বৰ বিভিন্ন দেশৰ অনুৰাগীয়ে কাটাৰত বিশ্বকাপৰ মেচ চাবলৈ আগ্ৰহী হৈছে ৷ কিন্তু আয়োজকৰ চিন্তা হৈছে ইমান সংখ্যক লোকক থকা মেলাৰ ব্যৱস্থা কৰা যায় কিদৰে ? ইতিমধ্যে টিকট বিক্ৰীৰ সংখ্যাই ১২ লাখৰ সীমা অতিক্ৰম কৰিছে ৷ বাকী আছে মাত্ৰ ৮ লাখ টিকট ৷ অনলাইনত এতিয়াও টিকট বিক্ৰী অব্যাহত আছে ৷ আয়োজকৰ ফালৰ পৰা জনোৱা মতে মুঠ ২০ লাখ টিকট বিক্ৰী কৰা হ’ব ৷

বাকী ১০ লাখ টিকট ফিফাৰ বিভিন্ন কৰ্মকৰ্তা আৰু স্পনচৰৰাৰ কাৰণে সংৰক্ষিত থাকিব ৷ লক্ষ্যণীয় যে কাটাৰৰ ৰাজধানী চহৰ ডোহাৰ জনসংখ্যা মাত্ৰ ২৪ লাখ ৷ বিশ্বকাপৰ সময়ত খেল চাবলৈ বৃহৎ সংখ্যক লোক তাত উপস্থিত হ’ব ৷ ইমান বৃহৎ পৰিমাণৰ লোকক থকাৰ বাবে কি ব্যৱস্থা কৰা হয় সেইটোৱেই এতিয়া চিন্তাৰ বিষয় ৷ মুঠ ৮ খন ষ্টেডিয়ামত খেলিব ৩২ খন দেশে ৷ আটকধুনীয়া সকলোবোৰ ষ্টেডিয়াম ডোহা চহৰৰ আশে পাশে অৱস্থিত ৷

কাটাৰ কৰ্তৃপক্ষৰ তৰফৰ পৰা জনোৱা মতে চহৰখনৰ বিভিন্ন হোটেলত ১ লাখ ৩০ হেজাৰ কক্ষ খালী কৰি ৰখা হ’ব ৷ লগতে থাকিব ১ হেজাৰটা টম্বু ৷ থকা ঠাইৰ সমস্যাৰ বাবে কেৱল মাত্ৰ বিশ্বকাপৰ টিকট থকা লোকেহে সেইখিনি সময়ত কাটাৰত প্ৰৱেশ কৰিব পাৰিব ৷ বিভিন্ন দেশৰ পৰা কাটাৰৰ বাসিন্দাই খেল চাবলৈ আহিব পাৰে ৷

ইয়াৰ বাবে সাজু কৰি ৰখা হ’ব ১৬০ খন বিমান ৷ এইবাৰৰ বিশ্বকাপত অংশগ্ৰহণকাৰী প্ৰতিটো দলত তিনিজনকৈ অতিৰিক্ত খেলুৱৈ দলবোৰে ৰাখিব পাৰিব ৷ দলবোৰৰ সৰ্বোচ্চ খেলুৱৈৰ সংখ্যা হ’ব ২৬ গৰাকী ৷ ক’ৰোনা মহামাৰীৰ বিষয়টো চিন্তা কৰিয়েই ফিফাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

সাধাৰণতে কোনো আন্তৰ্জাতিক ফুটবলত এখন মেচৰ বাবে ২২ জন খেলুৱৈৰ দ্বাৰা দ’ল গঠন হয় ৷ বিশ্বকাপ বা ইউৰোপিঅ’ চেম্পিয়নশ্বিপত ২৩ জন ফুটবলাৰ থাকিব পাৰে ৷ কিন্তু এইবাৰ এই সংখ্যা ২৬ জনলৈ বৃদ্ধি কৰা হৈছে ৷

মধ্যপ্ৰাচ্যৰ দেশ কাটাৰত বিশ্বকাপ ফুটবলৰ বাবে দেশখনৰ আইন কানুন কঠোৰ হৈছে ৷ অবিবাহিত খেলুৱৈ বা অনুৰাগী যিয়েই নহওক তেওঁলোক মৰুৰ দেশখনত সংযমী হ’ব লাগিব ৷ নিজৰ দল জয়ী হ’লেও পাৰ্টী কৰিব নোৱাৰিব ৷ মদ্যপান নিষিদ্ধ কৰা হৈছে ৷ বিশ্বকাপৰ সময়ত কোনো খেলুৱৈ বা দৰ্শকে এই নিয়ম উলংঘা কৰিলে ৭ বছৰ পৰ্যন্ত কাৰাবাসৰ সন্মুখীন হ’ব পাৰে ৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

thirteen − 11 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments