Friday, September 30, 2022
HomeNewsবিশ্বকাপ যোগ্যতা অৰ্জনকাৰী মেচৰ প্ৰস্তুতি শিবিৰৰ ৩৬ ফুটবলালৰ ১৮ জনেই কৰ'নাত আক্ৰান্ত

বিশ্বকাপ যোগ্যতা অৰ্জনকাৰী মেচৰ প্ৰস্তুতি শিবিৰৰ ৩৬ ফুটবলালৰ ১৮ জনেই কৰ’নাত আক্ৰান্ত

অলিম্পিয়া বাৰ্তা

বাংলাদেশ জাতীয় ফুটবল দলৰ বিশ্বকাপ যোগ্যতা অৰ্জন মেচৰ কেম্পৰ বাবে আমন্ত্ৰণ লাভ কৰা ফুটবলাৰসকলৰ এজনৰ পিছত এজন কৰ’নাত আক্ৰান্ত হোৱাৰ খবৰ প্ৰকাশ পাইছে। বাংলাদেশ ফেডাৰেচনৰ পৰা জনোৱা অনুসৰি বিশ্বকাপ যোগ্যতা অৰ্জনৰ বাবে যি প্ৰস্তুতি শিবিৰ অনুষ্ঠিত কৰা হৈছে, তালৈ নিমন্ত্ৰণ লাভ কৰা ৩৬ জন খেলুৱৈৰ ১৮ জনেই কৰ’নাত আক্ৰান্ত হৈছে।

শিবিৰলৈ আমন্ত্ৰণ লাভ কৰা ৩৬ জন খেলুৱৈৰ প্ৰথম পৰ্যায়ত ২৪ জনৰ কৰ’না পৰীক্ষা কৰা হৈছিল। এই পৰীক্ষাৰ অন্তত বুধবাৰে ৪ জন, বৃহস্পতিবাৰে ৭ জন আৰু শুক্ৰ বাৰে পুনৰ ৭ জনৰ দেহত কৰ’নাৰ উপস্থিতি ধৰা পৰে। এইসকলো ফুটবলাৰকে এতিয়া কোৱাৰেণ্টাইন কৰা হৈছে বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে ২০২২ চনত অনুষ্ঠিত হ’বলগীয়া কাটাৰ বিশ্বকাপ আৰু ২০২৩ চনত অনুষ্ঠিত হ’বলগীয়া এছিয়া কাপৰ যোগ্যতা অৰ্জনৰ হেতু প্ৰথম পৰ্যায়ৰ মেচৰ বাবে এক শিবিৰ অনুষ্ঠিত কৰিছিল। শুক্ৰ বাৰৰ পৰা দেশখনৰ গাজীপুৰত অনুষ্ঠিত হোৱাৰ কথা আছিল এই শিবিৰ। এই শিবিৰৰ বাবে নিমন্ত্ৰণ লাভ কৰা ৩৬ গৰাকী ফুটবালাৰৰ ১৮ জনেই এতিয়া কৰ’নাত আক্ৰান্ত হৈছে। মন কৰিবলগীয়া যে আগন্তুক ৮ অক্টোবৰৰ পৰা দেশখনে বিশ্বকাপ যোগ্যতা অৰ্জনৰ বাবে প্ৰথম পৰ্যায়ৰ মেচত অংশগ্ৰহণ কৰিব। প্ৰথমখন মেচেই খেলিব আফগানিস্তানৰ বিপক্ষে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

one + fourteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments