Monday, October 3, 2022
HomeNewsবিশ্বকাপ শক্তি উত্তোলন প্ৰতিযোগিতা: বিবুধ ডেকা আৰু ষ্টেলিনৰ পদক অৰ্জন

বিশ্বকাপ শক্তি উত্তোলন প্ৰতিযোগিতা: বিবুধ ডেকা আৰু ষ্টেলিনৰ পদক অৰ্জন

যোৱা ৫-১০ মাৰ্চলৈ ইউক্ৰেনৰ কীয়েভ চিটিত অনুষ্ঠিত বিশ্বকাপ শক্তি উত্তোলন প্ৰতিযোগিতাত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰি শোণিতপুৰৰ বিবুধ ডেকাই ৪০ বছৰ উৰ্ধৰ মাষ্টাৰ্ছ-২ শাখাৰ ৫৬ কেজি কেটেগৰিত প্ৰথম স্থান অৰ্জন কৰিবলৈ সক্ষম হয়। প্ৰতিযোগিতাখনত আন এগৰাকী শক্তি উত্তোলক কাৰ্বি আংলঙৰ ষ্টেলিন ইংতিয়েও মাষ্টাৰ্ছ-১ শাখাত ৯০ কেজিত স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সক্ষম হয়। দুয়োগৰাকী খেলুৱৈ অসম শক্তি উত্তোলক সন্থাৰ নিয়মীয়া খেলুৱৈ। দুয়োজনকে এই সাফল্যৰ বাবে অসম শক্তি উত্তোলক সন্থাৰ সভাপতি মজনুৰ আলি আৰু কাৰ্যকৰী সভাপতি ভৱজ্যোতি গোস্বামীৰ লগতে সন্থাৰ সম্পাদক অজয় চেতিয়াই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

10 − 4 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments