সমাগত টকিঅ’ অলিম্পিক। ইতিমধ্যে অলিম্পিকৰ বাবে বিভিন্ন ক্ৰীড়াৰ শিতানত খেলুৱৈ সকলে যোগ্যতা অৰ্জন কৰিছে যদিও বেডমিণ্টন, এথলিটকে ধৰি কেইটামান ক্ৰীড়াৰ শিতানত খেলুৱৈয়ে যোগ্যতা অৰ্জন কৰিবলৈ বাকী আছে। ইয়াৰ ভিতৰত অন্যতম হিমা দাস। যদিও হিমাক টকিঅ’ অলিম্পিকৰ ভাৰতীয় দলটোত ৰিলে দলত স্থান দিয়া হৈছে তথাপিও হিমাই ৪০০ মিটাৰত এতিয়াও যোগ্যতা অৰ্জন কৰিবলৈ বাকী আছে। আশা কৰা হৈছে হিমাই এই যোগ্যতা অৰ্জন কৰিব পাৰিব।

মন কৰিবলগীয়া যে ভাৰতীয় ৪০০ মিটাৰ আৰু ৰিলেৰ ভাৰতীয় দলটোৰ মুখ্য প্ৰশিক্ষক হিচাপে আছে ৰাছিয়াৰ Galina Petrovna Bukharina । ৰাছিয়াৰ প্ৰাক্তন এথলিট গৰাকীয়ে বহু কেইখন আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত সফলতা লাভ কৰাৰ উপৰিও ১৯৬৮ চনত মেক্সিক’ত অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন অলিম্পিকত ৪×১০০ মিটাৰ ৰিলেত ব্ৰঞ্জৰ পদক দখল কৰিবলৈ সক্ষম হৈছিল।
অলিম্পিকৰ দৰে প্ৰতিযোগিতাত অঅংশগ্ৰহণ কৰি পদক দখল কৰিলেও Garlina Petrovna Bukharina ই নিজকে এগৰাকী সফল প্ৰশিক্ষক হিচাপেহে দাবী কৰে। তেওঁ ট্ৰেক এৰি ৰাছিয়াত ১৭বছৰ ধৰি প্ৰশিক্ষণ প্ৰদান কৰি জাতীয় দলটোক সু সংগঠিত কৰি তুলিছিল। তেওঁৰ প্ৰশিক্ষণ গ্ৰহণ কৰিয়েই ৰাছিয়াৰ ৪×১০০ ৰিলে দলে ১৯৮৮ চনত বিশ্ব ৰেকৰ্ড সৃষ্টি কৰি স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছিল। এইগৰাকী সফল মহিলা প্ৰশিক্ষকক ২০১৮ চনত ভাৰতৰ ৪০০ মিটাৰ আৰু ৰিলে দলটোৰ মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হৈছিল। তেওঁৰ তত্বাৱধানতে প্ৰশিক্ষণ গ্ৰহণ কৰি আছে ধিং এক্সপ্ৰেছ খ্যাত হিমা দাস সহিতে ভাৰতীয় দলটোৱে। শেহতীয়াকৈ হিমাই তেওঁৰ ইনষ্টাগ্ৰাম হেণ্ডেলত প্ৰশিক্ষক Galina Bukharina ৰ সৈতে বহু অন্তৰংগ মুহূৰ্তৰ ফটো শ্বেয়াৰ কৰিছে। যাক নেটিজেন সকলে খুব পচন্দ কৰিছে। আশা কৰা হৈছে বিশ্ব বিখ্যাত প্ৰশিক্ষক Galina Petrovna Bukharina ৰ তত্বাৱধানত প্ৰশিক্ষণ গ্ৰহণ কৰি থকা হিমা সহিতে ভাৰতীয় দলটোৱে টকিঅ’ অলিম্পিকত উন্নত প্ৰদৰ্শন দাঙি ধৰি দেশ তথা ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিব।
