Wednesday, July 6, 2022
HomeNewsবিশ্ববাসীক কন্দুৱাই বিদায় ললে ছাইমণ্ডে

বিশ্ববাসীক কন্দুৱাই বিদায় ললে ছাইমণ্ডে

বিশ্ববাসীক কন্দুৱাই বিদায় ললে ছাইমণ্ডে

অলিম্পিয়া প্ৰতিবেদন: মৃত্যু যেন এতিয়া তেনেই সহজ । জীৱনৰ প্ৰতিটো খোজত যেন খুব সহজেই ৰৈ থাকে মৃত্যু । ক্ৰিকেট জগতৰ অষ্ট্ৰেলিয়ান দলৰ এজন খ্যাতনামা অলৰাউণ্ডাৰ আন্দ্ৰে ছাইমণ্ড । যাৰ নাম শুনিয়েই এসময়ত কঁপি উঠিছিল ক্ৰিকেটৰ মহা মহা তাৰকাসকল । তেওঁ এতিয়া সোমাই পৰিল ইতিহাসৰ কোনোবা এটি কোণত । বিশ্ববাসীক কন্দুৱাই যোৱা শনিবাৰে এক পথ দুৰ্ঘটনাত চিৰদিনৰ বাবে শুই পৰিল তেওঁ ।

আৰু অধিক পঢ়ক

প্ৰাক্তন অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰজনৰ মৃত্যুৰ পাছতে সমগ্ৰ ক্ৰিকেট বিশ্বত পৰিছে শোকৰ ছাঁ । তেওঁৰ স্মৃতি ৰোমন্থন কৰি ভাগি পৰিছে ক্ৰিকেটৰ বহু মহা তাৰকা । তেওঁৰ আত্মাৰ চিৰশান্তি কামনা কৰি অনুৰাগীয়ে সামাজিক মাধ্যমৰ জৰিয়তে জনাইছে শেষ বাৰ্তা । অনুৰাগীসকলৰ সমান্তৰালভাৱে আদাম গিলখ্ৰীষ্ট, শচীন তেণ্ডুলকাৰ, গ্লেন মেক্সৱেল, ভি ভি এছ লক্ষ্মণ, ৰচিদ খান আদি বহু তাৰকা ক্ৰিকেটাৰে জনাইছে শোকবাৰ্তা ।

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

উল্লেখ্য যে ছাইমণ্ডে অষ্ট্ৰেলিয়ান জাতীয় দলৰ হৈ ২৬ খন টেষ্ট, ১৯৮ খন এদিনীয়া আন্তৰ্জাতিক, ১৪ খন আন্তৰ্জাতিক টি ২০ আৰু ৩৯ খন আইপিএল মেচত দাঙি ধৰে নিজৰ প্ৰদৰ্শন । সেই মেচসমুহত ক্ৰমে ১৪৬২, ৫০৮৮, ৩৩৭ আৰু ৯৭৪ ৰাণেৰে দললৈ আগবঢ়ায় বৃহৎ অৱদান ।

বেটিঙৰ সমান্তৰালভাৱে বলিঙতো সমদক্ষতা থকা কিংবদন্তী ক্ৰিকেটাৰজনে বলিঙৰ জৰিয়তেও দললৈ আগবঢ়ায় বৃহৎ অৰিহণা । তেওঁ দলৰ হৈ ২৬ খন টেষ্টত ২৪ টা, ১৯৮ খন এদিনীয়াত ১৩৩ টা, ১৪ খন আন্তৰ্জাতিক টি ২০ ত ৮ টা আৰু ৩৯ খন আইপিএলৰ মেচত দখল কৰে ২০ টাকৈ উইকেট ।

বিগত মাৰ্চত অষ্ট্ৰেলিয়ান দলে হেৰুৱাই আন এজন কিংবদন্তী খেলুৱৈ শ্বেন ৱাৰ্ণক । শ্বেন ৱাৰ্ণৰ মৃত্যুৰ শোক মাৰ নৌযাওঁতেই যোৱা শনিবাৰে এক পথ দুৰ্ঘটনাত অকাল মৃত্যুক সাৱটি লয় ছাইমণ্ডে । বহুবাৰ বিশ্বকাপজয়ী অষ্ট্ৰেলিয়ান দলৰ দুই স্তম্ভস্বৰূপ কিংবদন্তী ক্ৰিকেটাৰৰ মৃত্যুত দলৰ ক্ষতিৰ খতিয়ান হয়তো দাঙি নধৰিলেও হ’ব । তেওঁলোকৰ অনুপস্থিতিত দলটোৱে যে দুগৰাকী অভিভাৱক হেৰুৱাই বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে সেয়া নিশ্চিত ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

five × three =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments