ক্ৰিকেটৰ জনপ্ৰিয়তা কিমান সেয়া নতুনকৈ উল্লেখ কৰাৰ প্ৰয়োজন নাই। ক্ৰিকেটৰ জৰিয়তে কিমানে তাৰকাৰ স্থানলৈ উন্নিত হৈছে, কিমানে অলেখ-অযুত অনুৰাগী সৃষ্টি কৰিছে,অনুৰাগীৰ বাবে ভগৱানৰ স্থানলৈ উন্নিত হৈছে সেয়া একোটা সংখ্যাৰে আজিৰ সময়ত জনাব নোৱাৰি। তথাপিও আজি আপোনালোকলৈ লৈ আহিছোঁ এনে কেইজনমান ক্ৰিকেটাৰ যিয়ে পৰবৰ্তী সময়ত দেশৰ প্ৰধানমন্ত্ৰীৰ আসন শুৱনি কৰিছে।
ছাৰ আলেক ডগলাচ

ছাৰ আলেক ডগলাচে ১৯৬৩ৰ পৰা ১৯৬৪ চনলৈ বৃটেইনৰ প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব পালন কৰিছিল। বৃটেইনৰ প্ৰধানমন্ত্ৰী হোৱাৰ পূৰ্বে ডগলাছে অক্সফ’ৰ্ড বিশ্ববিদ্যালয় আৰু ক্লাবৰ হৈ প্ৰফেচনেল ক্ৰিকেট খেলিবলৈ আৰম্ভ কৰিছিল। বৃটেইনৰ প্ৰখ্যাত ক্ৰিকেট ক্লাব Middlesex ক্লাবৰ হৈ ডগলাচে ১৯২৪ ৰ পৰা ১৯২৭ লৈ ১০ খন প্ৰথম শ্ৰেণীৰ খেলিছিল । এই ১০ খন মেচত তেওঁ সংগ্ৰহ কৰিছিল সৰ্বমুঠ ১৪৭ ৰান। এখন মেচত তেওঁৰ সৰ্বোচ্চ ৰান আছিল ৩৭। আনহাতে মেডিয়াম পেছ বল কৰা ডগলাচে কেৰিয়াৰত ১২ টা উইকেট দখল কৰিছিল। ইয়াৰ উপৰিও ডগলাচে দক্ষিণ আমেৰিকা ভ্ৰমণ কৰি আৰ্জেণ্টিনাৰ বিৰুদ্ধে তিনিখন আন্তঃৰাষ্ট্ৰীয় মেচত অংশগ্ৰহণ কৰিছিল।
ফ্ৰেন্সিছ বেল

ছাৰ ফ্ৰেন্সিছ বেল প্ৰথমগৰাকী নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী যিয়ে দেশখনত জন্মগ্ৰহণ কৰিছিল। মাত্ৰ কেইটামান দিনৰ বাবে নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী হোৱা ছাৰ ফ্ৰেন্সিছ বেলে কৈশোৰ কালত প্ৰথম শ্ৰেণীৰ মেচ খেলিছিল। ছাৰ ফ্ৰেন্সিছ বেলে উইলিংটনৰ হৈ দুখন প্ৰথম শ্ৰেণীৰ মেচ খেলাৰ পিছত ৰাষ্ট্ৰীয় দলত স্থান লাভ নকৰাত নিজৰ ক্ৰিকেটিয় সামগ্ৰী আঁতৰাই থৈ ৰাজনীতিত ভৰি দিয়ে। উইলিংটনৰ মেয়ৰ হিচাপে ৰাজনীতিত ভৰি দিয়া এইগৰাকী বিফল ক্ৰিকেটাৰে ১৯২৫ চনত ১০ মে’ৰ পৰা ৩০ মে’লৈ মাত্ৰ কেইটামান দিনৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব পালন কৰিব পাৰিছিল।
কামিছেছ মাৰা

দ্বীপ ৰাষ্ট্ৰ ফিজিৰ প্ৰতিষ্ঠাপক পিতৃ বুলি পৰিচিত ৰাতু ছাৰ কামিছেছ মাৰাইয়ো প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত আত্মপ্ৰকাশ কৰিছিল। ১৯৫৩-৫৪ চনত নিউজিলেণ্ডত অ’টাগো আৰু কেণ্টাৰবাৰীৰ বিৰুদ্ধে দুখন প্ৰথমশ্ৰেণীৰ মেচ খেলিছিল। ফিজিৰ দলটোৰ সহ-অধিনায়কৰ দায়িত্ব লাভ কৰা কামিছেছ মাৰাৰ ক্ৰিকেটৰ কেৰিয়াৰ দুৰ্ভাগ্যজনকভাৱে আঘাতৰ বাবে সমাপ্ত ঘটে। কেণ্টাৰবাৰীৰ বিৰুদ্ধে খেলা মেচখনত ৪০ ৰান কৰি থকাৰ সময়ত সোঁ বাহুত আঘাতৰ সন্মুখীন হয় তেতিয়াই ক্ৰিকেটৰ পৰা বিদায় ল’বলগীয়া হয়। কেৰিয়াৰত এইগৰাকী ক্ৰিকেটাৰে ৮ টা উইকেট দখল কৰিবলৈ সক্ষম হৈছিল।
ইমৰান খান

এইগৰাকী ক্ৰিকেটাৰ প্ৰধানমন্ত্ৰীৰ বিষয়ে কোনে নাজানে! ক্ৰিকেটৰ পৰা গৈ পাকিস্তানৰ প্ৰধানমন্ত্ৰী হবলৈ ইমৰান খানক প্ৰয়োজন হৈছিল ২০ টা বছৰ। ১৯৭১ চনৰ পৰা ১৯৯২ চনলৈ ইমৰান খানে পাকিস্তানৰ হৈ ৮৮ খন টেষ্ট মেচ, ১৭৫ খন এদিনীয়া খেলিছিল। ইয়াৰ উপৰিও ১৯৯২ চনৰ বিশ্বকাপ বিজয়ী দলৰ তেওঁ আছিল অধিনায়ক। পাকিস্তানৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী ইমৰান খানক দেশখনৰ এজন মহান ক্ৰিকেটাৰ আখ্যা দিয়াৰ উপৰিও বিশ্বৰো এজন ভাল সফল ক্ৰিকেটাৰৰ তালিকাত নাম উচ্চাৰণ কৰা হয়।
নৱাজ শ্বৰিফ

পাকিস্তানৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী ইমৰান খানেই দেশখনৰ একমাত্ৰ ক্ৰিকেটাৰ প্ৰধানমন্ত্ৰী নহয়। তেওঁৰ পূৰ্বৰ প্ৰধানমন্ত্ৰী আৰু ৰাজনৈতিক শত্ৰু নৱাজ শ্বৰিফো আছিল এজন ক্ৰিকেটাৰ। অৱশ্যে শৱাজ শ্বৰিফ ইমৰান খানৰ দৰে সফল হ’ব নোৱাৰিলে। নৱাজ শ্বৰিফ নিজৰ কেৰিয়াৰত এখন মাত্ৰ প্ৰথম শ্ৰেণীৰ ক্ৰিকেট মেচ খেলিছিল। কেৰিয়াৰ এই একমাত্ৰ মেচখনতো নৱাজ শ্বৰিফ গ’ল্ডেন ডাকৰ সন্মুখীন হ’বলগীয়া হৈছিল।
জৱহৰলাল নেহৰু

আধুনিক ভাৰতৰ নিৰ্মাতা বুলি কোৱা দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱহৰলাল নেহৰু আছিল ক্ৰিকেট প্ৰিয় এগৰাকী ব্যক্তি। নেহৰুৱে সকলো সময়তে তেওঁৰ লগত ৰাখিছিল এখন বিশেষ ক্ৰিকেট বেট। অৱশ্যে নিজৰ এই ক্ৰিকেটৰ চখক প্ৰফচনেল ৰূপ দিবলৈ সমৰ্থ নহ’ল নেহৰু। লণ্ডনত অধ্যয়ন কৰি থকাৰ সময়ত নেহৰুৱে লৰ্ডছত গৈ ক্ৰিকেটৰ চখ পূৰণ কৰাৰ কৰিছিল যদিও ক্লাবত তেওঁ স্থান লাভ নকৰিলে। ক্ৰিকেটৰ চখিন এইগৰাকী ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে তেওঁৰ কাৰ্যকালত দিল্লীত অনুষ্ঠিত এক চেৰিটি মেচত নিজৰ প্ৰিয় বেটখন লৈ খেল পথাৰত নামিছিল। ৰাষ্ট্ৰপতি একাদশ আৰু লোকসভা একাদশৰ মাজত অনুষ্ঠিত হোৱা মেচখনত নেহৰুৱে লোকসভা একাদশৰ অধিনায়কৰ দায়িত্ব পালন কৰিছিল। প্ৰতিবছৰে অনুষ্ঠিত হোৱা এই মেচক নেহেৰুৱে ইমানেই গুৰুত্ব দিছিল যে ক্ৰিকেটৰ বাবে অনুপযোগী পোচাক পৰিধান কৰি কোনো সাংসদে খেলিবলৈ আহিলে তেওঁক নেহেৰুৱে দলৰ পৰাই বাদ দিছিল। ক্ৰিকেটৰ প্ৰতি ভালপোৱা থাকিলেও বা নিজকে এজন ক্ৰিকেটাৰ হিচাপে গঢ়িবলৈ চেষ্টা কৰিছিল যদিও নেহেৰুক ক্ৰিকেটাৰ প্ৰধানমন্ত্ৰী আখ্যা দিব নোৱাৰি। তাৰ বিপৰীতে নেহেৰুক এজন ক্ৰিকেট প্ৰিয় প্ৰধানমন্ত্ৰী বুলিহে ক’ব পাৰি।