অলিম্পিয়াৰ প্ৰতিবেদন
বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়াম মোটেৰাত ২০২১ চনৰ জানুৱাৰী মাহত ভাৰত আৰু ইংলেণ্ডৰ মাজত দিবা-নৈশ টেষ্ট ক্ৰিকেট অনুষ্ঠিত হ’ব। এই কথা বিচিচিআইৰ অধ্যক্ষ সৌৰভ গাংগুলীয়ে সৌৰভ গাংগুলীয়ে কালি ৰাজহুৱা কৰিছে।
আগন্তুক বৰ্ষৰ প্ৰথম মাহতে অৰ্থাৎ জানুৱাৰিৰ পৰা মাৰ্চলৈ ইংলেণ্ড ক্ৰিকেট দলে পাঁচখন টেষ্ট আৰু সীমিত অভাৰৰ খেলৰ বাবে ভাৰত ভ্ৰমণ কৰিব আহিব। ইয়াৰ পূৰ্বে আকৌ ভাৰতে অষ্ট্ৰেলিয়াৰ লগত টেষ্ট আৰু সীমিত অভাৰৰ শৃংখলাত অংশগ্ৰহণ কৰিব।
উল্লেখ্য যে চলিত বৰ্ষৰ প্ৰথমভাগতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰত ভ্ৰমণ কৰাৰ সময়ত নৰেন্দ্ৰ মোদী চৰকাৰে নমস্তে ট্ৰাম্প অনুষ্ঠান অনুষ্ঠিত কৰি ট্ৰাম্পক আদৰণি জনোৱাৰ লগতে তেওঁৰ জড়িয়তেই ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভাৱে মোটেৰা ষ্টেডিয়ামখন মুকলি কৰিছিল।