Friday, September 30, 2022
HomeNewsবিশ্বৰ সৰ্বোচ্চ গিৰিপথ উম-লিং-লা (১৯,০২৪ ফুট) লৈ ‘এক্সপ্ল'ৰাৰ্ছ’ৰ সফল বাইক অভিযান

বিশ্বৰ সৰ্বোচ্চ গিৰিপথ উম-লিং-লা (১৯,০২৪ ফুট) লৈ ‘এক্সপ্ল’ৰাৰ্ছ’ৰ সফল বাইক অভিযান

বিশ্বৰ সৰ্বোচ্চ গিৰিপথ উম-লিং-লা (১৯,০২৪ ফুট) লৈ ‘এক্সপ্ল’ৰাৰ্ছ’ৰ সফল বাইক অভিযান

অলিম্পিয়া প্ৰতিবেদন:   বৰ্তমান বিশ্বৰ সৰ্বোচ্চ গাড়ী যাব পৰা পথ ১৮,৩৭৯ ফুট উচ্চতাৰ খাৰ-ডুং-লা নহয় । ২০২১ চনৰ ২৯ ডিচেম্বৰৰ দিনা দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে লাডাখ-হিমালয়ত উদ্বোধন কৰা ১৯,০২৪ ফুট উচ্চতাৰ উম-লিং-লাহে হৈছে বিশ্বৰ সৰ্বোচ্চ গাড়ী যাব পৰা গিৰি সংকট । ভাৰতীয় সেনাই নিৰ্মাণ কৰা এই
গিৰি সংকটে ইতিমধ্যে ব্যাপক কৌতূহলৰ সৃষ্টি কৰিছে । এই সু-উচ্চ গিৰি সংকটলৈ অভিযান চলাই গুৱাহাটীলৈ ঘূৰি আহিছে দুঃসাহসিক ক্রীড়া সংগঠন এক্সপ্ল’ৰাৰ্ছৰ ৫ জনীয়া বাইক ৰাইডাৰৰ এটা দল ।

বাইক ৰাইডাৰ উজ্জ্বল বৰাৰ নেতৃত্বত যোৱা দলটোৱে যোৱা ৯ আগষ্টত গুৱাহাটীৰ পৰা যাত্ৰা আৰম্ভ কৰি মুঠ ৩৪ দিনত এই অভিযান সম্পন্ন কৰে । মটৰ চাইকেল আৰোহীৰ দলটোৱে এই যাত্ৰাপথত উম-লিং- লা, খাৰ-ডুং-লাৰ উপৰি বিশ্বৰ ৬ ষ্ঠ সর্বোচ্চ গাড়ী যাব পৰা গিৰি পথ ফটিলা, জজিলা গিৰি সংকট আদিও অতিক্ৰম কৰে । প্ৰচণ্ড শীত আৰু দুৰ্গম পথৰ বাবে বহু প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ পিছতো দলটোৱে পিছুৱাই নাহি অভিযান সম্পন্ন কৰে ।

বিশ্বৰ সৰ্বোচ্চ যুদ্ধক্ষেত্ৰ চিয়াচেনৰ বেছ কেম্পৰ লগতে ২য় শীতার্ত ঠাই ড্ৰাছ, কার্গিল আদিও অতিক্রম কৰে । বহু ভয়াৱহ অভিজ্ঞতাৰ সন্মুখীন হোৱা দলটোৱে এই অভিযানকালত ৬ হেজাৰ কিলোমিটাৰৰো অধিক পথ অতিক্ৰম কৰে । অভিযানত দলটোৱে অতি দুর্গম ঝাস্কাৰ উপত্যকাৰ লগতে লাডাখ-হিমালয়ৰ আন কেইবাটাও আওহতীয়া এলেকা বাইকেৰে পৰিভ্ৰমণ কৰে ।

উজ্জ্বল বৰাৰ উপৰিও দলটোৰ আন সদস্যসকল আছিল — ছিৰাক্স কাহান, অভিলাষ শৰ্মা, উপমন্যু বৰদলৈ আৰু তপন দে’ । যাত্ৰাপথত দুৰ্ঘটনাৰ বাবে দলটোৱে কেতবোৰ সমস্যাৰ সন্মুখীন হৈছিল যদিও এই প্ৰত্যাহ্বানসমূহ তেওঁলোকে সফলতাৰে অতিক্ৰম কৰে । বৃহস্পতিবাৰে এখন
সংবাদমেলত এই অভিযান সন্দৰ্ভত দলটোৰ সদস্যসকলৰ উপৰিও দুঃসাহসিক ক্ৰীড়া সংগঠন এক্সপ্ল’ৰাৰ্ছৰ কাৰ্যকৰী সভাপতি প্ৰণয় বৰদলৈয়েও জানিবলৈ দিয়ে । সংবাদমেলত এক্সপ্ল’ৰাৰ্ছৰ সভাপতি ৰাজীৱ প্ৰকাশ বৰুৱা আৰু সাধাৰণ সম্পাদক- এভাৰেষ্ট আৰোহী নন্দ দুলাল দাসেও অংশগ্ৰহণ কৰে ৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

5 × 5 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments