Friday, September 30, 2022
HomeNewsবিশ্ব কাপৰ পাছত কিং কোহলিয়ে ল'ব অৱসৰ ! এই বৃহৎ ভৱিষ্যতবাণী কৰিলে...

বিশ্ব কাপৰ পাছত কিং কোহলিয়ে ল’ব অৱসৰ ! এই বৃহৎ ভৱিষ্যতবাণী কৰিলে কোনে ?

অলিম্পিয়া প্ৰতিবেদন

বিশ্ব কাপৰ পাছত কিং কোহলিয়ে ল’ব অৱসৰ ! এই বৃহৎ ভৱিষ্যতবাণী কৰিলে কোনে ? চাওক এই প্ৰতিবেদন —-

প্ৰায় দুবছৰে ফৰ্মহীনতাত ভোগা বিৰাট কোহলি এছিয়া কাপত পুনৰ ফৰ্মলৈ প্ৰত্যাৱৰ্তন কৰিলে । শতকীয় ইংনিছ খেলি কিং কোহলিয়ে তাকেই যেন প্ৰমাণ কৰিলে । কিন্তু ফৰ্মলৈ ঘূৰি অহা বিৰাটে সঁচাকৈ ল’ব নেকি অৱসৰৰ সিদ্ধান্ত ?

প্ৰকৃততে এই বৃহৎ ভৱিষ্যত বাণী কৰিছে পাকিস্তানী প্ৰাক্তন পেচাৰ ছোৱেইব আখতাৰে । তেওঁ কৈছে যে, কোহলিয়ে টি -২০ বিশ্বকাপৰ পিছত খেলৰ আটাইতকৈ চুটি ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা কৰিব পাৰে । লগতে আখতাৰে কয় যে কোহলিয়ে তেওঁৰ টেষ্ট আৰু এদিনীয়া কেৰিয়াৰ দীঘলীয়া কৰিব বিচাৰে । গতিকে তেওঁ টি -২০ ৰ পৰা অৱসৰ ল’ব পাৰে ।

“যদিহে মই তেওঁৰ ঠাইত থাকো, মই অন্তত সেইটো কৰিম”—- এইদৰে নিজৰ উদ্ধৃতি দি বিৰাটৰ অৱসৰ প্ৰসংগত মন্তব্য কৰিছে ছোৱেইৱ আখতাৰে ।

ছোৱেইব আখতাৰে এই ভাষ্য আগবঢ়োৱাৰ পূৰ্বে শ্বাহিদ আফ্ৰিদিয়ে কৈছিল যে কোহলিয়ে ভাল ফৰ্মত থাকিলে অৱসৰ লোৱা উচিত । এই মন্তব্যৰ পাছতে ক্ৰিকেট বিশ্বত সুত্রপাত হৈছিল বিৰ্তকৰ ।

উল্লেখযোগ্য যে, ২০১৯ চনৰ পাছত কোহলিয়ে এছিয়া কাপত শতকৰ মুখ দেখিলে । লগতে তেওঁৰ কেৰিয়াৰৰ ৭১ সংখ্যক শতক অৰ্জনেৰে গঢ়িলে এক অভিলেখো । কোহলিয়ে সদ্যসমাপ্ত এছিয়া কাপৰ ৫ খন খেলত ২৭৬ ৰাণ সংগ্ৰহ কৰিছে ।

পুনৰ দুৰ্দান্ত ফৰ্মত থকা বিৰাটে টি -২০ ৰ পৰা সঁচাকৈ ল’ব নেকি অৱসৰ ? ছোৱেইব আখটাৰৰ ভৱিষ্যত বাণী কিমান দূৰ হ’ব সচা ? সেয়া সময়ত হ’ব প্ৰতীয়মান ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

1 × 4 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments