অলিম্পিয়া প্রতিবেদন
শনিবাৰে বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো বিশ্ব ক্ৰীড়া সাংবাদিক দিৱস পালন কৰা হয় । অসমত থকা ক্ৰীড়া সাংবাদিক সংগঠনসমূহে দিন জোৰা কাৰ্য্যসূচীৰে পালন কৰে ক্ৰীড়া সাংবাদিকৰ এই বিশেষ দিনটো । অসম ক্ৰীড়া সাংবাদিক কল্যাণ সন্থা, অসম ইলেক্ট্ৰনিক মিডিয়া স্পৰ্টছ জাৰ্ণেলিষ্ট এছোছিয়েছনে
আজি ৰাজ্যজুৰি বিশ্ব ক্ৰীড়া সাংবাদিক দিৱস পালন কৰে । অসম ইলেক্ট্ৰনিক মিডিয়া স্পৰ্টছ জাৰ্ণেলিষ্ট আৰু ক্ৰীড়া সাংবাদিক কল্যাণ সন্থাই যুটীয়া ভাৱে পালন কৰে এই বিশেষ দিনটো । জ্যেষ্ঠ সাংবাদিক উদয় বৰগোহাঁইৰ সভাপতিত্বত দিছপুৰ প্ৰেছ ক্লাবত আয়োজন কৰা অনুষ্ঠানত অসম ফুটবল সন্থাৰ সাঃ সম্পাদক হেমেন্দ্ৰ নাথ ব্ৰহ্মক সম্বৰ্ধনা জনোৱাৰ লগতে দেৱস্মিতা কাশ্যপ,ফাৰমান আলি আৰু জেচিকা বসুমতাৰী আদি অসমৰ ৰ’য়িঙৰ প্ৰতিভাৱান খেলুৱৈক সম্বৰ্ধনা জনোৱা হয় । অসম ক্ৰীড়া সাংবাদিক কল্যাণ সন্থাৰ মুখ্য উপদেষ্টা উদয় বৰগোঁহাই, সভাপতি পুলিন সাহা আৰু সম্পাদক পবিত্ৰ গগৈ, ইলেক্ট্ৰনিক মিডিয়াৰ সভাপতি জয়ন্ত দাস,সা সম্পাদক বিপুল বৰ্মনে বিশ্ব ক্ৰীড়া সাংবাদিক দিৱস উপলক্ষ্যে ৰাজ্যৰ সকলো সাংবাদিককে অভিনন্দন জনায় ।