Thursday, July 7, 2022
HomeNewsবিশ্ব চাইকেল দিৱসত দ্বিচক্ৰযানৰ সুদীৰ্ঘ পৰিক্ৰমা

বিশ্ব চাইকেল দিৱসত দ্বিচক্ৰযানৰ সুদীৰ্ঘ পৰিক্ৰমা

বিশ্ব চাইকেল দিৱসত দ্বিচক্ৰযানৰ সুদীৰ্ঘ পৰিক্ৰমা

অলিম্পিয়া প্ৰতিবেদন: প্ৰত্যক ব্যক্তিৰেই চাইকেলক লৈ আছে এক অনন্য আৱেগ । সেয়া সৰু ল’ৰা-ছোৱালীয়েই হ‌ওক বা ৮০ ৰ ঊৰ্ধ্বৰ কোনোবা বয়োজ্যেষ্ঠ‌ই হ‌ওক । ‘পেডেল মাৰি মাৰি- মাৰি মাৰি অ’ ভণ্টী চাইকেল চলাই যাওঁ….‘ বুলি কোন অসমীয়াই গুণগুণাই পোৱা নাই ? কোন অসমীয়াই চাইকেলৰ টিলিঙাটো বজাই মহানন্দ মজুমদাৰ বৰুৱাৰ কণ্ঠত ‘বোৱাৰী’ চলচ্চিত্ৰত বিজু ফুকনৰ মুখত থকা সেই “মন হীৰা দৈ..” গুণগুণাই উঠা নাই ?

আৰু অধিক পঢ়ক

আপোনাৰ, মোৰ, আমাৰ প্ৰিয় এই চাইকেলখন তৈয়াৰ হৈছিল আজিৰ পৰা প্ৰায় দুশবছৰ আগতেই । সেই সময়ৰ পৰিবহন ব্যৱস্থালৈ এক যুগান্তকাৰী পৰিবৰ্তন কঢ়িয়াই আনিছিল এই চাইকেলখনে । কাৰণ চাইকেলে সময় ৰাহি কৰাৰ উপৰি ইন্ধন, ইন্ধনৰ বাবে প্ৰয়োজনীয় অৰ্থ দুয়োটাৰে ৰাহি কৰিছিল । দুটা চকা, পেডেল, বহিবলৈ এটা ছীট আৰু কেইডালমান লোহাৰ ষ্টীলৰ পাইপৰ লগতে আনুসংগিক কিছু সামগ্ৰীৰ সংমিশ্ৰণত সৃষ্টি হোৱা চাইকেলৰ নাই প্ৰদূষণ কৰাৰ ক্ষমতা‌ ।

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

মানুহৰ স্বাস্থ্য ভালে ৰখা, স্বাস্থ্যৰ বাবে উপযোগিতা, সৰল প্ৰক্ৰিয়া, প্ৰদূষণ মুক্ত আদি অনেক বৈশিষ্ট্যৰ বাবে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ২০১৮ চনৰ আজিৰ দিনটোতে অৰ্থাৎ ৩ জুন তাৰিখটো আন্তঃৰাষ্ট্ৰীয় চাইকেল দিৱস হিচাপে পালন কৰাৰ কথা ঘোষণা কৰিছিল । অত্যাধুনিক দুচকীয়া, চাৰিচকীয়া বাহন আদি সুলভ হ’লেও বৰ্তমান সময়ত ক্ৰমবৰ্ধিত যান-জঁটৰ সমস্যা, বায়ু প্ৰদূষণ, শাৰীৰিক দুৰ্বলতা আদি অনেক কাৰকৰ বাবে এই চাইকেলখনৰ হেৰুৱা মৰ্যাদা পুনৰ ঘূৰি আহিছে ।

 নতুন প্ৰজন্মই চাইকেলখনৰ পৰিবৰ্তে বিলাসী দুচকীয়া বাইক, বা চাৰিচকীয়া বাহনৰ প্ৰতিহে বেছি আকৰ্ষিত

চাইকেলখনৰ মৰ্যাদা হেৰুওৱা বুলি এইবাবেই কোৱা হৈছে যে আজিৰ নতুন প্ৰজন্মই চাইকেলখনৰ পৰিবৰ্তে বিলাসী দুচকীয়া বাইক, স্কুটি বা চাৰিচকীয়া বাহনৰ প্ৰতিহে বেছি আকৰ্ষিত । অত্যাধিক বিলাসিতাই চাইকেলখনক ক্ৰমান্বয়ে এলাগী কৰি আহিছিল । অৱশ্যে যিসকলে চাইকেলৰ প্ৰকৃত মহত্ব বুজি পাইছিল তেওঁলোকৰ বাবে চাইকেল সদায়েই special আছিল ।

১৮১৭ চনৰ জাৰ্মানীৰ কথা আছিল সেয়া । জাৰ্মানীৰ অভিযন্তা বেৰ’ণ কাৰ্ল ভ’ন ড্ৰেইছে সম্পূৰ্ণ কাঠেৰে বিশ্বৰ প্ৰথমখন চাইকেল তৈয়াৰ কৰি উলিয়াইছিল । এই চাইকেলখনেই পৰবৰ্তী সময়ত বিভিন্ন ৰূপত নতুনত্বৰ মাজেৰে আধুনিক ৰূপ লাভ কৰিছে । আজিও চাইকেলখনক লৈ চলি আছে নতুন নতুন সম্পৰীক্ষা । ১৮১৭ চনত জাৰ্মানীত তৈয়াৰ কৰি উলিওৱা এই কাঠৰ চাইকেলখনৰ নাম আছিল ‘ডাণ্ডী হ’ৰ্ছ‘ ।

যাক জাৰ্মানৰ মেনহেইম আৰু পেৰিছত প্ৰদৰ্শন কৰা হৈছিল । অৱশ্যে চাইকেলখনত নাছিল কোনোধৰণৰ পেডেল মৰাৰ ব্যৱস্থা । এই চাইকেলখনৰ চকাৰ ওপৰত থকা কাঠত বহি চালকজনে দুভৰিৰে আগলৈ ঠেলিবলগীয়া হৈছিল । যাৰ বাবে চালকজন কিছু মুহূৰ্ততে ভাগৰি পৰিছিল । জাৰ্মানীৰ অভিযন্তা ড্ৰেইছে তৈয়াৰ কৰা এই চাইকেলখনৰ অসুবিধা আঁতৰ কৰিছিল আকৌ স্ক’টলেণ্ডৰ কিৰ্কপেট্ৰিকে ।

পেডেল বিহীন চাইকেলখন লৈ পৰিভ্ৰমণ কৰা লোকসকলক পৰ্যবেক্ষণ কৰি কিৰ্কপেট্ৰিকে উপলব্ধি কৰিলে — এই চাইকেলখন চলোৱাৰ ক্ষেত্ৰত থকা অসুবিধাসমূহ । যাৰ বাবে নিজেই অশেষ প্ৰচেষ্টাৰ অন্তত আবিষ্কাৰ কৰে পেডেল । ১৮১৭ চনত জাৰ্মানীত আবিস্কাৰ হোৱা চাইকেলে ১৮৩৯ চনত নতুন ৰূপ লৈছিল স্ক’টলেণ্ডত কিৰ্কপেট্ৰিকৰ হাতত । কিৰ্কপেট্ৰিকে কেৱল পেডেলেই নহয়, ষ্টেৰিঙৰো সংযোগ কৰিছিল । চাইকেলখনক শক্তিশালী কৰিবলৈ কাঠৰ পৰিবৰ্তে লোহাৰ ব্যৱহাৰ কৰিছিল ।

ইয়াৰ পিছত চাইকেলক লৈ নতুন নতুন সম্পৰীক্ষা চলি থাকিল । চাইকেলৰ চকালৈ ৰবৰৰ টায়াৰ, টিউবৰ আগমন ঘটিল; কাঠ, লোহা আদিৰ ঠাইত সম্পূৰ্ণ ধাতু অৰ্থাৎ ষ্টীলৰ ব্যৱহাৰ হ’ল । অৱশ্যে চাইকেলক লৈ থকা বিভিন্ন জটিলতাৰ তেতিয়াও শেষ হোৱা নাছিল । ১৮৭০ চন মানৰ পৰা ৮০ চনলৈ প্ৰায় ১০ বছৰ কাল আমেৰিকা যুক্তৰাষ্ট্ৰত চাইকেল জনপ্ৰিয় হৈ পৰিছিল যদিও সমান্তৰালভাৱে চাইকেলক লৈ বিভিন্ন আহুকালৰো সৃষ্টি হৈছিল ।

কিয়নো এই চাইকেলখনৰ আগফালৰ চকাটো ডাঙৰ আৰু পিছফালৰটো সৰু হোৱাৰ লগতে চাইকেলৰ আগ চকাত পেডেল থকাৰ বাবেই অত্যাধিক দুৰ্ঘটনা সংঘটিত হৈছিল । এখন সৰল আৰু সুৰক্ষিত চাইকেলৰ বাবে তেতিয়াও বিশ্ববাসী বৰ আশাৰে ৰৈ আছিল আৰু এই জটিলতাক আঁতৰ কৰিবলৈ ষ্টাৰল ব্যস্ত হৈ পৰিছিল।

যাৰ পৰিণতিত ১৮৯০ চনত জে. কে ষ্টাৰলৰ ঐকান্তিক প্ৰচেষ্টাত বিশ্বৰ প্ৰথমখন আৰামদায়ক চাইকেল ‘দ্যা ৰ’ভাৰ ছেফটী’ নিৰ্মাণ কৰি উলিয়াইছিল । এই নতুন, সৰল আৰু সুৰক্ষিত চাইকেলখনৰ বৈশিষ্ট্য আছিল ইয়াৰ পেডেল আৰু চকা। কাৰণ এই চাইকেলখনৰ পিছৰ চকাত হে পেডেল আছিল আৰু দুয়োটা চকা প্ৰায় সমান আছিল ।

ইয়াৰ পিছত ক্ৰমান্বয়ে চাইকেলে নতুন-নতুন ৰূপ লৈ, নতুন-নতুন সমাজৰ, নতুন-নতুন মানুহৰ মাজলৈ সোমাই গ’ল । ১৮১৭ চনৰ কাঠৰ চাইকেলৰ পৰা ক্ৰমবিকাশ হৈ হৈ চাইকেলে আজিৰ আধুনিক ৰূপ লৈছেহি । কেৱল পৰিবহনৰ মাধ্যমতে সীমাবদ্ধ হৈ নাথাকি চাইকেলে ক্ৰীড়াৰ মাজলৈয়ো গতি কৰিলে ।

চাইকেলক লৈ আজিও নতুন নতুন সম্পৰীক্ষা চলি আছে । আধুনিক প্ৰযুক্তি চাইকেলত ব্যৱহাৰ কৰা হৈছে । চাইকেলৰ যাত্ৰা আৰামদায়ক কৰিবলৈ চেষ্টা কৰা হৈছে । চহৰাঞ্চলত বাঢ়ি অহা যান-জঁটৰ সমস্যা, প্ৰদূষণৰ সমস্যা, শাৰীৰিক অসুস্থতা আদি অনেক দিশত চাইকেলৰ যি যোগাত্মক প্ৰভাৱ আছে সেয়া অনুভৱ কৰিয়েই আজিৰ বহু মানুহে পুনৰ এই চাইকেলখনক ব্যৱহাৰ কৰিবলৈ আগবাঢ়িছে ।

বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰত চাইকেলৰ সমাদৰ বৃদ্ধি পাইছে। www.gadi.com নামৰ এক ৱেবচাইটত প্ৰকাশিত তথ্য অনুসৰি চাইকেল ব্যৱহাৰৰ ক্ষেত্ৰত নেদাৰলেণ্ড প্ৰথম স্থানত আছে । দেশখনৰ ৰাজধানী চহৰ আমষ্টাৰডামত ৫০০ কিলোমিটাৰৰ কেৱল চাইকেল লেণ্ড‌ই আছে । বিশ্বৰ বিভিন্ন প্ৰান্তৰ চাইক্লিষ্টসকলৰ বাবে নেদাৰলেণ্ড অতি প্ৰিয় । আনহাতে এই তালিকাত দ্বিতীয় স্থানত আছে ডেনমাৰ্ক ।

তথ্য মতে ২০১২ চনত ডেনমাৰ্কত ৪০ শতাংশ লোকে চাইকেল ব্যৱহাৰ কৰিছিল আৰু এই সংখ্যা ২০১৬ চনত ৫০ শতাংশলৈ বৃদ্ধি হৈছে। gadi.com ৰ তথ্য ‍অনুসৰি চাইকেল ব্যৱহাৰৰ তৃতীয়, চতুৰ্থ, পঞ্চম, ষষ্ঠ, সপ্তম আৰু অষ্টম স্থানত আছে ক্ৰমে জাৰ্মানী, ছুইডেন, ফিনলেণ্ড, চীন, ছুইজাৰলেণ্ড আৰু বেলজিয়াম । মন কৰিবলগীয়া যে চাইকেল উৎপাদনৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ দ্বিতীয় স্থানত আছে যদিও চাইকেল ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত বহু পিছ পৰি আছে । চাইকেলৰ বিশ্ব বজাৰখনত ভাৰতে ৪০ শতাংশ দখল কৰি আছে ।

দিনে দিনে চাইকেলৰ প্ৰয়োজনীয়তা পুনৰ বৃদ্ধি হৈছে । প্ৰতিদিনে একঘণ্টা চাইকেল চলালে শৰীৰত ৰোগে থিতাপি ল’ব নোৱাৰে বুলি চিকিৎসকে কয় । ইয়াৰ উপৰি চাইকেলৰ যোগাত্মক দিশবোৰৰ তুলনাত বিয়োগাত্মক দিশ শূন্য হোৱাৰ বাবেই চাইকেল বহুতৰে প্ৰিয় আছিল আৰু আগলৈয়ো প্ৰিয় হৈ ৰ’ব । নতুন প্ৰজন্মৰ মাজত যদিও পুৰণি চাইকেলৰ আদৰ নাই তথাপি নতুন ৰূপত, আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে যি নতুন চাইকেল আহিছে সেই চাইকেলে নতুন প্ৰজন্মক আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে ।

কথাটো ঠিক এনেকুৱা দেউতাকৰ প্ৰিয় মহানন্দ মজুমদাৰৰ কণ্ঠৰ

“মন হীৰা দৈ চাইকেল নহয় টিলিঙা”

আৰু

সন্তানৰ প্ৰিয় বাবুৰ

“পেডেল মাৰি মাৰি

মাৰি মাৰি

চাইকেল চলাই যাওঁ

পদূলি এৰি এৰি

এৰি এৰি

অ’ ভণ্টী তোমাৰে ঘৰ পাওঁ ।”

দুটা ভিন্ন সময়ৰ দুজন ভিন্ন অসমীয়া শিল্পীৰ দুটা ভিন্ন গীত। অথচ দুয়োটাৰে মূল আকৰ্ষণ কিন্তু একেই, ‘চাইকেল’ ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

three + 12 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments