Tuesday, October 4, 2022
HomeNewsবিশ্ব টাইকোৱানডো চেম্পিয়নশ্বিপৰ বাবে বাছনি প্ৰক্ৰিয়া

বিশ্ব টাইকোৱানডো চেম্পিয়নশ্বিপৰ বাবে বাছনি প্ৰক্ৰিয়া

বিশ্ব টাইকোৱানডো চেম্পিয়নশ্বিপৰ বাবে বাছনি প্ৰক্ৰিয়া

গুৱাহাটীত প্ৰথম ৰাউণ্ডৰ খেল

অলিম্পিয়া প্ৰতিবেদন: দেশভক্ত তৰুণৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত প্ৰথম অপেন নৰ্থ ইষ্ট টাইকোৱানডো “চেম্পিয়ন অৱ চেম্পিয়নছ” । লক্ষ্য বিশ্ব চেম্পিয়নশ্বিপ । নাছিকত হ’ব ফাইনেল ।

ইণ্ডিয়া টাইকোৱানডোৰ উদ্যোগত ভাৰতৰ ৬ খন চহৰত অনুষ্ঠিত হৈছে টাইকোৱানডো প্ৰতিযোগিতা “চেম্পিয়ন অৱ চেম্পিয়নছ ” । ছত্তিশগড়, চেন্নাই , গুৱাহাটী আদি চহৰত অনুষ্ঠিত হৈছে এই প্ৰতিযোগিতা । বিশ্ব চেম্পিয়নশ্বিপৰ বাছনি প্ৰক্ৰিয়াৰ বাবে প্ৰথম ৰাউণ্ডৰ খেলসমূহ অনুষ্ঠিত হৈছে এই চহৰসমূহত । যিসকলে প্ৰথম ৰাউণ্ডত স্বৰ্ণ আৰু ৰূপ জয় কৰিব তেওঁলোকে নাছিকত হ’বলগা ফাইনেলত অৱতীৰ্ণ হ’ব ।

আনহাতে, নাছিকত যিসকলে স্বৰ্ণজয় কৰিব তেওঁলোকে মেক্সিকোত হ’ব লগা বিশ্ব টাইকোৱানডো চেম্পিয়নশ্বিপলৈ বাছনি লাভ কৰিব । সোমবাৰৰ পৰা দুদিনীয়াকৈ অসম টাইকোৱানডো সন্থাৰ উদ্যোগত গুৱাহাটীৰ ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ দেশভক্ত তৰুণ ৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত হৈছে প্ৰথম ৰাউণ্ডৰ খেল ।

প্ৰথম ৰাউণ্ডৰ খেলক লৈ অসম টাইকোৱানডো সন্থা যথেষ্ট সক্ৰিয় । উপযুক্ত খেলুৱৈয়ে যাতে ফাইনেললৈ বাছনি লাভ কৰিব পাৰে তাক নিৰিক্ষণ কৰিছে অসম টাইকোৱানডো সন্থাই । ইফালে, প্ৰথম ৰাউণ্ডৰ খেল পৰ্যবেক্ষণ কৰিবলৈ অসমলৈ আহিছে বিশ্ব টাইকোৱানডোৰ ভাৰতৰ সম্বন্বয়ক । অসমলৈ আহি আনন্দিত তেওঁ । অসমৰ খেলুৱৈৰ প্ৰতিভাত আপ্লুত ভাৰতৰ সমন্বয়ক গৰাকী —

উল্লেখযোগ্য যে, এই প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিল অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সঞ্চালক নিবেদন দাস পাটোৱাৰী , ৰাজীৱ প্ৰকাশ বৰুৱাৰ লগতে টাইকোৱানডোৰ অনুৰাগী ।

ক্ৰীড়া অনুৰাগীৰ আশা —- গুৱাহাটীত ‘চেম্পিয়ন অৱ চেম্পিয়নছ ” সফলতাৰে ৰূপায়ণ হওক । নাছিকৰ ফাইনেল ৰাউণ্ডলৈ উন্নীত হওক অসমৰ যোগ্য টাইকোৱানডো খেলুৱৈ । বিশ্ব টাইকোৱানডোত জিলিকক অসমৰ নাম ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

3 × three =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments