Friday, September 30, 2022
HomeNewsবিশ্ব টেবুল টেনিছৰ ভাৰতীয় দলত অসমৰ প্ৰিয়ানুজ ভট্টাচার্য

বিশ্ব টেবুল টেনিছৰ ভাৰতীয় দলত অসমৰ প্ৰিয়ানুজ ভট্টাচার্য

অলিম্পিয়া প্ৰতিবেদন

বিশ্ব টেবুল টেনিছ য়ুথ কনটেণ্ডাৰৰ বাবে ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিব অসমৰ প্ৰতিভা সম্পন্ন পেডলাৰ প্ৰিয়ানুজ ভট্টাচাৰ্যই । অষ্ট্ৰিয়াৰ লিঞ্জত অহা ২৭ এপ্রিলৰ পৰা ৬ মে’লৈ হ’ব এই টুৰ্ণামেন্টখন । প্ৰিয়ানুজসহ ভাৰতীয় দলটো সোমবাৰে দিল্লীৰ পৰা অষ্ট্ৰিয়ালৈ ৰাওনা হয় । প্ৰিয়ানুজ ভাৰতীয় দলত নিৰ্বাচিত হোৱাৰ বাবে অসম টেবুল টেনিছ সন্থাৰ সভাপতি পীযুষ হাজৰিকা, সম্পাদক ত্ৰিদিপ দুৱৰাকে ধৰি সন্থাৰ বিষয় ববীয়া সকলে অভিনন্দন জনাইছে । বৰ্তমান দিল্লীত নৱম শ্ৰেণীত অধ্যয়ন কৰি থকা প্ৰিয়ানুজ হ’ল গুৱাহাটীৰ বাস্কেটবল প্ৰশিক্ষক ভৱজ্যোতি ভট্টাচার্য আৰু প্ৰাক্তন ৰাষ্ট্ৰীয় বাস্কেটবল খেলুৱৈ দীপশিখা দত্ত ভট্টাচার্যৰ পুত্ৰ । ভাৰতীয় যুৱ টেবুল টেনিছ দলটোক প্ৰেৰণ কৰিছে ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ অৰ্থাৎ ছাই-এ ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

3 × 2 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments