বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত উপনীত হবলৈ ভাৰতৰ পথ অতি সুগম হৈ আছে। বৰ্তমান ৭১.৭ পইণ্টেৰে ভাৰত তালিকাৰ শীৰ্ষত আছে। শেহতীয়াকৈ ক্ৰিকেট অষ্ট্ৰেলিয়াই কৰ’না মহামাৰীৰ বাবে স্বাস্থ্য সচেতনতাৰ দোহাই দি দক্ষিণ আফ্ৰিকা ভ্ৰমণ ৰদ কৰিছে। যাৰবাবে বিশ্ব চেম্পিয়নশ্বিপৰ ফাইনেলৰ বাবে ভাৰত আৰু ইংলেণ্ডৰ নাম চৰ্চালৈ আহিছে।
বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পইণ্ট তালিকাৰ দ্বিতীয় স্থানত আছে নিউজিলেণ্ড। দলটোৱে এতিয়ালৈকে সংগ্ৰহ কৰিছে ৭০ পইণ্ট। আনহাতে অষ্ট্ৰেলিয়ান দলটোৱে ৬৯.২ পইণ্টেৰে তালিকাৰ তৃতীয় স্থানত থকাৰ বিপৰীতে ইংলেণ্ডে ৬৮.৭ পইণ্ট লাভ কৰি আছে।
মনকৰিবলগীয়া যে আগন্তুক টেষ্ট শৃংখলাত ভাৰতে দুখন খেলত বিজয়ী হ’লে নিউজিলেণ্ডৰ লগত মুখামুখি হ’ব লাগিব। আনহাতে ইংলেণ্ড দলটোৱে তিনিখন টেষ্টত জয় হোৱাটো জৰুৰী হৈ পৰিব। এনে ক্ষেত্ৰত জুলাইত অনুষ্ঠিত হ’বলগীয়া বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত ভাৰতীয় দলটোৰ পথ সুগম হৈ পৰাৰ লগতে বিশ্ব চেম্পিয়নশ্বিপৰ খিতাপ ভাৰতেই জয় কৰিব বুলি ক্ৰিকেট বিশেষজ্ঞই দাবী কৰিছে।