অলিম্পিয়া প্ৰতিবেদন
নাম তেওঁৰ ৰমেশবাবু প্ৰজ্ঞানন্দ । ভাৰতৰ এগৰাকী বিস্ময় বালক । মাত্ৰ ১৬ বছৰীয়া এইগৰাকী দবাৰুৱে বিশ্বতে আলোড়ন সৃষ্টি কৰিবলৈ সক্ষম হৈছে । এইগৰাকী বিস্ময় বালকে চাৰি মাহৰ ভিতৰতে দ্বিতীয়বাৰৰ বাবে বিশ্বৰ ১ নং স্থানৰ দবা খেলুৱৈ মেগনাছ চাৰ্লছেনক পৰাস্ত কৰি সকলোকে চমকিত কৰিছে ।
অনলাইন ৰেপিড দবা প্রতিযোগিতাৰ চেজেবল মাষ্টাৰ্ছৰ পঞ্চম ৰাউণ্ডত চাৰ্লছেনক পৰাজিত কৰিছে প্ৰজ্ঞানন্দই । ইয়াৰ উপৰি তেওঁ প্রতিযোগিতাখনৰ নক আউটত প্ৰৱেশৰ আশাও সজীৱ কৰিছে ৷ তীব্র প্রতিদ্বন্দ্বিতাপূর্ণ মেচখন ড্ৰৰ দিশে গৈছিল যদিও মেচখনৰ ৪০ নং চালত চাৰ্লছেনে কৰা এটা ভুলৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি প্ৰজ্ঞানন্দই মেচখনত জয়লাভৰ বাট মুকলি কৰে ।
প্ৰতিযোগিতাখনত এতিয়ালৈ প্ৰজ্ঞানন্দই মুঠ ১২ পইণ্ট সংগ্ৰহ কৰিছে । মন কৰিবলগীয়া যে ইয়াৰ পূৰ্বে যোৱা ফেব্ৰুৱাৰী মাহত এয়াৰথিয় মাষ্টাৰ্ছত প্ৰথমবাৰৰ বাবে প্ৰজ্ঞানন্দই চাৰ্লছেনক পৰাস্ত কৰিছিল । প্ৰজ্ঞানন্দই মাত্ৰ ১৯ নং খেল খনতে বিশ্ব ক্ৰমৰ ১নং স্থানৰ খেলুৱৈ চাৰ্লছেনক পৰাস্ত কৰি চাঞ্চল্য সৃষ্টি কৰিছিল । কিন্তু কোন এই ১৬ বছৰীয়া কিশোৰ দবাৰু ৰমেশবাবু প্ৰজ্ঞানন্দ ?
২০০৫ চনব ১০ আগষ্টত জন্ম লাভ কৰা এই বিস্ময় বালকৰ পিতৃ ৰমেশবাবু হ’ল তামিলনাডুৰ ৰাজ্যিক কৰ্পৰেচন বেংকৰ ব্ৰাঞ্চ মেনেজাৰ আৰু মাতৃ নাগলক্ষ্মী এগৰাকী গৃহিণী । প্ৰজ্ঞানন্দৰ জ্যেষ্ঠা ভগ্নী বৈশালী ৰমেশবাবু মহিলাৰ গ্ৰেণ্ডমাষ্টাৰ ( জি এম ) আৰু ইণ্টাৰনেচনেল মাষ্টাৰ ( আই এম ) ।
চেন্নাইৰ এখন স্কুলত অধ্যয়ন কৰি থকা প্ৰজ্ঞানন্দই ২০১৩ চনত ৮ বছৰ অনূৰ্দ্ধ বিশ্ব য়ুথ দবা চেম্পিয়নশ্বিপত খিতাপ দখল কৰে । ৭ বছৰতে লাভ কৰে ফিডে মাষ্টাৰ খিতাপ । ২০১৫ চনত তেওঁ দখল কৰে ১০ বছৰ অনূৰ্দ্ধ বিশ্ব খিতাপ । ২০১৬ চনত ১০ বছৰ, ১০ মাহ, ১৯ দিনত তেওঁ দবা ইতিহাসত কনিষ্ঠতম আই এম হয় ।
প্ৰজ্ঞানন্দই ১২ বছৰ ১০ মাহ ১৩ দিনত জি এম হোৱা বিশ্বৰ দ্বিতীয়জন কনিষ্ঠ ব্যক্তি হয় । ছাৰ্গেই কাৰ্জাকিন জি এম হৈছিল ১২ বছৰ, ৭ মাহ, ১৩ দিনত । বৰ্তমান অৱশ্যে কনিষ্ঠতম জি এমৰ তালিকাত পঞ্চম স্থানত আছে প্ৰজ্ঞানন্দ । অভিমন্যু মিশ্ৰ, কাৰ্জাকিন, গণেশ ডি, জভখিৰ ছিণ্ডাৰভৰ পাছতে আছে প্ৰজ্ঞানন্দ । তেওঁৰ ফিডে ৰেটিং ২০২২ চনৰ মে’ লৈকে ২৬৪২ । কিম্বদন্তী দবাৰু বিশ্বনাথন আনন্দ আৰু হৰিকৃষ্ণৰ পাছত যি কোনো ফৰ্মেটত বিশ্ব চেম্পিয়নক পৰাস্ত কৰা প্ৰজ্ঞানন্দ হ’ল তৃতীয় গৰাকী ভাৰতীয় দবাৰু ।