অলিম্পিয়া প্ৰতিবেদন
‘এজোপা গছপুলি তুলি লওঁক’ শ্ল’গানেৰে ৫ জুন, দেওবাৰে বিশ্ব পৰিৱেশ দিৱস পালন কৰে অসমৰ অন্যতম অগ্ৰণী ক্ৰীড়া সংগঠন গুৱাহাটী ক্ৰীড়া সন্থাই ৷ মহানগৰীৰ আৰ জি বৰুৱা স্প’ৰ্টছ কমপ্লেক্সত আজি সন্থাই বিস্তৃত কাৰ্যসূচীৰে পৰিৱেশ দিৱস আয়োজন কৰে । ষ্টেডিয়াম চৌহদত ২০ জোপা গছপুলি ৰোপণ কৰাৰ লগতে ছাত্ৰ-ছাত্ৰী তথা আন বিভিন্নজনৰ মাজত ৫০০ গছপুলি বিতৰণ কৰা হয় ৷ সভাপতি পুলক গোস্বামীৰ আদৰণি ভাষণেৰে পুৱা ১০ বজাত আৰম্ভ হোৱা অনুষ্ঠানত অৰ্ধশতাধিক শিশুৱে পৰিৱেশ দিৱস সম্পৰ্কত নিৰ্ধাৰিত স্থানত চিত্ৰাংকন কৰে আৰু পৰিৱেশ ৰক্ষাৰ বাবে সজাগতা সৃষ্টিৰ প্ৰয়াস চলায় ৷ এই অনুষ্ঠানৰ জৰিয়তে আৰম্ভ কৰা পৰিৱেশ ৰক্ষাৰ প্ৰয়াস সন্থাই অব্যাহত ৰাখিব বুলি সাধাৰণ সম্পাদক ধ্ৰুৱজ্যোতি কলিতাই জনাইছে ৷ অনুষ্ঠানত সন্থাৰ সমূহ বিষয়ববীয়াৰ লগতে অসম হেণ্ডবল সন্থাৰ সভাপতি অমল নাৰায়ণ পাটোৱাৰী, অসম অলিম্পিক সন্থাৰ প্ৰণয় বৰদলৈ, কল্যাণ গগৈ, অসম কাৰাটে সন্থা, অসম খো খো সন্থা আদি ক্ৰীড়া সন্থাৰ প্ৰতিনিধি উপস্থিত থাকে ৷