Thursday, July 7, 2022
HomeNewsবিশ্ব পৰিৱেশ দিৱসত গছপুলি ৰোপণ কৰিব গুৱাহাটী ক্ৰীড়া সন্থাই

বিশ্ব পৰিৱেশ দিৱসত গছপুলি ৰোপণ কৰিব গুৱাহাটী ক্ৰীড়া সন্থাই

বিশ্ব পৰিৱেশ দিৱসত গছপুলি ৰোপণ কৰিব গুৱাহাটী ক্ৰীড়া সন্থাই

অলিম্পিয়া প্ৰতিবেদন: বিশ্ব পৰিৱেশ দিৱস উপলক্ষ্যে অহা ৫ জুন, দেওবাৰে আৰ জি বৰুৱা ক্ৰীড়া প্ৰকল্প, নেহৰু ষ্টেডিয়ামত দিনজোৰা বিশেষ কাৰ্যসূচী আয়োজন কৰিছে গুৱাহাটী ক্ৰীড়া সন্থা ( জি এছ এ )ই ৷ সন্থাই সেইদিনা খেলুৱৈ, অভিভাৱক তথা সৰ্বসাধাৰণৰ মাজত পৰিৱেশ সম্পৰ্কীয় বিষয়, গোলকীয় উষ্ণতা বৃদ্ধি আৰু এইসমূহ নিৰাময়ৰ উপায় সম্পৰ্কত সজাগতা সৃষ্টিৰ প্ৰয়াস চলাব ।

আৰু অধিক পঢ়ক

গুৱাহাটী ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক ধ্ৰুৱজ্যোতি কলিতাই এই কথা জনায় । তেওঁ কয় যে পৰিৱেশ সংৰক্ষণ সমাজৰ সকলো স্তৰৰ লোকৰ এক উমৈহতীয়া দায়িত্ব আৰু সেয়ে ক্ৰীড়া জগতৰো ইয়াত ভূমিকা আছে ৷ ইয়াৰ অংশ হিচাপে ‘এডপ্ট এ প্লান্ট’ মিছনৰ অধীনত আৰ জি বৰুৱা স্প’ৰ্টছ কমপ্লেক্সৰ লগতে গুৱাহাটীৰ বিভিন্ন ঠাইত গছ পুলি ৰোপণ কৰা হ’ব ৷

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

খেলুৱৈ, অভিভাৱক আৰু আন ক্ৰীড়া সন্থাৰ মাজত গছপুলিও বিতৰণ কৰা হ’ব বুলি তেওঁ কয় ৷ জি এছ এ এই অভিলাষী কাৰ্যসূচীৰ প্ৰতি ক্ৰীড়া জগতৰ সৈতে জড়িত সমাজৰ সকলো শ্ৰেণীৰ ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে সম্পাদকগৰাকীয়ে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

4 × 4 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments