পোলেণ্ডৰ কিলছত চলি থকা বিশ্ব যুৱ বক্সিং চেম্পিয়নশ্বিপত ভাৰতৰ যুৱ বক্সাৰে দাঙি ধৰিছে সুন্দৰ প্ৰদৰ্শন। প্ৰতিযোগিতাখনত বৰ্তমনালৈকে মুঠ ১১ গৰাকী ভাৰতীয় যুৱ বক্সাৰে পদক নিশ্চিত কৰিছে। পুৰুষ আৰু মহিলা উভয় শাখাতে ভাৰতীয় বক্সাৰসকলে দমনীয় প্ৰদৰ্শনৰ জড়িয়তে এই সফলতা লাভ কৰিবলৈ সক্ষম হৈছে।
প্ৰতিযোগিতাখনত মুঠ ৭ গৰাকী ভাৰতীয় বক্সাৰ ছেমি ফাইনেললৈ উন্নীত হৈছে। মহিলাৰ ৫১ কেজি শাখাত মণিপুৰৰ বেবীৰজীচানা চানু, ৬৯ কেজি শাখাত অৰুন্ধতি চৌধুৰী, ৭৫ কেজি শাখাত ছানামচা চানু, পুৰুষৰ ৬৪ কেজি শাখাত অংকিত নৰৱাল, ৯১ কেজি শাখাত বিশাল গুপ্তা, ৪৯ কেজি শাখাত বিশ্বামিত্ৰ চোথম আৰু ৫৬ কেজি শাখাত শচীনে কোৱাৰ্টাৰ ফাইনেলত জয় লাভ কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে।
ইয়াৰ উপৰিও ভিংকা, আলফিয়া, গীতিকা আৰু পুনমে ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে।